Morning News: অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা বাংলাদেশৰ ভয়ংকৰ তথ্যলৈ, পুৱাৰ খবৰ…

Morning News: কালি আহি অসমত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আজি তেওঁ ডিব্ৰুগড়ত বহুমুখী ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰিব। প্ৰায় ১০৫ বিঘা ভূমিত নিৰ্মাণ হৈছে এই প্ৰকল্প।

Morning News: অমিত শ্বাহৰ অসম ভ্ৰমণৰ পৰা বাংলাদেশৰ ভয়ংকৰ তথ্যলৈ, পুৱাৰ খবৰ...

পুৱাৰ খবৰ

Published: 

30 Jan 2026 | 07:13 AM

আজি ৩০ জানুৱাৰী, ২০২৬। আজিৰ দিনটোতো ৰাজ্যৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তলৈ বিভিন্ন খবৰ পোহৰলৈ আহিছে। তেনে কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই লেখাটোত উল্লেখ কৰা হ’ল-

  1. UGC সমতা নিয়ম ২০২৬ক লৈ দেশজুৰি প্ৰতিবাদৰ মাজতে বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে এয়া স্থগিত ৰাখিছে। নিয়মৰ ভাষা অস্পষ্ট, যাৰ ফলত অপব্যৱহাৰৰ সম্ভাৱনা আছে বুলি কয় ন্যায়ালয়ে। গতিকে নিয়ম সংশোধন কৰি তদন্ত সমিতি গঠন কৰিবলৈ কেন্দ্ৰক নিৰ্দেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে।
  2. আজি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব ডিব্ৰুগড়ৰ খনিকৰ বহুমুখী ক্ৰীড়া প্ৰকল্প। আন্তঃৰাষ্ট্ৰীয় মানসম্পন্ন এই ক্ৰীড়া প্ৰকল্পই ৰাজ্যৰ খেলুৱৈসকলৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। প্ৰায় ১০৫ বিঘা ভূমিত নিৰ্মাণ এই প্ৰকল্প।
  3. দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় নেতৃত্বৰ সৈতে বৈঠকত মিলিত প্ৰাক্তন সাংসদ বিজয়া চক্ৰৱৰ্তী। নিজ কন্যা তথা হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াৰ প্ৰাৰ্থীত্ব সন্দৰ্ভতো কথা পাতে তেওঁ। মোদীক পুৰণি বন্ধু আখ্যা বিজয়া চক্ৰৱৰ্তীৰ।
  4. কালি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত ২০২৬ চনৰ অৰ্থনৈতিক জৰীপ দাখিল কৰে। অৰ্থনৈতিক পৰিক্ৰমা বিভাগে প্ৰস্তুত কৰা এই প্ৰতিবেদন অনুসৰি ভাৰতৰ অৰ্থনীতি শক্তিশালী হৈছে। ২০২৬-২৭ বিত্তীয় বৰ্ষত জিডিপি বৃদ্ধি ৬.৮ৰ পৰা ৭.২ শতাংশ হোৱাৰ অনুমান কৰা হৈছে।
  5. সকলো অভিলেখ ভংগ কৰাৰ দিশে সোণ-ৰূপৰ মূল্যই। এমচিএক্সত ৰূপৰ মূল্য প্ৰতি কিলোগ্ৰামত ৪০৭,৪৫৬ টকা হয়। মাত্ৰ ২৪ ঘন্টাৰ ভিতৰতে ৰূপৰ মূল্যই ৪ লাখৰ সীমা পাৰ কৰে। বিশ্বত উত্তেজনা, টকাৰ মূল্য হ্ৰাস, কেন্দ্ৰীয় বেংকৰ ক্ৰয় আদিৰ ফলত মূল্যবৃদ্ধি হৈছে।
  6. বাংলাদেশত সংখ্যালঘু হিন্দুৰ ওপৰত আক্ৰমণৰ সন্দৰ্ভত এক প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদন অনুসৰি ২০২৫ চনত ৬৬ জন হিন্দুক হত্যা, ২৮ টা যৌন নিৰ্যাতনৰ গোচৰ, ৯৫ টা মন্দিৰ ধ্বংস কৰা আদি ঘটনা সংঘটিত হৈছে।
  7. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰে যে, ৰাছিয়াই ইউক্ৰেইনত আক্ৰমণ নকৰে। ইউক্ৰেইনৰ ৰাজধানী কিয়ভত এতিয়া প্ৰচণ্ড ঠাণ্ডা। গতিকে এসপ্তাহৰ বাবে আক্ৰমণ স্থগিত ৰাখিবলৈ ৰাছিয়াক আহ্বান জনাইছে। উল্লেখ্য যে,দীৰ্ঘদিন ধৰি ৰাছিয়াই ইউক্ৰেইনৰ বিদ্যুৎ স্থাপনকে ধৰি আন্তঃগাঁথনিৰ ওপৰচ আক্ৰমণ কৰিছে।

অন্য খবৰ পঢ়কঃ দাখিলৰ পূৰ্বে ফাদিল, বিত্তমন্ত্ৰীৰ পদত্যাগ! ১৯৫০ৰ পাছত এতিয়া কেনেকৈ সুৰক্ষা দিয়া হয় বাজেটক?

ডায়েবেটিছৰ প্ৰধান লক্ষণসমূহ কি কি?
বাৰে বাৰে মুখৰ ঘাঁ কিয় হয়? জানক কাৰণ...
নিশা এফুটা নহৰু খোৱাৰ অভ্যাসে বচাব আপোনাৰ জেপৰ ধন! কিদৰে সম্ভৱ এয়া, চাওক এতিয়াই
স্বামীক সাৱটি ধৰি শুলে জীৱনত আহিব আচৰিত প্ৰভাৱ!
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...