পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…

দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

পুৱাৰ গুৰুত্বপূৰ্ণ খবৰৰ সৈতে আৰম্ভ কৰক আপোনাৰ দিনটো…
Updated On: 

03 May 2025 07:43 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

চাওঁ আহক পুৱাৰ শীৰ্ষ খবৰবোৰ…

  1. ৩ মে’ৰ নিশা জম্মু-কাশ্মীৰৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ LoC ত পাকিস্তান সেনাই অপ্ৰৰোচিত গুলীচালনা কৰে । তৎক্ষণাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ভাৰতীয় সেনাই । ভাৰতীয় সেনাৰ সূত্ৰই জানিবলৈ দিছে এই কথা ।
  2. শুকুৰবাৰে অন্ত পৰিল অসমৰ পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । প্ৰথম পৰ্যায়ত ভোটদানৰ হাৰ হৈছে ৭০.১৯ শতাংশ । ৪৩টা ভোটকেন্দ্ৰত পুনৰ অনুষ্ঠিত হ’ব ভোটগ্ৰহণ (Re-poll) । অহা ৪ মে’ অনুষ্ঠিত হ’ব এই ভোটদান প্ৰক্ৰিয়া ।
  3. নৰৱেৰ দূতাবাসত নৰৱেৰ ৰাষ্ট্ৰীয় দিৱস উদযাপনৰ সময়ত ভাৰতত থকা নৰৱেৰ ৰাষ্ট্ৰদূত মে-এলিন ষ্টেইনাৰে কয় যে, পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণে আমাক সকলোকে স্তম্ভিত কৰি তুলিছে।  ভুক্তভোগী, তেওঁলোকৰ পৰিয়াল আৰু ভাৰতবাসীৰ প্ৰতি সমবেদনা জনাইছো। সন্ত্ৰাসবাদ আৰু নিৰীহ লোকৰ ওপৰত আক্ৰমণ কেতিয়াও ন্যায্য হ’ব নোৱাৰে। নৰৱেই সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়ে।
  4. কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ নাবালক সন্তান দুটি ভাৰতীয় নাগৰিক নহয় বুলি দাবী অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । পাকিস্তান ভ্ৰমণত মুখ্য়মন্ত্ৰীয়ে কয় যে, কেইবাবছৰ পূৰ্বে কৰা পাকিস্তান ভ্ৰমণৰ কথা লিপিবদ্ধ কৰিবলৈ তেওঁক আৰক্ষীয়ে মাতিব।
  5. জম্মু-কাশ্মীৰত পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পাকিস্তান সমৰ্থক শ্লোগান উত্থাপন কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব। ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ । তেওঁ কয় যে, পাকিস্তান জিন্দাবাদ কোৱা সকলৰ ভৰি ভাঙি দিয়া হ’ব ।
  6. শুকুৰবাৰে পাকিস্তানে কয় যে, পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতৰ সৈতে উত্তেজনা বৃদ্ধি পালে উপযুক্ত সময়ত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠক আহ্বান কৰাৰ অধিকাৰ আছে। ৰাষ্ট্ৰসংঘত পাকিস্তানৰ স্থায়ী প্ৰতিনিধি অসীম ইফতিকাৰ আহমেদে কয় যে, আমি দেখিবলৈ পাইছো যে জম্মু-কাশ্মীৰৰ পৰিস্থিতিৰ পটভূমিত এই সকলোবোৰ ঘটি আছে।
  7. কোনো নিৰ্দিষ্ট ৰাণৱেত বা খালী পথাৰত নহয়। এইবাৰ উত্তৰ প্ৰদেশ এক্সপ্ৰেছৱেত দেখা গ’ল চুখয় ৩০, ৰাফেল আৰু মি-১৭ হেলিকপ্টাৰৰ অৱতৰণ। শুকুৰবাৰে নিশা দেখা গ’ল এক বিৰল দৃশ্য। ইখনৰ পিছত সিখনকৈ বায়ুসেনাৰ যুদ্ধ বিমানে নিশাৰ আন্ধাৰত এক্সপ্ৰেছৱে’ত অৱতৰণ কৰে । উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰ জিলাৰ গংগা এক্সপ্ৰেছৱেত শুকুৰবাৰে নিশা প্ৰায় ৯ বজাৰ পৰা ১০ বজালৈ চলিল এই ড্ৰিল।
  8. দুবছৰ সম্পূৰ্ণ কৰিলে মণিপুৰৰ গোষ্ঠী সংঘৰ্ষই । আজিৰ দিনটোতে সূত্ৰপাত হৈছিল মেইটেই আৰু কুকিৰ মাজত জাতিগত সংঘাত ।

লগতে পঢ়ক :  আজি শনিবাৰৰ দিনটো আপোনাৰ কেনে যাব ? চাওক ৰাশিফল

লগতে পঢ়ক : ইতিহাসৰ পাতত লিপিবদ্ধ আজিৰ দিনটোৰ ঘটনা পৰিঘটনা…

পানীত উতলাই খাওক কেইখিলামান তুলসীৰ পাত, লাভ কৰিব এনে চমৎকাৰী ফল
কেইখিলামান পদূনা পাত গ্ৰীষ্মকালত আপোনাৰ দেহৰ বাবে হ’ব সঞ্জীৱনি সদৃশ, এনে উপকাৰিতাৰ বিষয়ে জানেনে?
লিভাৰৰ সমস্যা হ'লে আপোনাৰ ছালত কেনেধৰণৰ লক্ষণে দেখা দিব ? জানক
মানি প্লাণ্টৰ বাবে পানী নে মাটি বেছি ভাল ? ক'ত ৰখা উচিত ?