দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ…

আজি ২২ জুলাই, মঙলবাৰ । দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

দিনটো আৰম্ভ কৰাৰ আগতে পলকতে পঢ়ক পুৱাৰ মুখ্য খবৰ...

পুৱাৰ মুখ্য খবৰ

Published: 

22 Jul 2025 08:01 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ মুখ্য খবৰ

  1. ৰাজ্যখনৰ প্ৰায় ২৯ লাখ বিঘা(১০ লাখ একৰ) মাটিত অবৈধ বাংলাদেশী আৰু সন্দেহযুক্ত নাগৰিকে বেদখল কৰিছে । গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত কাৰ্যসূচীত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই>
  2. উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছে জগদীপ ধনখড়ে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ ইতিমধ্যে তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। নিজ পদত্যাগ পত্ৰত তেওঁ সংবিধানৰ ৬৭ (ক) অনুচ্ছেদ অনুসৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰা বুলি উল্লেখ কৰিছে।
  3. ডকাইতি আৰু ধন দাবীৰে জড়িত অপৰাধত সোমবাৰে ৭ জন লোকক গ্ৰেপ্তাৰ কৰে শোণিতপুৰ আৰক্ষীয়ে। ইয়াৰ পূৰ্বে দেওবাৰে নিশাৰ পৰা দুটা স্থানত অভিযান চলাই দুটা ৭.৬৫ মিমি পিষ্টল, ১৬ ৰাউণ্ড সজীৱ গুলী, দুটা দেশত নিৰ্মিত ৰাইফল আদি অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ ভাণ্ডাৰ জব্দ কৰিছিল আৰক্ষীয়ে। শোণিতপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই জনোৱা মতে, ঢেকীয়াজুলি আৰক্ষীৰ নেতৃত্বত এটা বিশেষ দলে চলাইছিল এই অভিযান ।
  4. ধুবুৰী জিলাৰ ২৮৪ গৰাকী আৰক্ষীক বদলি কৰা হৈছে ৰাজ্যৰ বিভিন্ন থানালৈ। বদলি কৰা আৰক্ষী জোৱানসকলৰ ভিতৰত আছে হেড কনিষ্টবল, লেন্স নায়ক, কনিষ্টবল। কোৱা হৈছে যে,লীনা দলেয়ে জিলাখনৰ আৰক্ষী অধীক্ষক হিচাপে দায়িত্ব লোৱাৰ পাছতে দ্বিতীয়বাৰৰ বাবে আৰক্ষীত ব্যাপক ৰদ-বদল কৰা হৈছে।
  5. এডভাণ্টেজ আছাম-২.০ সন্মিলনত স্বাক্ষৰিত প্ৰতিশ্ৰুতি অনুসৰি গুৱাহাটীত মেডাণ্ট হাস্পতাল আৰু লেমন ট্ৰী হোটেল নিৰ্মাণৰ বাবে ভূমিৰ অনুমোদন জনাইছে অসম কেবিনেটে। এই কথা সদৰী কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়,এডভাণ্টেজ আছাম-২.০ কেৱল এক বিনিয়োগ সন্মিলন নাছিল, ই আছিল বিভিন্ন খণ্ডত উদগনি যোগোৱা বিকাশৰ ইঞ্জিন হিচাপে অসমৰ ৰূপান্তৰৰ আধাৰ।
  6. মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে মুখ্য আঁচনিসমূহ পৰ্যালোচনা কৰিবলৈ উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্স অনুষ্ঠিত কৰে। বিশেষকৈ অৰুণোদয় ৩.০, আত্মনিৰ্ভৰ অসম অভিযান,মহিলা উদ্যমিতা অভিযান, ৰাচন কাৰ্ড আদি আঁচনি ৰূপয়ানৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰীয়ে। লগতে মুখ্যমন্ত্ৰীয়ে উন্নত সমন্বয়, তৃণমূল পৰ্যায়ৰ সংযোগ আৰু সময়মতে সুবিধা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰি অভিভাৱক মন্ত্ৰী, বিধায়ক, পঞ্চায়ত প্ৰতিনিধিক জড়িত কৰিবলৈ উপায়ুক্তসকলক নিৰ্দেশ দিয়ে।
ব্ৰেকফাষ্টৰ পৰা আৰম্ভ কৰি নিশাৰ আহাৰতো কণী! পিছে দিনটোত কিমান কণী খাব লাগে জানেনে?
চুলি সৰা সমস্যাৰ পৰা উপশম পাবলৈ এইকেইটা ঘৰুৱা উপায় গ্ৰহণ কৰক...
কেন্সাৰৰ এই প্ৰাৰম্ভিক লক্ষণসমূহ আপুনি কেতিয়াও আওকাণ কৰিব নালাগে
শাওনত তুলসী ৰোপণ কৰিলে আঁতৰে বাধা, কিন্তু কেনেকৈ?