Morning News: ৰাজ্যৰ পৰা বিশ্বলৈ, পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…

ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো।

Morning News: ৰাজ্যৰ পৰা বিশ্বলৈ, পলকতে চকু ফুৰাওক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰত…

পলকতে চাওক পুৱাৰ কেইটামান খবৰ

Published: 

08 Jul 2025 08:24 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. আজি পুৱা ব্ৰাজিলৰ ৰাজধানী ব্ৰাজিলিয়াত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেশখনৰ ৰিঅ’ ডি জেনেৰিঅ’ চহৰত অনুষ্ঠিত ব্ৰিকছ সন্মিলন সমাপ্ত হোৱাৰ পিছত এতিয়া আনুষ্ঠানিক ভ্ৰমণৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোদী ব্ৰাজিলিয়াত উপস্থিত হৈছে। এই ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰী মোদী ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিও লুলা দা চিলভাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ’ব।
  2. বিহাৰৰ পুৰ্ণিয়াত সংঘটিত হৈছে এক ভয়ংকৰ কাণ্ড। অন্ধবিশ্বাসৰ চিকাৰ হৈ একাংশ উন্মত্ত লোকে একেটা পৰিয়ালৰ ৫ জন লোকক অতি নৃশংসভাৱে হত্যা কৰে।  হত্যা কৰিলে একাংশই। প্ৰকাশিত খবৰ অনুসৰি, ডাইনীৰ সন্দেহত পৰিয়ালটোৰ তিনিগৰাকী মহিলা আৰু দুজন পুৰুষ সদস্যৰ প্ৰাণ লয় গাঁওবাসীয়ে।
  3. ৰাজ্যত পুনৰ চলিব উচ্ছেদ। প্ৰকাশিত খবৰ অনুসৰি, অসম চৰকাৰে ধুবুৰী আৰু গোৱালপাৰা জিলাত ৪ হাজাৰ বিঘাতকৈ অধিক মাটি বেদখলমুক্ত কৰাৰ বাবে সাজু হৈছে। প্ৰশাসনে আজি ধুবুৰীৰ তিনিখন ৰাজহ গাঁৱৰ ৩০০০ বিঘা মাটিত উচ্ছেদ চলাব বুলি জানিব পৰা গৈছে। আনহাতে গোৱালপাৰাত প্ৰায় ১০৪০ বিঘা বনাঞ্চল মুক্ত কৰাৰ পৰিকল্পনা কৰিছে প্ৰশাসনে। এই দুই স্থানৰ উচ্ছেদত প্ৰায় ২৫০০টা পৰিয়াল গৃহহীন হৈ পৰাৰ আশংকা কৰা হৈছে।
  4. আগন্তুক বিটিচি নিৰ্বাচনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সোমবাৰে কোকৰাঝাৰত এক নিৰ্বাচনী সভাত অংশ লৈ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰে। বিটিআৰত কংগ্ৰেছৰ অস্তিত্বই নাই বুলি তীব্ৰ শ্লেষাত্মক বাক্যবাণ নিক্ষেপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে কংগ্ৰেছৰ অস্তিত্ব পাকিস্তান আৰু বাংলাদেশতহে আছে বুলিও তেওঁ তীব্ৰ কটাক্ষ কৰে।
  5. সোমবাৰে যোৰহাটত উদ্ধাৰ হয় দুজন যুৱকৰ মৃতদেহ। মালৌ আলিৰ সমীপত থকা ঢেকৰগড়াৰ মথাউৰিৰ কাষত দীপাংকৰ বৰা নামৰ এজন যুৱকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ বিপৰীতে জিত দাস নামৰ আনজন যুৱকৰ মৃতদেহ গেলাবিল অঞ্চলত ভোগদৈ নদীত ওপঙি থকা অৱস্থাত উদ্ধাৰ হয়। তথ্য অনুসৰি শনিবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ আছিল যুৱক দুজন। এই ঘটনাই সম্প্ৰতি জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
  6. ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যেহুৱে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত কৰি নোবেল সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে। সোমবাৰে আমেৰিকাত উপস্থিত হোৱা  ইজৰাইলী প্ৰধানমন্ত্ৰীগৰাকীয়ে ট্ৰাম্পৰ সৈতে হোৱাইট হাউছত নিশাৰ আহাৰ গ্ৰহণ কৰে। সেই সময়তে তেওঁ নোবেল সমিতিলৈ প্ৰেৰণ কৰা মননয়ন পত্ৰখন ট্ৰাম্পৰ হাতত তুলি দিয়ে।
  7. ভাৰতীয় ক্ৰিকেট দলক প্ৰতিনিধিত্ব কৰা যুৱ পেচাৰ য়শ দয়াল পৰিছে বিপদত। এগৰাকী যুৱতীয়ে দয়ালৰ বিৰুদ্ধে যৌন শোষণৰ অভিযোগ উত্থাপন কৰিছে। এই বিষয়ত এতিয়া য়শ দয়ালৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। যুৱতীগৰাকীয়ে যশ দয়ালৰ বিৰুদ্ধে বিবাহৰ প্ৰলোভনেৰে আৰ্থিক, মানসিক আৰু শাৰীৰিক শোষণৰ অভিযোগ উত্থাপন কৰিছে। আৰক্ষীৰ গোচৰৰ পিছত এতিয়া দয়ালে এতিয়া কাৰাগাৰৰ মুখ দেখাৰ সম্ভাৱনা আছে।
  8. অধিনায়ক হিচাপে নিজৰ অভিষেক টেষ্টতে ইতিহাস সৃষ্টি কৰিলে দক্ষিণ আফ্ৰিকাৰ উইয়ান মুল্ডাৰে। জিম্বাবুৱেৰ বিপক্ষে মুল্ডাৰে খেলে ৩৬৭ ৰানৰ এক চমৎকাৰী ইনিংছ। লক্ষণীয়ভাৱে মুল্ডাৰে এই ইনিংছৰ সময়ত ব্ৰায়ান লাৰাৰ নামত থকা টেষ্টৰ এটা ইনিংছৰ সৰ্বাধিক ৰানৰ অভিলেখ ভংগ কৰাৰ সুযোগ পাইছিল। এইক্ষেত্ৰত হাতত যথেষ্ট সময় থকাৰ লগতে দলৰ উইকেটো বাকী আছিল। কিন্তু সকলোকে আচৰিত কৰি ৩৬৭ ৰানত অপৰাজিত থকাৰ সময়তে তেওঁ দলৰ ইনিংছ ঘোষণা কৰে।
গ্ৰীষ্মকালত খালী পেটত কেতিয়াও নাথাব এইসমূহ খাদ্য...
মানুহৰ লগত অন্যায় কিয় হয়? প্ৰেমানন্দ মহাৰাজে ক’লে...
কিমান ধনী ক্ৰিকেটাৰ আকাশদীপ? BCCIৰ পৰা কিমান টকা লাভ কৰে?
B 12 অভাৱৰ লক্ষণ আৰু পৰিত্ৰাণৰ উপায় কি? জানক...