দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ৩০ জুলাই, সোমবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

পুৱাৰ মুখ্য খবৰ

Published: 

30 Jul 2025 07:14 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. নিশা পানবজাৰ সমূহ মহিলা আৰক্ষী থানালৈ লৈ অভিনেত্ৰী নন্দিনী কাশ্যপক। উল্লেখ্য যে,নন্দিনী কাশ্যপৰ বাহনৰ খুন্দাত আহত ছামিউল হকে মঙলবাৰে চিকিধীন অৱস্থাত ইহলীলা সম্বৰণ। ইয়াৰ পাছতে ৰাজধানী থিয়েটাৰৰ আখৰা গৃহৰ পৰা আহি থাকোতে শৰাইঘাট দলঙৰ সমীপত নন্দিনীক আটক কৰে আৰক্ষীয়ে।
  2. গ্ৰীষ্মপ্ৰবাহৰ বাবে কামৰূপ মেট্ৰ’ৰ শিক্ষা প্ৰতিষ্ঠানলৈ বিশেষ নিৰ্দেশনা শিক্ষা বিভাগৰ। গ্ৰীষ্মপ্ৰবাহৰ বাবে ১ আগষ্টৰ পৰা পুৱা ৭.৩০ বজাৰ পৰা ১ বজালৈ পাঠদানৰ নিৰ্দেশ।গুৱাহাটী মহানগৰীৰ বিদ্যালয়ৰ বাবে নিৰ্দেশনা জাৰী কৰিলে শিক্ষা বিভাগে। ৩১ জুলাইত শেষ হ’ব বিদ্যালয়সমূহৰ গ্ৰীষ্ম বন্ধ। নিম্ন প্রাথমিক বিদ্যালয়ৰ ছুটীৰ সময় পুৱা ১১:৩০ বজা। উচ্চ প্রাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থীৰ ছুটী হ’ব ১২ বজাত।
  3. ৰাহুল গান্ধীৰ প্ৰশ্নৰ উত্তৰ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, যুদ্ধবিৰতিৰ বাবে কাতৰ আহ্বান জনাইছিল পাকিস্তানে। যুদ্ধবিৰতিৰ বাবে পাকিস্তানৰ ডিজিএমঅ’ই ফোন কৰি কৈছিল যে, “যুদ্ধ বন্ধ কৰক। বহুত ক্ষতি হৈছে”। আমি পাকিস্তানক আঁঠু ল’বলৈ বাধ্য কৰাইছিলো।
  4. ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতি আৰু শুল্ক সন্দৰ্ভত এটা ডাঙৰ বক্তব্য দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ কয় যে ভাৰতৰ ওপৰত ২০ৰ পৰা ২৫ শতাংশ শুল্ক আৰোপ কৰিব পাৰে। অৱশ্যে শুল্ক সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত লোৱা হোৱা নাই বুলিও তেওঁ কয়। একেলগে যুদ্ধবিৰতি সন্দৰ্ভত ট্ৰাম্পে কয় যে, ভাৰত মোৰ বন্ধু। মোৰ অনুৰোধত পাকিস্তানৰ লগত যুদ্ধ শেষ কৰিলে। অৱশ্যে ভাৰতৰ সৈতে হোৱা চুক্তি চূড়ান্ত হোৱা নাই।
  5. আজি ৩০ জুলাইত ‘এক জাতি, এক নিৰ্বাচন’ বিধেয়ক সন্দৰ্ভত যুটীয়া সংসদীয় সমিতিৰ বৈঠকত বিশিষ্ট অৰ্থনীতিবিদ এন কে সিঙে পেনেলৰ সন্মুখত নিজৰ মতামত দাখিল কৰিব। এন কে সিং ৰাজ্যসভাৰ প্ৰাক্তন সদস্য, ভাৰতৰ ১৫ নং বিত্ত আয়োগৰ অধ্যক্ষ, পৰিকল্পনা আয়োগৰ প্ৰাক্তন সদস্য, প্ৰাক্তন ৰাজহ সচিব আৰু প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে। সাক্ষ্য প্ৰদানৰ সময়ত তেওঁক সহায় কৰিব অশোক বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক তথা আইজাক চেণ্টাৰ ফৰ পাব্লিক পলিচিৰ মুৰব্বী আৰু সঞ্চালক ড০ প্ৰচি মিশ্ৰই।
জীৱনত সমস্যাই লগ নেৰে নেকি? কেতিয়াও আনক শ্বেয়াৰ নকৰিব এই ৫টা কথা...
সঘনাই গেছৰ সমস্যা হয় নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
আপোনাৰ এটা ভুলৰ বাবেই দুৰ্বল হৈ পৰিব পাৰে আপোনাৰ দাঁত!
বাৰিষাৰ সময়ত বাৰে বাৰে পেটৰ সমস্যাত ভুগে নেকি? ইয়াৰ কাৰণ, প্ৰতিকাৰৰ উপায় জানক