Morning News: পলকতে পঢ়ক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…
দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ শীৰ্ষ খবৰ
প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ শীৰ্ষ খবৰ
- আজিৰ পৰা পাঁচখন দেশ ভ্ৰমণত নামিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ঘানাৰ পৰা এই ভ্ৰমণ আৰম্ভ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে। ৩০ বছৰৰ পাছত এজন ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিব। পাঁচখন দেশ ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰাজিলত অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক ব্ৰিকছ সন্মিলনতো (৫-৮ জুলাই) অংশগ্ৰহণ কৰিব।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কনভয়লৈ পানীৰ বটল নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰি ভাৰতীয় জনতা পাৰ্টিয়ে ধুবুৰী জিলাত কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ প্ৰৱেশত বেচৰকাৰী নিষেধাজ্ঞা আৰোপ কৰিছে। ৰাজ্যৰ সাংবিধানিক মুৰব্বীৰ মৰ্যাদাক অপমান কৰা “লজ্জাজনক কাণ্ড”ৰ বাবে গগৈৰ পৰা ৰাজহুৱা ক্ষমা বিচাৰি মঙলবাৰে ধুবুৰীৰ পাঁচ ম’ৰত সমবেত হয় শতাধিক বিজেপি কৰ্মী।
- কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উথাপন হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ভূমি প্ৰকল্প স্থাপনৰ নামত আৱণ্টন দিয়াৰ পৰা আৰম্ভ কৰি উন্নয়ন প্ৰকল্পৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। এই সন্দৰ্ভত আজি গুৱাহাটীৰ কংগ্ৰেছ দলৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী পাৰিষদ বিদ্যা ছিং ৰংপি আৰু ৰতন ইংপিয়ে।
- অসম গো সুৰক্ষা আইন উলংঘা কৰাৰ অভিযোগত মঙলবাৰে কমেও ১৩৩ জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে এক টনৰো অধিক সন্দেহযুক্ত গো-মাংস জব্দ কৰা আৰক্ষীয়ে। মহাপৰিদৰ্শক আৰক্ষী (আইন-শৃংখলা) অখিলেশ কুমাৰ সিঙে জনোৱা মতে, অবৈধভাৱে গৰু-ম’হ হত্যা আৰু অকৰ্তৃত্বশীলভাৱে ৰেষ্টুৰেণ্টত গো-মাংস বিক্ৰীৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যতে অভিযান আৰম্ভ কৰা হৈছিল। অভিযানৰ অংশ হিচাপে এই পৰ্যন্ত ১১২খন হোটেলত অভিযান চলাই ১৩৩ জন লোকক আটক কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এক টনৰো অধিক সন্দেহযুক্ত গো-মাংসৰ মাংস জব্দ কৰিছে।
- মুকলি কৰা হ’ল যোৰহাটৰ নেহৰু পাৰ্ক। ৰাজ্যৰ গৃহ আৰু নগৰ উন্নয়ন বিভাগৰ নগৰীয়া আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ ৩.২৬ কোট টকা ব্যয় সাপেক্ষে পুননিৰ্মাণ কৰা হৈছে যোৰহাটৰ নেহৰু পাৰ্ক। পাৰ্কখন সোমবাৰে জনসাধাৰণৰ বাবে মুকলি কৰা হয়।
- ৱাশ্বিংটন ডিচিত আমেৰিকাৰ শক্তি সচিব ক্ৰীছ ৰাইটৰ সৈতে এক বৈঠকত মিলিত হয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ। বৈঠকত ভাৰতত চলি থকা শক্তি পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰে। আৰু লগতে ভাৰত-আমেৰিকাৰ শক্তি অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ সুযোগৰ বিষয়ে আলোচনা কৰা হয় বুলি এক্স হেণ্ডেলৰ জৰিয়তে জানিবলৈ দিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে ।