দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ১৯ নৱেম্বৰ বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ মুখ্য খবৰ...
Published: 

19 Nov 2025 | 07:26 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. মঙলবাৰে নতুন দিল্লীত ভাৰত-জাৰ্মানী উচ্চ প্ৰতিৰক্ষা সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। ভাৰতৰ প্ৰতিৰক্ষা সচিব ৰাজেশ কুমাৰ সিং আৰু জাৰ্মান প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ৰাজ্যিক সচিব জেন্স প্লটনাৰৰ সহযোগত অনুষ্ঠিত হোৱা বৈঠকত দুয়োখন দেশৰ মাজত নিৰাপত্তা আৰু প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ সন্দৰ্ভত বিশদ আলোচনা অনুষ্ঠিত হয়।
  2. JSW গ্ৰুপৰ সজ্জন জিন্দাল, সংগীতা জিন্দালে অসমত নিৰ্মাণ কৰিব অত্যাধুনিক সংগ্ৰাহালয়। চৰকাৰে দিয়া ৩ বিঘা মাটিত নিৰ্মাণ কৰা হ’ব এই সংগ্ৰাহালয়। এই সংগ্ৰাহালয়তে ৰখা হ’ব বিন্দাবনী বস্ত্ৰ। এই কথা জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
  3. অসমত আৰম্ভ ভোটাৰ তালিকা SR ক লৈ সন্দেহ প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছে। এই ৰকিবুল হুছেইন আৰু ৰিপুন বৰাই সংবাদমেল সম্বোধন কৰে। যিহেতু প্ৰতিটো নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ সাৰাংশ পুনৰীক্ষণ কৰা হয়, তাৰ পৰিৱৰ্তে বিশেষ পুনৰীক্ষণ কৰিব খোজা বিষয়ত অসন্তুষ্টি প্ৰকাশ কৰিছে কংগ্ৰেছে।
  4. অহা বছৰৰ মাজভাগত এন আৰ চি প্ৰকাশ পোৱাৰ সম্ভাৱনা। এই ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। SR সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে তেওঁ কয় যে, এন আৰ চি প্ৰকাশ পোৱাৰ পাছতে অসমত হ’ব SIR।
  5. চাংহাই সহযোগিতা সংস্থাৰ সদস্য ৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ মুৰব্বীসকলক সাক্ষাৎ কৰিবলৈ যোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মস্কোত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত তেওঁলোকে আগন্তুক বাৰ্ষিক ভাৰত-ৰাছিয়া সন্মিলনৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰে। সংবাদ সংস্থাসমূহৰ মতে, পুটিনে জয়শংকৰৰ সৈতে হাত মিলাই ক্ৰেমলিনৰ চেনেট পেলেচত থকা প্ৰতিনিধি কাৰ্যালয়ত তেওঁক আদৰণি জনায়।
  6. ভাৰতক লৈ গৌৰৱ কৰা যিকোনো ব্যক্তি হিন্দু বুলি কৈছে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতে। তেওঁ হিন্দু ধৰ্মক কেৱল ধৰ্মীয় পৰিচয় হিচাপেই নহয়, সভ্যতাৰ পৰিচয় হিচাপেও বৰ্ণনা কৰিছিল। ভাগৱতে কয় যে, ভাৰত আৰু হিন্দু এক আৰু একে। তেওঁ ভাৰতক সহজাতভাৱে “হিন্দু জাতি” বুলি অভিহিত কৰি আৰ এছ এছৰ চৰিত্ৰ গঠন আৰু ঐক্যৰ লক্ষ্যত গুৰুত্ব আৰোপ কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব