Morning Headline: ৰাজ্যৰ লগতে বিশ্বৰ প্ৰতিটো পুৱাৰ খবৰত চকু ফুৰাও আহক

আজি ১৬ জানুৱাৰী, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headline: ৰাজ্যৰ লগতে বিশ্বৰ প্ৰতিটো পুৱাৰ খবৰত চকু ফুৰাও আহক
Updated On: 

16 Jan 2026 | 06:32 AM

আজি ১৬ জানুৱাৰী, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দেওবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছত এতিয়া চূড়ান্ত খেলিমেলি। কংগ্ৰেছ ত্যাগ কৰি ৰেজাউল কৰিমে ক্ষোভ উজাৰিলে দেৱব্ৰত শইকীয়াৰ বিৰুদ্ধে। দেৱব্ৰত শইকীয়া ২০১৬ চনৰ পৰাই বিজেপিৰ এজেণ্ট বুলি দাবী কৰিলে নেতাজনে।
  2. কাষ চাপি আহিছে ৰাজ্যৰ বিধানসভা নিৰ্বাচন। প্ৰধান বিৰোধী দল কংগ্ৰেছো বিশেষ প্ৰস্তুতিৰে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ সাজু হৈছে। প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ কৰি তোলাৰ উদ্দেশ্যে দলটোৱে প্ৰিয়ংকা গান্ধীক স্ক্ৰীনিং কমিটিৰ মুৰব্বী হিচাপে দায়িত্ব অৰ্পণ কৰিছে।
  3. চাৰি দিনলৈ সুৰাপায়ী লোকসকলৰ বাবে উপলব্ধ নহ’ব পছন্দৰ সুৰা। কেৰালাৰ আলাপ্পুঝা জিলাত সুৰাৰ ওপৰত চাৰি দিনৰ বাবে প্ৰশাসনে আৰোপ কৰিছে নিষেধাজ্ঞা।
  4. ইৰাণত আমেৰিকাৰ সম্ভাব্য আক্ৰমণৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ। আমেৰিকাৰ সেনা সাজু নহয় ইৰাণত আক্ৰমণ কৰিবলৈ। পিছে ট্ৰাম্পে বিচাৰে এবাৰতে সমস্যাৰ সমাধান হোৱা।
  5. অসমৰ এক ডাঙৰ ক্ষতি জুবিন গাৰ্গৰ মৃত্য়ু। ইয়াকে লৈ অসম আৰু ছিংগাপুৰত তদন্ত চলি আছে। শেহতীয়াকৈ ছিংগাপুৰ আদালতে শুনানি গ্ৰহণ কৰে। ইয়াৰ পাছতে সামাজিক মাধ্যমত পোষ্ট কৰিছে গৰিমাই।
  6. সমাগত জোনবিল মেলা। গোভা দেওঁৰজাৰ শাসনকালৰে পৰা চলি অহা পৰম্পৰাগত এখন মেলা ৷ ২০২৬ বৰ্ষৰ জানুৱাৰী মাহৰ ২২,২৩ আৰু ২৪ তাৰিখে তিনিদিনীয়া পৰম্পৰাগত কাৰ্যসূচীৰে তিৱা সাংস্কতিক প্রাণকেন্দ্র, পাহাৰ-ভৈয়াম মিলনৰ ক্ষেত্ৰ আৰু বিভিন্ন জনগোষ্ঠীৰ সমন্বয়ৰ প্রতীক ‘জোনবিল মেলা’ অনুষ্ঠিত কৰা হ’ব।
  7. নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে লাভ কৰিছে কোটি কোটি টকাৰ ঋণ। অসমৰ তিনিটাকৈ ডাঙৰ প্ৰজেক্টৰ বাবে এই ঋণৰ অনুমোদন লাভ কৰিছে। অসমৰ ৩ প্ৰকল্পৰ বাবে ৬৮০ মিলিয়ন ডলাৰ ঋণৰ অনুমোদন বিশ্ব বেংকৰ। এই সন্দৰ্ভত বিশ্ব বেংকে এক বিবৃতি কৰি সবিশেষ জনাইছে।
  8. বিগত বৰ্ষত ডিচেম্বৰ মাহত ৰাজধানী এক্সপ্ৰেছৰ খুন্দাত গুৱাহাটীৰ সমীপত ৭টা বন্যহস্তীৰ মৃত্যুক লৈ কেন্দ্ৰীয় প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড (CPCB) আৰু অন্যান্য কৰ্তৃপক্ষৰ পৰা সঁহাৰি বিচাৰিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণ (NGT)-এ।
  9. মাঘ বিহুৰ উদযাপনৰ মাজতে ৰাজ্যবাসীয়ে পালে এটা বেয়া খবৰ। প্রসিদ্ধ লেখক, সাংবাদিক প্রদীপ বৰুৱাৰ দেহাৱসান। মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত ৮৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ প্রদীপ বৰুৱাৰ। ‘প্রান্তিক’ আলোচনীৰ জন্মলগ্নৰে পৰা জড়িত আছিল বৰুৱা।
নিশা বাৰে বাৰে টোপনি ভাঙে নেকি? এই বিৰক্তিকৰ সমস্যাৰ আঁৰত আপোনাৰেই এইসমূহ ভুল!
Avocado ফল নে পাচলি? ৯৯% লোকে নাজানে সঠিক উত্তৰ!
সাৱধান! কি কি ৰোগত আক্ৰান্ত ৰোগীয়ে বীট খোৱাটো অনুচিত জানক
ফলৰ জৰিয়তে কমাব পাৰিব ওজন! এই ফলকেইবিধে আপোনাক দিব যাদুকৰী সমাধান
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি