Morning Headline: পলকতে পঢ়ক দিনটোৰ বহুকেইটা খবৰ

আজি ৭ ডিচেম্বৰ বৃহস্পতিবাৰ, ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেয়েহে পলকতে জানক ৰাজ্যৰ পৰা আৰম্ভ কৰি দেশৰ প্ৰতিটো খবৰ...

Morning Headline: পলকতে পঢ়ক দিনটোৰ বহুকেইটা খবৰ

পুৱাৰ খবৰ

Updated On: 

07 Dec 2025 | 06:36 AM

আজি ৭ ডিচেম্বৰ, প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই শনিবাৰৰ দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. ৮ ডিচেম্বৰত অসমলৈ আহিব আমেৰিকান পপষ্টাৰ প’ষ্ট মেলন। পপষ্টাৰ গৰাকীক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে কামৰূপ মেট্ৰ’ প্ৰশাসন। ইতিমধ্যে প্ৰশাসনে যাতায়ত নিষেধাজ্ঞা, প্ৰৱেশৰ নিয়ম আৰু ভিৰ ব্যৱস্থাপনা পৰিকল্পনা ঘোষণা কৰিছে।
  2. জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত চলোৱা SIT য়ে অহা ১২ ডিচেম্বৰত অভিযোগনামা দাখিল কৰিবলৈ সাজু হৈছে। ইতিমধ্যে এই গোচৰত তদন্ত প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে।
  3. তেজপুৰ বিশ্ববিদ্যালয়ত প্ৰতিবাদমুখৰ পৰিস্থিত অব্যাহত। বিশ্ববিদ্যালয়ত উপস্থিত হোৱা দিল্লীৰ প্ৰতিনিধি দলক আৱদ্ধ ছাত্ৰ সমাজৰ। বিতৰ্কিত উপাচাৰ্য শম্ভূনাথ সিঙক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ।
  4. ১০ ডিচেম্বৰত মুকলি কৰা হ’ব বৰাগাঁৱৰ শ্বহীদ স্মাৰক। অসম আন্দোলনৰ ৮৬০ গৰাকী শ্বহীদৰ ত্যাগক সুঁৱৰি এই শ্বহীদ স্মাৰক নিৰ্মাণ কৰা হৈছে।
  5. কে এল ৰাহুলৰ অধিনায়কত্বত টিম ইণ্ডিয়াই একেৰাহে দ্বিতীয়বাৰৰ বাবে শনিবাৰে দক্ষিণ আফ্ৰিকাক ২-১ ত পৰাস্ত কৰে। এই শৃংখলাত ভাৰতীয় দলটোৱে প্ৰথমবাৰৰ বাবে টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লৈছিল।
  6. বাবৰি মছজিদৰ আধাৰশিলা স্থাপন, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ পিছত এতিয়া অযোধ্যাৰ সেই স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে। কিন্তু পশ্চিমবংগৰ বিধায়ক হুমায়ুন কবীৰে নিজা উদ্যোগত নিৰ্মাণ কৰিবলৈ ওলাইছে অন্য এটা বাবৰি মছজিদ।
  7. ২০২৬ চনৰ ফিফা বিশ্বকাপৰ ড্ৰ’ৰ সময়ত ড’নাল্ড ট্ৰাম্পক উদ্বোধনী ফিফা শান্তি বঁটা প্ৰদান কৰা হয়। শুকুৰবাৰে ৱাশ্বিংটন ডি চিৰ কেনেডি চেণ্টাৰত অনুষ্ঠিত এক অনুষ্ঠানত ট্ৰাম্পক এই সন্মান প্ৰদান কৰা হয়। তেওঁক সোণৰ ট্ৰফী আৰু পদক প্ৰদান কৰা হয়।
  8. ২০৩০ চনলৈকে বাণিজ্যিক ৰোডমেপ তৈয়াৰ কৰিছে ভাৰত আৰু ৰাছিয়াই। শুকুৰবাৰে যৌথ সংবাদমেল আৰম্ভ হোৱাৰ পূৰ্বে এই বাৰ্তা প্ৰদান কৰে নতুন দিল্লীয়ে। ২০৩০ চনলৈকে নিজৰ মাজত অৰ্থনৈতিক সমন্বয় বজাই ৰাখিবলৈ ওলাইছে দুয়োটাপক্ষ।
  9. সম্প্ৰতি সংকটত পৰিছে ইণ্ডিগ’ এয়াৰলাইন্স। ইতিমধ্যে হাজাৰ হাজাৰ বিমান বাতিল কৰা হৈছে। বিমান সংস্থাটোৱে ইনষ্টাগ্ৰামত পোষ্ট কৰি ক্ষতিগ্ৰস্তসকলক দুখ প্ৰকাশ কৰি বাতিল কৰা বিমানৰ সম্পূৰ্ণ ধন তেওঁলোকৰ একাউণ্টলৈ ঘূৰাই দিয়াৰ কথা উল্লেখ কৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...