পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
Published: 

08 Jun 2025 07:30 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. এইবাৰৰ বান আৰু ভূমিস্খলনত মৃত্যু হোৱা লোকৰ সংখ্যা ২৩ জনলৈ বৃদ্ধি পাইছে । বৰ্তমানেও ১২খন জিলাৰ ৩.৩৭ লাখ লোক বানৰ কৱলত । অসমৰ সামগ্ৰিক বান পৰিস্থিতি সামান্য উন্নত হৈছে বুলি এক চৰকাৰী বুলেটিনে প্ৰকাশ কৰিছে। ব্ৰহ্মপুত্ৰকে ধৰি প্ৰধান নদীসমূহৰ জলস্তৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে । অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ বুলেটিনত প্ৰকাশ কৰা অনুসৰি ১২খন জিলাৰ ৪১টা চক্ৰ আৰু ৯৯৯খন গাঁৱৰ ৩,৩৭,৩৫৮জন লোক বানৰ ফলত বৰ্তমানেও ক্ষতিগ্ৰস্ত হৈ আছে।
  2. অগপই চূড়ান্ত কৰিলে ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম। জানিব পৰা মতে, পুনৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অগপই । প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিল কৰিছিল মুঠ ২৭ গৰাকী প্ৰাৰ্থীয়ে।
  3. শ্বিলং ফুৰিবলৈ গৈ ৰহস্যজনকভাৱে মৃত্যুক সাৱটি লোৱা নম্ৰতা বৰাৰ ঘটনা সন্দৰ্ভত মত প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । মেঘালয় আৰক্ষীক নম্ৰতাৰ মৃত্যুৰ উপযুক্ত তদন্তৰ আহ্বান মুখ্যমন্ত্ৰীৰ । মেঘালয়ৰ এগৰাকী জ্যেষ্ঠ আৰক্ষী বিষয়াৰ নেতৃত্বত হ’ব তদন্ত । সহায় কৰিব অসম আৰক্ষীয়ে ।
  4. অহা ১৯ জুনত অসমৰ দুখন আসনৰ বাবে অনুষ্ঠিত হব ৰাজ্যসভা নিৰ্বাচন । ইতিমধ্যে বিজেপিয়ে এখন আসনৰ বাবে কনাড পুৰকায়স্থক প্ৰাৰ্থী ঘোষণা কৰিছে । আনখন আসনত প্ৰাৰ্থী আগবঢ়াব মিত্ৰদল অগপই ।
  5. ৰাজ্যৰ চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকলৰ বাবে সুখবৰ আনিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শিক্ষিত যুৱক-যুৱতীসকলক চৰকাৰী চাকৰীত নিযুক্তি প্ৰদানৰ লক্ষ্যৰে ADRE 3.0 সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকী গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে । তেওঁ ফেচবুক লাইভত উল্লেখ কৰা মতে চলিত বৰ্ষৰ নৱেম্বৰ মাহত মুকলি কৰা হ’ব ADRE 3.0ৰ বিজ্ঞাপন ।
  6. প্ৰাকৃতিক দুৰ্যোগৰ পৰা অহা বিপদ কমোৱাৰ বাবে আগতীয়া সতৰ্কবাণী ব্যৱস্থা শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । তেওঁ কয় যে প্ৰাকৃতিক দুৰ্যোগ আৰু জলবায়ু পৰিৱৰ্তনৰ বাবে উপকূলীয় অঞ্চল আৰু দ্বীপসমূহ অতি বিপদত পৰিছে । ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে দুৰ্যোগ প্ৰতিৰোধী আন্তঃগাঁথনি সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ ভাৰত আৰু বাংলাদেশত ৰেমাল ঘূৰ্ণীবতাহ, কেৰিবিয়ানত বেৰিল হাৰিকেন, দক্ষিণ-পূব এছিয়াত য়াগী আমফান, আমেৰিকাত হেলিন হাৰিকেনে বিপদৰ সৃষ্টি কৰিছিল ।
  7. অৱশেষত ঘোষণা হ’ল বাংলাদেশত বহু প্ৰত্যাশিত সাধাৰণ নিৰ্বাচনৰ দিন। ২০২৬ চনৰ এপ্ৰিল মাহৰ প্ৰথম পষেকত অনুষ্ঠিত হ’ব দেশখনৰ সাধাৰণ নিৰ্বাচন। শুকুৰবাৰে এই ঘোষণা কৰে দেশৰ অন্তৱৰ্তীকালীন মুৰব্বী তথা শান্তি নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছে । শ্বেখ হাছিনাৰ চৰকাৰৰ পতনৰ পিছত এই নিৰ্বাচন হ’ব দেশখনৰ প্ৰথমটো সাধাৰণ নিৰ্বাচন ।

লগতে পঢ়ক : আজি দেওবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল…

লগতে পঢ়ক : ইতিহাসৰ পাতত লিপিবদ্ধ আজি দিনটোৰ ঘটনা পৰিঘটনা…

যকৃতৰ সংক্ৰমণৰ লক্ষণসমূহ কি কি? এনেকৈ চিনাক্ত কৰক...
Astro Tips: কি কি ৰাশিৰ জাতক-জাতিকাই প্ৰেমত কৰিব পাৰে বিশ্বাসঘাটকতা!
আপোনাৰ বিছনাত খাদ্য খোৱাৰ অভ্যাস আছে নেকি ? বাস্তৱ জীৱনত ইয়াৰ প্ৰভাৱ কি ? জানক
প্ৰেমানন্দ মহাৰাজৰ এই বচনে সলনি কৰিব আপোনাৰ জীৱন!