দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান মুখ্য খবৰ…
আজি ১৭ ডিচেম্বৰ, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- ওমানৰ চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণত ১৭-১৮ ডিচেম্বৰত ওমান ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এয়া হ’ব তেওঁৰ দ্বিতীয়টো ওমান ভ্ৰমণ।
- দেশজুৰি প্ৰতিবাদৰ ঘোষণা কংগ্ৰেছ দলে। কেন্দ্ৰীয় চৰকাৰৰ নতুন গ্ৰাম্য নিয়োগ বিধেয়কখন এমএনৰেগা বিলুপ্তিৰ ষড়যন্ত্ৰ আৰু শ্ৰমিকৰ অধিকাৰ আৰু গান্ধীজীৰ উত্তৰাধিকাৰক আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে।
- আই পি এলৰ নিলামত ২১৫.৪৫ কোটিত বিক্ৰী হৈছে ৭৭ জন খেলুৱৈ, কেমেৰন গ্ৰীণ আটাইতকৈ দামী বিদেশী খেলুৱৈ হিচাপে পৰিগণিত। কেমেৰন গ্ৰীণক কেকেআৰে ২৫.২০ কোটি টকাত ক্ৰয় কৰে। ইফালে, ১৯ বছৰীয়া কাৰ্তিক শৰ্মাক চেন্নাই ছুপাৰ কিংছে ১৪.২০ কোটি টকাকৈ ক্ৰয় কৰে।
- ২০ ডিচেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যত পূৰ্ণগতিত আৰম্ভ হ’ব ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচী। নতুন বৰ অসম গঢ়াৰ লক্ষ্যৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ প্ৰতিখন গাঁৱলৈ যাব কংগ্ৰেছ নেতৃত্ব। সংবাদ মাধ্যমৰ আগত এই বিষয়ে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অধ্যক্ষ গৌৰৱ গগৈয়ে।
- জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযুক্তক ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হয়। ইয়াৰ লগে লগে মঙলবাৰৰ পৰা আৰম্ভ হয় শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। ২২ ডিচেম্বৰক পৰৱৰ্তী শুনানিৰ তাৰিখ হিচাপে নিৰ্ধাৰণ কৰিছে।
- অসম জাতীয় পৰিষদৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি শদিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত ছপাখোৱাত অনুষ্ঠিত হ’ব। কা আন্দোলনৰ পাছতে ২০২০ চনৰ ১৭ ডিচেম্বৰত শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত জন্ম হৈছিল অসম জাতীয় পৰিষদৰ। প্ৰতিষ্ঠা দিৱসৰ দিনটোৰ পৰাই ২০২৬ৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিব দলটোৱে। এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰে অসম জাতীয় পৰিষদে।
- বিদেশী ঘোষণা কৰা ৪ চাৰিজন লোকক অসম তথা ভাৰত এৰি যাবলে ২৪ ঘণ্টা সময় বান্ধি দিছে কাৰ্বি আংলং জিলা প্ৰশাসনে। জনস্বাৰ্থ আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ সৈতে জড়িত উদ্বেগ প্ৰকাশ কৰি জাননী লাভ কৰাৰ ২৪ ঘন্টাৰ ভিতৰত অসম আৰু ভাৰত এৰি যাবলৈ নিৰ্দেশ দি দিছে প্ৰশাসনে। ইমিগ্ৰেণ্ট (অসমৰ পৰা বহিষ্কাৰ) আইন, ১৯৫০ৰ ২ নং ধাৰাত জিলা দণ্ডাধীশ নিৰোলা ফাংচোপীয়ে জাৰি কৰা এই নিৰ্দেশত ব্যক্তিসকলক ধুবুৰী, শ্ৰীভূমি বা দক্ষিণ শালমাৰা–মানকাচৰ পথেৰে ভাৰত এৰি যাবলৈ নিৰ্দেশ দিয়া হৈছে। কৰ্তৃপক্ষই সকীয়াই দিছে যে, এই নিয়ম পালন নকৰিলে চৰকাৰে বলপূৰ্বক বিতাড়ন কৰিব।
- অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ২০২৬ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত এআইইউডিএফৰ সৈতে মিত্ৰতা নকৰে বুলি স্পষ্ট কৰি দিয়ে। তেওঁ কয়, “এ আই ইউ ডি এফৰ সৈতে কোনো কাৰণতে মিত্ৰতা নাথাকিব। এইটোও শাসকীয় বিজেপিৰ দৰে সাম্প্ৰদায়িক দল, আমি এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে হাত মিলাই আন অনুৰূপ শক্তিক পৰাস্ত কৰিব নোৱাৰো।”