দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ

আজি ৫ নৱেম্বৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ
Updated On: 

05 Nov 2025 07:16 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. আজি ভাৰতৰত্ন সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সুধাকণ্ঠগৰাকীৰ মৃত্যু বার্ষিকী উপলক্ষে বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। আজি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত কামৰূপ মহানগৰ প্রশাসনে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰিছে। জালুকবাৰীৰ ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থত পুৱা ৯ বজাৰ পৰা শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে।
  2. আজি ৰাস পূৰ্ণিমা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ ব্যাপক আয়োজন দেখা গৈছে। এইলৈ বিৰাজ কৰিছে উখল-মাখল পৰিৱেশে। মাজুলি-নলবাৰীত ৰাস মহোৎসৱ উপভোগ কৰাৰ বাবে ভিৰ কৰিছে ভিন্ন প্ৰান্তৰ ভক্তই।
  3. ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈয়ে সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। দলটোৱে প্ৰধানমন্ত্ৰী মোদীৰ সৈতেও ৰাতিৰ আহাৰ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
  4. পুনৰ আন এক ৰে’ল দুৰ্ঘটনাই জোকাৰিছে দেশ। ছত্তীশগড়ৰ বিলাসপুৰ জিলাত সংঘটিত হয় এক বৃহৎ ৰেল দুৰ্ঘটনা। কালি সন্ধিয়া জয়ৰাম নগৰ ষ্টেচনৰ সমীপত এখন স্থানীয় ৰে’লৰ সৈতে মুখামুখি সংঘৰ্ষ হয় এখন মালবাহী ৰে’লৰ। দুৰ্ঘটনাত ৮ জন নিহত হোৱাৰ খবৰ লাভ কৰা গৈছে।
  5. অসমৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন কৰা এজনীয়া ন্যায়িক আয়োগৰ ওচৰলৈ ৰাইজে আগবাঢ়ি আহি সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজহুৱা জাননীৰ জৰিয়তে ন্যায়িক আয়োগে ৩ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ সংশ্লিষ্ট লোকৰ পৰা শপতনামা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। যোৱা ৩ অক্টোবৰত অসম চৰকাৰে ন্যায়িক আয়োগ গঠন কৰিছিল, যাক অহা ছমাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ সময় দিয়া হৈছে।
১৬ নৱেম্বৰৰ পিছত ফুলিব ২ ৰাশিৰ কপাল, জানক...
বিনিয়োগ কৰি ৫ বছৰত লাভ কৰিব ১৭ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে ?
শীতকালত ছালৰ যত্নৰ বাবে অধিক গুৰুত্বপূৰ্ণ কি? জানো আহক টিপচ
এইবোৰ অভ্যাস আজিয়ে ত্যাগ কৰক, বিশেষজ্ঞৰ পৰা লিভাৰ দুৰ্বল হোৱাৰ কাৰণবোৰ জানক