পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
Updated On: 

10 May 2025 10:48 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

  1. পাকিস্তান সমৰ্থক মন্তব্য প্ৰকাশ কৰাৰ অভিযোগত অসমৰ গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ৪৮ জনলৈ বৃদ্ধি । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া অনুসৰি, শেহতীয়াকৈ ধুবুৰী জিলাৰ পৰা আৰিফ ৰেহমান আৰু আবুবিন মেৰাজ উদ্দিন এছ কে আৰু কাছাৰ জিলাৰ পৰা নাছিম উদ্দিন লস্কৰ নামৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ।
  2. ভাৰত-পাকিস্তানৰ সামৰিক সংঘাতৰ মাজতে শুকুৰবাৰে ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং ইন চিফ এয়াৰ মাৰ্শ্বাল সুৰত সিঙে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নিজৰ কাৰ্যালয়ত সাক্ষাৎ কৰে। এই সাক্ষাতৰ সময়ত তেওঁলোকে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে । এই কথা সামাজিক মাধ্যমৰ জৰিয়তে জানিবলৈ দিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে।
  3. আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্যৰ চৰকাৰে কাৰ্যকালৰ চাৰিটা বৰ্ষ সম্পূৰ্ণ কৰে । এই উপলক্ষে কোনো ধৰণৰ উদযাপনৰ বিশেষ অনুষ্ঠান আয়োজন নকৰাৰ কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ বাবেই এই সিদ্ধান্ত লোৱা কথা সদৰী কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । লগতে মুখ্যমন্ত্ৰী শৰ্মাই এই উপলক্ষে কেৱল মাত্ৰ এখন সংবাদমেল সম্বোধন কৰাৰ কথা সদৰী কৰিছে ।
  4. ভাৰতৰ প্রতিশোধমূলক কার্যৰ পাছত আতংকিত হৈ পৰিছে পাকিস্তান৷ ইফালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে নেশ্যনেল কমাণ্ড অথৰিটিৰ বৈঠক আহ্বান কৰিছে।
  5. ভাৰতীয় সেনাই জম্মুৰ সমীপত পাকিস্তানী চকী আৰু সন্ত্ৰাসবাদী লঞ্চ পেড ধ্বংস কৰিছে, য’ৰ পৰা টিউব লঞ্চ ড্ৰোনো নিক্ষেপ কৰা হৈছিল। প্ৰতিৰক্ষা সূত্ৰৰ উদ্ধৃতি দি এই তথ্য পোহৰলৈ আহিছে। ANI য়ে প্ৰকাশ কৰিছে এই খবৰ ।
  6. জি-৭ ৰ দেশ কানাডা, ফ্ৰান্স, জাৰ্মানী, ইটালী, জাপান, ব্ৰিটেইন আৰু আমেৰিকাৰ বৈদেশিক মন্ত্ৰী আৰু ইউৰোপীয় সংঘৰ শীৰ্ষ প্ৰতিনিধিয়ে ২২ এপ্ৰিলত পহলগামত সংঘটিত জঘন্য সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে ভাৰত আৰু পাকিস্তান উভয়কে সৰ্বোচ্চ সংযম কৰিবলৈ আহ্বান জনাইছে।
  7. পাকিস্তানে একেৰাহে শুকুৰবাৰ নিশা জম্মু-কাশ্মীৰৰ পৰা গুজৰাটলৈকে ২৬ টা স্থানত ড্ৰোন আক্ৰমণৰ চেষ্টা চলাইছিল । প্ৰতিৰক্ষা মন্ত্ৰালয়ে কয় যে, বিমানবন্দৰ আৰু বায়ুসেনাৰ ঘাটিকে ধৰি গুৰুত্বপূৰ্ণ ইনষ্টলেশ্যনসমূহক লক্ষ্য কৰি লোৱা শত্ৰুৰ আক্ৰমণ প্ৰচেষ্টা বিফল হৈছে।

লগতে পঢ়ক : ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

লগতে পঢ়ক : শনিবাৰৰ দিনটো আপোনাৰ দিনটো কেনে যাব ? চাওক ৰাশিফল

Related Stories
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰা কামপুৰৰ ৰে’ল দুৰ্ঘটনালৈ…দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
অসমক পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰ ৰচিছিল কংগ্ৰেছে, কংগ্ৰেছৰ পাপ মোচন কৰিছে বিজেপিয়ে, গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ মন্তব্য
বাজপেয়ী ভৱনত ৰুদ্ধদ্বাৰ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ, উপস্থিত ২৮০ জন দলীয় নেতা…
ডবল ইঞ্জিন চৰকাৰৰ অধীনত অসমত ব্ৰহ্মপুত্ৰৰ দৰেই চিৰপ্ৰবাহমান উন্নয়নৰ ধাৰা: নৰেন্দ্ৰ মোদী
ৰে’ল দুৰ্ঘটনাত সাতটাকৈ হাতীৰ মৃত্যু, শোক প্ৰকাশৰ লগতে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, মুকলি কৰিলে বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল
আইৰণৰ অভাৱত ভুগিছে নেকি ? তালিকাত এই পাঁচ বিধ শাক-পাচলি ৰাখক
ডায়েবেটিছ ৰোগীয়ে খালী পেটত খাওক এইসমূহ খাদ্য, অত্যন্ত উপকাৰী ...
কঠোৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাই ! শৰীৰৰ ওজন স্বাভাৱিকভাৱে হ্ৰাস কৰাৰ ৬টা সহজ টিপছ
সপোনত কাজিয়া দেখাটো কিহৰ ইংগিত জানেনে? সবিশেষ...
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...