দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ২৪ ছেপ্টেম্বৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ...
Published: 

24 Sep 2025 | 07:10 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. মঙলবাৰে গুৱাহাটীত সম্পূৰ্ণ ৰাষ্ট্ৰীয় সন্মানেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। তেওঁৰ শেষ যাত্ৰাত লাখ লাখ লোকে অংশগ্ৰহণ কৰে। লিমকা বুক অৱ ৰেকৰ্ডছে ইয়াক বিশ্বৰ চতুৰ্থ বৃহত্তম ভিৰ বুলি অভিহিত কৰিছে। ইমান বৃহৎ ভিৰ পূৰ্বে কেৱল মাইকেল জেকচন, পোপ ফ্ৰান্সিছ আৰু ৰাণী এলিজাবেথৰ শেষ যাত্ৰাত দেখা গৈছিল।
  2. দিল্লীত মঙলবাৰে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত দেশৰ বিভিন্ন প্ৰখ্যাত চলচ্চিত্ৰ তাৰকাসকলে অংশগ্ৰহণ কৰে। বলীউডৰ “কিং” শ্বাহৰুখ খানক “জৱান”ৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত কৰা হয়।
  3. এছিয়া কাপৰ ছুপাৰ ৪ পৰ্যায়ত মুখামুখি হ’ব ভাৰত আৰু বাংলাদেশ। সন্ধিয়া ৮ বজাৰ পৰা এই খেলখন অনুষ্ঠিত হ’ব।
  4. মঙলবাৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ ৮০ সংখ্যক অধিৱেশনত ভাষণ প্ৰদান কৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ ভাৰত, ৰাছিয়া, চীন, ইউৰোপীয় দেশসমূহক তীব্ৰভাৱে লক্ষ্য কৰি লৈছিল। ভাৰত-পাকিস্তান যুদ্ধ বন্ধ কৰি দিয়া বুলিও দাবী কৰে।
  5. ক্ৰিকেট ইতিহাসৰ কিংবদন্তি আম্পায়াৰ ডিকি বাৰ্ডৰ ৯২ বছৰ বয়সত মৃত্যু হয়। প্ৰায় ১৫০খন আন্তঃৰাষ্ট্ৰীয় মেচত আম্পায়াৰ হিচাপে কাম কৰি এই বৃত্তিটোক জনপ্ৰিয় কৰি তুলিছিল। বিশ্বকাপৰ তিনিখন ফাইনেল (১৯৭৫, ১৯৭৯, আৰু ১৯৮৩)ত অফিচিয়েচন কৰা প্ৰথমজন আম্পায়াৰ আছিল।
  6. আমেৰিকাই এইচ-১বি ভিছা মাচুল এক লাখ ডলাৰলৈ বৃদ্ধি কৰিছে, যাৰ ফলত ভাৰতীয় ছাত্ৰ-ছাত্ৰীৰ কৰ্মসংস্থাপন জটিল হ’ব পাৰে। STEM (বিজ্ঞান, প্ৰযুক্তি, অভিযান্ত্ৰিক, আৰু গণিত) ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন সম্পূৰ্ণ কৰাৰ পিছত OPT কাৰ্যসূচীৰ অধীনত তিনি বছৰ ভিছামুক্ত কাম কৰিব পাৰে, কিন্তু তাৰ পিছত H-1B ৰ প্ৰয়োজন হয়।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব