Morning Headline: ১ মিনিটতে পঢ়ক পুৱাৰ বহুকেইটা খবৰ
আজি ১৬ নৱেম্বৰ দেওবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

আজি ১৬ নৱেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
- আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। প্ৰতি বছৰে ১৬ নৱেম্বৰৰ দিনটোত সমগ্ৰ দেশত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৰূপে পালন কৰা হয়। আজিৰ দিনটোতে প্ৰেছ কাউন্সিল অৱ ইণ্ডিয়াই এক নৈতিক প্ৰহৰী হিচাপে কাম কৰা আৰম্ভ কৰিছিল যাতে সংবাদ মাধ্যমবোৰে সঠিক মানদণ্ড বজাই ৰাখে আৰু কোনো প্ৰভাৱ বা ভাবুকিৰ দ্বাৰা প্ৰভান্বিত নহয়।
- ২২ নৱেম্বৰত বৰ্ষাপাৰাত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ টেষ্ট মেচ। এই খেল পুৱা ৯ বজাত আৰম্ভ হৈ ৪ বজাত শেষ হ’ব। টেষ্ট মেচত প্ৰথমবাৰৰ বাবে পূৰ্বে হ’ব ২০ মিনিটৰ Tea Break, তাৰ পাছত হ’ব Lunch Break। BCCIৰ সচিব দেৱজিত শইকীয়াই জনাই প্ৰযোজ্য হ’বলগীয়া এই নতুন নিয়মৰ কথা।
- বীৰ লাচিত সেনাৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিস্কাৰ বিতৰ্কিত বিকাশ অসমক। আভ্যন্তৰীণ প্ৰতিবেদনত দোষী সাব্যস্ত হোৱাৰ পিছত ৫৪ জন সদস্যক বহিস্কাৰ কৰা হৈছে।
- আই পি এলৰ ফ্ৰেঞ্চাইজিয়ে নিজৰ ৰিটেইনড খেলুৱৈক চূড়ান্ত কৰিছে। ৰিটেইনড খেলুৱৈসকলে অহা ছিজনত একেটা দলৰ হৈ খেলিব। এইবাৰ আটাইতকৈ আচৰিত ধৰণৰ ৰিটেনচন কৰিলে পঞ্জাব কিংছ আৰু চেন্নাই ছুপাৰ কিংছে। পঞ্জাবে সৰ্বাধিক সংখ্যক খেলুৱৈ ২১ জন খেলুৱৈক ধৰি ৰখাৰ বিপৰীতে তেওঁলোকৰ ইতিহাসৰ বিপৰীতে পাঁচবাৰৰ চেম্পিয়ন চেন্নাইয়ে ১৫ জন খেলুৱৈক ধৰি ৰাখি এজনক নিলাম কৰে।
- ভাৰতীয় ষ্টেট বেংকে ৩০ নৱেম্বৰ, ২০২৫ৰ পৰা OnlineSBI আৰু YONO Lite ত mCash সেৱা বন্ধ কৰিব। ইয়াৰ পিছত গ্ৰাহকে আৰু mCash ব্যৱহাৰ কৰি ধন প্ৰেৰণ বা দাবী কৰিব নোৱাৰিব। SBI এ ব্যৱহাৰকাৰীসকলক ভৱিষ্যতে সকলো ধন স্থানান্তৰৰ বাবে UPI, IMPS, NEFT, আৰু RTGS ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিছে।
- বিহাৰৰ নিৰ্বাচত ভোট চুৰিৰ প্ৰসংগ তুলিলে গৌৰৱ গগৈয়ে। অসমৰ নিৰ্বাচনত বিহাৰৰ ফলাফলে প্ৰভাৱ নেপেলায় বুলিও মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উৎখাত কৰিব বুলিও আশা প্ৰকাশ কৰিছে গৌৰৱ গগৈয়ে।
- নিজৰ ভাগিনকক হত্যাৰ ষড়যন্ত্ৰ ৰচনা কৰে চাৰিগৰাকী মহিলাই। কোৱা হৈছে যে তেওঁলোকে অন্ধবিশ্বাসৰ বাবেই এই অপৰাধ সংঘটিত কৰিছিল। মৃত শিশুটিৰ পিতৃ অৰ্থাৎ মহিলাকেইগৰাকীৰ ভিনিহিয়েকে কয় যে, তেওঁৰ খুলশালীৰ বিয়া হোৱা নাই। সেয়ে অন্ধবিশ্বাসৰ বাবে পুত্ৰক বলি দিয়াৰ নামত হত্যা কৰে। ৰাজস্থানৰ যোধপুৰত সংঘটিত হৈছে এই ঘটনা।
- বলীউডৰ পৰা আহিছে সুখৰ খবৰ। অভিনেতা ৰাজকুমাৰ ৰাৱে ঘৰলৈ আদৰণি জনাইছে এটি কন্যা সন্তানক। পত্নী পত্ৰলেখাই জন্ম দিছে কন্যা সন্তান। অভিনেতাগৰাকীয়ে এই তথ্য ছ’চিয়েল মিডিয়াৰ জৰিয়তে অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে।
- নিৰ্বাচনী প্ৰচাৰৰ বাবে বিহাৰত সঘনাই দেখা গৈছিল অমিত শ্বাহক। আনকি নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনটোতো তেওঁ উপস্থিত আছিল বিহাৰত। কেৱল প্ৰচাৰ চলোৱাই নহয়, নিৰ্বাচনত এন ডি এৰ বিজয়ৰ পথ মুকলিৰ বাবে তেওঁ ৭টা পৰিকল্পনাও লৈছিল। কি আছিল সেই পৰিকল্পনা!