দিনটোৰ আৰম্ভণিতে পঢ়ক পুৱাৰ কেইটামান মুখ্য খবৰ…
আজি ২১, জানুৱাৰী ২০২৬, বুধবাৰ। দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।
পুৱাৰ মুখ্য খবৰ
- মঙলবাৰে অৰুণাচল প্ৰদেশৰ লংডিং জিলাত এন এছ চি এন-কে ৱাই এৰ এজন বিদ্ৰোহীয়ে আত্মসমৰ্পণ কৰা খবৰ পোৱা গৈছে। নিৰাপত্তা বাহিনীৰ অভিযানৰ সময়তে বিদ্ৰোহী কেডাৰগৰাকীয়ে আত্মসমৰ্পণ কৰা বুলি এক বিবৃতিত উল্লেখ কৰা হৈছে। আত্মসমৰ্পণ কৰা কেডাৰজনৰ নাম আখা ওৰফে খোৱাং ৱাংছু (৩৮)। যোৱা বছৰৰ ২৫ ছেপ্টেম্বৰত তেওঁ এই আউটফিটত যোগদান কৰিছিল।
- মঙলবাৰে কোকৰাঝাৰত দুই গোটৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে। হিংসাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ পাছতে ৰেপিড একচন ফৰ্চ (আৰ এ এফ) মোতায়েন কৰা হয়, দুখন জিলা কোকৰাঝাৰ আৰু চিৰাঙত ইণ্টাৰনেট/মোবাইল ডাটা সেৱা বন্ধ কৰি দিয়া হয় আৰু নিষেধাজ্ঞা আদেশ জাৰি কৰা হয় বুলি বিষয়াসকলে জনায়।
- কোকৰাঝাৰৰ উত্তেজনাক দুৰ্ভাগ্যজনক আখ্যা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ। ভুল বুজাবুজিৰ বাবেই এই ঘটনা সংঘটিত হোৱা বুলি কয় নেতাগৰাকীয়ে। ইয়াৰ আঁৰত কোনো তৃতীয় শক্তি জড়িত থাকিব পাৰে বুলিও উল্লেখ কৰে হাগ্ৰামা মহিলাৰীয়ে। সকলোকে শান্তি বজাই ৰখাৰ আহ্বান হাগ্ৰামাৰ।
- কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ভিৰ কৰিছে ৰাজীৱ ভৱন। যাৰ বাবে কংগ্ৰেছে শেহতীয়া প্ৰাৰ্থীত্বৰ বাবে আবেদন দাখিলৰ সময়সীমা বৃদ্ধি কৰিছে। এক বিবৃতিত কোৱা হৈছে যে, প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ ভিৰ আৰু দাবীৰ প্ৰতি লক্ষ্য ৰাখি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰাৰ্থিত্ব বিচাৰি আবেদন দাখিল কৰাৰ সময়সীমা ২৮ জানুৱাৰীলৈ বৃদ্ধি কৰিছে।
- কেন্দ্ৰীয় গৃহ আৰু সহযোগিতা মন্ত্ৰী অমিত শ্বাহে দুদিনীয়াকৈ উত্তৰাখণ্ড ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ সময়ত তেওঁ হৰিদ্বাৰ আৰু ঋষিকেশৰ ধৰ্মীয় আৰু সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
- ছুইজাৰলেণ্ডৰ ডাভোছত অনুষ্ঠিত হ’বলগীয়া বিশ্ব অৰ্থনৈতিক মঞ্চৰ বাৰ্ষিক বৈঠকত ভাষণ প্ৰদান কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। তেওঁ বিদেশী নেতা আৰু ব্যৱসায়িক নেতাৰ সৈতেও সাক্ষাৎ কৰিব।
- টি-২০ বিশ্বকাপ ২০২৬ক লৈ বাংলাদেশ আৰু ভাৰতৰ মাজত বিবাদ অব্যাহত আছে। বাংলাদেশে ভাৰতত প্ৰতিযোগিতাখন খেলিবলৈ অস্বীকাৰ কৰি শ্ৰীলংকাত খেল অনুষ্ঠিত কৰিবলৈ দাবী জনাইছে। বাংলাদেশ চৰকাৰ আৰু ক্ৰিকেট ব’ৰ্ডে নিজৰ স্থিতিত অটল। আইচিচিয়ে এই সিদ্ধান্তৰ বাবে ২১ জানুৱাৰীৰ সময়সীমা দিছে যদিও এতিয়ালৈকে কোনো চুক্তিত উপনীত হোৱা নাই।