Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

Morning news: প্ৰতিদিনে ৰাজ্যৰ পৰা বিশ্বলৈ, বিভিন্ন ধৰণ ঘটনা পৰিঘটনা সংঘটিত হয়। বৰ্তমান চৰ্চিত হৈ থকা কেইটামান গুৰুত্বপূৰ্ণ বাতৰি এই লেখাটোত উল্লেখ কৰা হ'ল।

Morning News: পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

বাতৰি

Published: 

17 Jun 2025 07:38 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. গুৱাহাটী মহানগৰীৰ অনিল নগৰত চাঞ্চল্যকৰ ঘটনা। চকীদাৰৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত চিকিৎসক গৌতম কুমাৰ পাঠক। তাৰ পাছতে জ্যেষ্ঠ চিকিৎসকগৰাকীক হাস্পাতালত ভৰ্তি কৰোৱা হয়। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত জয়ন্ত দাসক।
  2. শিৱসাগৰৰ গেছ নিৰ্গমনস্থলীত মুখ্যমন্ত্ৰী। ভটিয়াপাৰৰ গেছ নিৰ্গমনৰ ঘটনাৰ বুজ ল’লে মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য যে, কেইবাটা দিন ধৰি  ভটিয়াপাৰৰ RDS-147 ৰীগৰ পৰা গেছ নিৰ্গত হৈ আছে। ইতিমধ্যে স্থানান্তৰ কৰা হৈছে কেইবাটাও পৰিয়াল।
  3. গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ শেষকৃত্য সম্পন্ন। ২১ জাঁই টোপধ্বনিৰে সম্পূৰ্ণ ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন শেষকৃত্য। উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী চি আৰ পাটিল আদি। আহমেদাবাদ বিমান দুৰ্ঘটনাত মৃত্যু হৈছিল বিজয় ৰূপানীৰ।
  4. ১৯ জুনত অসমলৈ আহিব RSS প্ৰধান মোহন ভাগৱত । হোজাইৰ গীতাশ্ৰমলৈ আহিব RSS প্ৰধানগৰাকী। এই সময়চোৱাত তেওঁ RSSৰ কাৰ্যকৰ্তাৰ সামৰণি পৰ্বত উপস্থিত থাকিব ।
  5. আজি কানাডাত অনুষ্ঠিত হ’বলগীয়া জি-৭ সন্মিলনৰ আউটৰিচ অধিবেশনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে।
  6. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান। ৰাজধানী নিকোচিয়াত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে প্রধানমন্ত্রী মোদীক চাইপ্ৰাছক সৰ্বোচ্চ সন্মান “গ্ৰেণ্ড অফ দ্য়া অৰ্ডাৰ অফ মাকাৰিছি তৃতীয়”ৰে সন্মানিত কৰে।
  7. ইৰাণ-ইজৰাইৰ যুদ্ধৰ মাজতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে, মই ইৰাণত যি চুক্তিত হস্তাক্ষৰ কৰিবলৈ কৈছিল তেওঁলোকেক সেয়া কৰিব লাগিছিল। এয়া কি লজ্জাজনক, আৰু মানৱ জীৱনৰ অপচয়। সহজ ভাষাত ক’বলৈ গ’লে ইৰাণৰ হাতত পাৰমাণৱিক অস্ত্ৰ থাকিব নোৱাৰে। এই কথা মই বাৰে বাৰে কৈছো! সকলোৱে তৎক্ষণাত তেহৰাণ খালী কৰিব লাগিব।
  8. গুৱাহাটীত অনুষ্ঠিত হ’ব বিশ্বকাপৰ মেচ। গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামে লীগ পৰ্যায়ৰ চাৰিখন মেচ আৰু এখন চেমিফাইনেল অনুষ্ঠিত হ’ব। আইচিচিয়ে মুকলি কৰিছে মহিলা ক্ৰিকেট বিশ্বকাপ ২০২৫ৰ সূচী।

 

অন্য খবৰ পঢ়কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান ‘গ্ৰেণ্ড অফ দ্যা অৰ্ডাৰ অফ মাকাৰিছি তৃতীয়’ৰে সন্মানিত…

মজিয়াত শোৱাৰ অভ্যাস আছে নেকি? ইয়াৰ উপকাৰিতাৰ বিষয়ে জানক
প্ৰতাৰক আৰু বিশ্বাসঘাতক লোকক কেনেকৈ চিনিব পাৰি?
নিমিষতে মুখৰ শালমইনা, ক'লা দাগ আঁতৰোৱাৰ সহজ ঘৰুৱা উপায়...
পুৰুষৰ মাজত এগৰাকী নাৰীয়ে কি ৫টা গুণ বিচাৰে?