Morning News: দুধনৈৰ জোৰ সমদলৰ পৰা আমেৰিকাৰ শুল্কলৈ, পুৱাৰ খবৰ…

Morning News: আজি পুৱা দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু খবৰ পোহৰলৈ আহিছে। আমেৰিকাই পুনৰ ভাৰতৰ ওপৰত শুল্ক আৰোপ কৰিব পাৰে। এই শুল্ক ৫০০ শতাংশ পৰ্যন্ত হ'ব পাৰে। ট্ৰাম্পে এখন বিশেষ বিধেয়কত অনুমোদন জনাইছে।

Morning News: দুধনৈৰ জোৰ সমদলৰ পৰা আমেৰিকাৰ শুল্কলৈ, পুৱাৰ খবৰ...

পুৱাৰ খবৰ

Published: 

09 Jan 2026 | 07:21 AM

আজি ৯ জানুৱাৰী, ২০২৬। প্ৰতিটো দিনৰ দৰে আজিও ৰাজ্য, দেশ-বিদেশৰ বিভিন্ন প্ৰান্তৰ পৰা বহু খবৰ পোহৰলৈ আহিছে। প্ৰতিটো দিশৰ খবৰ ৰখা সকলোৰে বাবে সম্ভৱ নহয়। যাৰ বাবে এই লেখাটোত কেইটামান গুৰুত্বপূৰ্ণ খবৰ তলত উল্লেখ কৰা হ’ল-

  1. দুধনৈত নাথ-যোগী ছাত্ৰ সন্থা আৰু নাথ-যোগী সন্মিলনীৰ উদ্যোগত কালি নাথ-যোগী সকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বিশাল জোৰ সমদল।  নাথ-যোগী উপগ্ৰহীয় স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰা, নাথ যোগী সকলৰ ভুমিৰ অধিকাৰ প্ৰদান আদিৰ দাবীত এই সমদল কৰে।
  2. পুনৰ বহিঃৰাজ্যত অসমৰ যুৱকৰ মৃত্যু। মৃত যুৱকজন কিৰণ সন্দিকৈ বুলি জানিব পৰা গৈছে। তেওঁ সত্যম ইণ্ডাষ্ট্ৰী নামৰ আইৰণ ফেক্টৰী এটাত কৰ্মৰত অৱস্থাত আছিল। এই যুৱকজনৰ মণিপুৰৰ সেনাপতি জিলাৰ নাইনামাত মৃত্যু হয়।
  3. বৃহস্পতিবাৰে শক্তিপীঠ কামাখ্যাত দেশৰ সদ্যপ্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়।মা কামাখ্যাৰ আশিস গ্ৰহণ কৰিবলৈ সপৰিয়ালে উপস্থিত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি। আৰক্ষীৰ নিৰাপত্তাৰ বেষ্টনীৰ মাজেৰে মন্দিৰ দৰ্শন কৰে উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।
  4. পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে আজি এক ৰেলী কৰিব। এই ৰেলী ৰাজনৈতিক পৰামৰ্শদাতা প্ৰতিষ্ঠান আই-পিএচিৰ কাৰ্যালয় আৰু পৰিচালক প্ৰতীক জৈনৰ ঘৰত ইডিয়ে অভিযান চলোৱাৰ বিৰুদ্ধে এই ৰেলী কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
  5. আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ বিৰুদ্ধে কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা ২০২৫ চনৰ চেনচনিং ৰাছিয়া এক্টত অনুমোদন জনাইছে। এই বিধেয়কৰ অধীনত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰা দেশসমূহৰ ওপৰত ৫০০ শতাংশ পৰ্যন্ত শুল্ক আৰোপ কৰা হব। এই দেশৰ শীৰ্ষত আছে ভাৰত, চীন, ব্ৰাজিল।
  6. বাংলাদেশৰ দীপু চন্দ্ৰ দাস হত্যাকাণ্ড সন্দৰ্ভত আৰক্ষীয়ে পুনৰ এজনক গ্ৰেপ্তাৰ কৰিছে। হত্যাকাণ্ডৰ মূল ব্যক্তি মহম্মদ ইয়াচিন আৰাফাতক গ্ৰেপ্তাৰ কৰা হৈছে। ২৫ বছৰীয়া এই লোকজন ইমাম। মদীনা তহফিজুল কোৰান মাদ্ৰাছাত তেওঁ শিক্ষক হিচাপেও কাম কৰিছিল। এই ঘটনাত এতিয়ালৈকে ২১ জনক গ্ৰেপ্তাৰ কৰা হৈছে।
  7. ১১ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ভাৰত-নিউজিলেণ্ডৰ এদিনীয়া আৰু টি-২০ শৃংখলাৰ পূৰ্বে টিম ইণ্ডিয়া সমস্যাৰ সন্মুখীন হৈছে। অস্ত্ৰোপচাৰৰ বাবে ঘৰুৱা টি-২০ শৃংখলাৰ প্ৰথম তিনিখন মেচত অংশ ল’ব নোৱাৰিব যুৱ বেটছমেন তিলক বৰ্মাই। জানিব পৰা মতে, খেলুৱৈগৰাকীৰ অস্ত্ৰোপচাৰ সফলতাৰে হয়।

 

অন্য খবৰ পঢ়কঃ লক্ষ্য ভাৰতক শাস্তি দিয়াৰ! ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে আমেৰিকাই ভাৰতৰ ওপৰত আৰোপ কৰিব ৫০০% শুল্ক…

তেজত হ্ৰাস পাইছে নেকি হিম’গ্লবিনৰ মাত্ৰা? এইসমূহ খাদ্যই দূৰ কৰিব চিন্তা
শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ