Morning News: অসম বিধান সভাৰ বাজেট অধিৱেশনৰ পৰা জম্মু-কাশ্মীৰলৈ, পুৱাৰ খবৰ…

Morning News: ফেব্ৰুৱাৰীৰ ১৬ তাৰিখৰ পৰা আৰম্ভ হ'ব অসম বিধানসভাৰ বাজেট অধিবেশন। ইতিমধ্যে ইয়াৰ বাবে জাৰি কৰা হৈছে অধিসূচনা। ইয়াৰোপৰি আগন্তুক বিত্তীয় বৰ্ষৰ বাবে লেখানুদান দাখিল কৰিব চৰকাৰে।

Morning News: অসম বিধান সভাৰ বাজেট অধিৱেশনৰ পৰা জম্মু-কাশ্মীৰলৈ, পুৱাৰ খবৰ...

পুৱাৰ খবৰ

Published: 

23 Jan 2026 | 08:00 AM

আজি ২৩ জানুৱাৰী, ২০২৬। আজি দেশৰ বিভিন্ন প্ৰান্তত বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীক পূজা কৰা হৈছে। আজিৰ এই দিনটোৰ দেশৰ বিভিন্ন প্ৰান্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

  1. আজি দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে সৰস্বতী পূজা। ইয়াকে লৈ বিদ্যালয়সমূহত দেখা গৈছে উখল মাখল পৰিৱেশ। মান্যতা অনুসৰি বসন্ত পঞ্চমীত পূজা কৰিলে মা সৰস্বতীয়ে মনৰ কামনা পূৰণ কৰে।
  2. গুৱাহাটীৰ গণেশপাৰাৰ ডকাইতি কাণ্ড সন্দৰ্ভত আৰক্ষীয়ে বৰপেটাৰ ভেল্লাৰ পৰা ২ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰোপৰি এতিয়াও পলাতক অৱস্থাত আছে ৪ জন।
  3. ১৬ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব অসম বিধান সভাৰ বাজেট অধিৱেশন। ৪ দিনীয়াকৈ অনুষ্ঠিত হ’ব এই অধিৱেশন। ইয়াৰ বাবে প্ৰয়োজনীয় অধিসূচনা জাৰি বিধান সভা সচিবালয়ৰ।এই অধিৱেশনতে আগন্তুক বিত্তীয় বৰ্ষৰ বাবে লেখানুদান দাখিল কৰিব চৰকাৰে।
  4. গণৰাজ্য দিৱসৰ পেৰেডত জিলিকিব টেৰাকোটা শিল্প। বৃহস্পতিবাৰে দিল্লীৰ ৰাষ্ট্ৰীয় ৰংশালা শিবিৰত সংবাদ মাধ্যমৰ সন্মুখত প্ৰদৰ্শন কৰা হয় ইয়াৰ প্ৰথম আভাস। ইয়াত অসমৰ ধুবুৰী জিলাৰ এখন প্ৰখ্যাত শিল্প গাঁও আশািকান্দীক কেন্দ্ৰ কৰি ৰাজ্যখনৰ চহকী টেৰাকোটা শিল্পক দেখুওৱা হৈছে।
  5. ২০২৭ চনৰ লোকপিয়লৰ বাবে চৰকাৰে অধিসূচনা জাৰি কৰিছে।প্ৰথম পৰ্যায়ত হাউছলিষ্টিং আৰু গণনা কৰা হ’ব, যাৰ বাবে ৩৩টা প্ৰশ্ন নিৰ্বাচন কৰা হৈছে। ইয়াৰ ভিতৰত ঘৰৰ নম্বৰ, মজিয়া, দেৱাল আদি অন্তৰ্ভুক্ত কৰা হৈছে।
  6. টি-২০ বিশ্বকাপৰ পৰা বাহিৰ বাংলাদেশ। আইচিচিয়ে বাংলাদেশক সময় বান্ধি দিছিল, কিন্তু দেশখনে সিদ্ধান্ত লৈছে যে তেওঁলোকে বাংলাদেশ ক্ৰিকেট দলটোক ভাৰতলৈ আহিব নিদিয়ে। বাংলাদেশৰ মতে, ভাৰতে সেই দেশৰ খেলুৱৈৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে। ইয়াৰ পাছতে এতিয়া স্কটলেণ্ডে বাংলাদেশৰ স্থান পাব পাৰে।
  7. জম্মু-কাশ্মীৰৰ ডোডাত ভয়ংকৰ পথ দুৰ্ঘটনা। সেনাৰ বাহন ২০০ ফুট দ’ খাৱৈত বাগৰি পৰাৰ ফলত ১০ জন জোৱান শ্বহীদ হোৱাৰ লগতে ১০ জন আহত হয়। আহতসকলৰ বৰ্তমান চিকিৎসা চলি আছে।
  8. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ সমাপ্ত কৰিবলৈ আৰু অধিক সময়ৰ প্ৰয়োজন হব। ছুইজাৰলেণ্ডৰ ডাভোছত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমাইৰ জেলেনস্কিক সাক্ষাৎ কৰাৰ পাছত ট্ৰাম্পে এই মন্তব্য কৰে।

 

অন্য খবৰ পঢ়কঃ গুৱাহাটীৰ ডকাইতি কাণ্ডঃ গ্ৰেপ্তাৰ বৰপেটাৰ জেহেৰুল আৰু ৰাতুল মালিক, পলাতক ৪জন…

তেজপাতৰ উপকাৰী গুণৰ বিষয়ে জানেনে? জানক...
ব্লাড চুগাৰ হ্ৰাস পালে কি কি লক্ষণে দেখা দিয়ে? জানক...
আজিয়েই এৰক পুৱা দেৰিলৈকে শোৱাৰ অভ্যাস, অন্যথা নিজে মাতি আনিব এই ৫টা বিপদ
অফিচৰ কামৰ সময়তো হেঁচা মাৰি ধৰে নেকি ভাগৰে? এই ৫টা মাত্ৰ সহজ টিপ্ছে দিব সকাহ
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...