Morning News: দিনটোৰ আৰম্ভণি কৰক পুৱাৰ খবৰেৰে, পলকতে চকু ফুৰাওক কেইটামান প্ৰধান খবৰত…

স্বাভাৱিকতেই ক্ৰিকেটৰ জনপ্ৰিয়তা সূত্ৰে অভেল টেষ্ট জয়ৰ খবৰ সমগ্ৰ দেশৰে এক চৰ্চিত খবৰ হৈ পৰিছে। ইয়াৰ বাহিৰে ৰাজনীতিৰ পৰা আৰম্ভ কৰি কৃষি খণ্ডলৈ, ৰাজ্য-দেশ তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছু গুৰুত্বপূৰ্ণ খবৰ চাওঁ আহক।

Morning News: দিনটোৰ আৰম্ভণি কৰক পুৱাৰ খবৰেৰে, পলকতে চকু ফুৰাওক কেইটামান প্ৰধান খবৰত...

পুৱাৰ মুখ্য খবৰ

Published: 

05 Aug 2025 08:39 AM

প্ৰিয় পাঠক আমাৰ সৈতে সংযুক্ত হোৱাৰ বাবে আপোনাৰ প্ৰতি কৃতজ্ঞতা জনালোঁ। ব্যস্তময় জীৱনত চৌপাশৰ সকলো ঘটনা প্ৰবাহৰ খবৰ ৰখাটো সম্ভৱ নহয়। সেই বুলি আপুনি জানো খবৰৰ পৃথিৱীত এভুমুকি নমৰাকৈ থাকিব পাৰিব। সেই বাবেই দিনটোৰ আৰম্ভণিতে আমি আপোনাৰ বাবে লৈ আহিছোঁ এই শিতানটো। ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা মাত্ৰ দুই মিনিট সময় উলিয়াই জানি লওক আপোনাৰ বাবে প্ৰয়োজনীয় কেইটামান খবৰ।

  1. স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত লালকিল্লাৰ নিৰাপত্তাৰ ব্যৱস্থাত এক বৃহৎ গাফিলতি পোহৰলৈ আহিছে। নিৰাপত্তা পৰীক্ষাৰ অংশ হিচাপে স্পেচিয়েল চেলৰ এক বিশেষ অনুশীলনত ব্যৱহাৰ কৰা নকল বোমা ধৰা পেলোৱাত নিৰাপত্তাত নিয়োজিত আৰক্ষী  ব্যৰ্থ হোৱাৰ পিছত লালকিল্লাৰ নিৰাপত্তাত নিয়োজিত কনিষ্টবল আৰু হেড কনিষ্টবলকে ধৰি ৭জন আৰক্ষীক নিলম্বন কৰা হৈছে।
  2. উচ্ছেদ সন্দৰ্ভত বিৰোধী কংগ্ৰেছক তীক্ষ্ণ আক্ৰমণ কৰিছে বিজেপিয়ে। এক বিবৃতি যোগে ৰাজ্যিক বিজেপিয়ে কংগ্ৰেছ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে বেদখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানক লৈ শংকিত হৈ পৰিছে বুলি দাবী কৰে। কংগ্রেছ যদি খিলঞ্জীয়া প্রেমী হয়, খিলঞ্জীয়াক ৰক্ষা কৰিবলৈ অসমত বেদখলৰ বিৰুদ্ধে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই চলোৱা উচ্ছেদ অভিযানক কিয় সমর্থন কৰিব পৰা নাই বুলিও বিজেপিয়ে প্ৰশ্ন তোলে।
  3. খৰাং পৰিস্থিতিৰ বাবে সমস্যাৰ সন্মুখীন হোৱা ৰাজ্যৰ কৃষকসকলক জৰুৰী সহায় প্ৰদানৰ বাবে বিশেষ নিৰ্দেশনা প্ৰদান কৰিছে ৰাজ্য চৰকাৰে। জলসিঞ্চনৰ ব্যৱস্থাৰ লগতে কম সময়ৰ ভিতৰত ফচল হ’ব পৰা বীজ যোগান, প্ৰধানমন্ত্ৰীৰ ফচল বীমাৰ অধীনত সহায়, ইত্যাদি দিশৰ ওস্পমৰণৰত গুৰুত্ব আৰোপ কৰা হৈছে। লগতে পশুধনৰ বাবে পানী নিশ্চিত কৰিবলৈও নিৰ্দেশ দিয়া হৈছে।
  4. বিটিআৰত এতিয়া নিৰ্বাচনী বতাহ। এইপৰ্যন্ত বিটিচি নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও জোৰদাৰ ৰূপত নিৰ্বাচনী প্ৰচাৰ চলাইছে প্ৰতিটো দলে। তাৰ মাজতে কালি প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে বিপিএফে। প্ৰকাশিত এই ২২ জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা অনুসৰি দলটোৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে দেবৰগাঁও পৰিষদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
  5. জনসাধাৰণলৈ বৃহৎ সকাহ প্ৰদান কৰি National Pharmaceutical Pricing Authority, চমুকৈ NPPA- ই বহুকেইটা জীৱনদায়িনী ঔষধৰ মূল্য হ্ৰাস কৰিছে। হৃদৰোগৰ ঔষধ, এন্টিবায়টিক, ডায়েবেটিছৰ ঔষধ আদিকে ধৰি সৰ্বমুঠ ৩৫টা এনে ঔষধৰ খুচুৰা মূল্য হ্ৰাস পাইছে।
  6. বিগত তিনি বছৰতকৈও অধিক সময় ধৰি চলি থকা ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অৱসান ঘটাৰ সম্ভাৱনাই গা কৰি উঠিছে। এই যুদ্ধই বহুলোকৰ প্ৰাণ লোৱাৰ লগতে অলেখ লোকক গৃহহীন কৰি তুলিছে। এতিয়া ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিৰ সৈতে আলোচনা কৰিবলৈ সাজু হৈছে বুলি খবৰ প্ৰকাশ কৰিছে ৰাছিয়াৰ চৰকাৰী টেলিভিছন ষ্টেচন আৰ টি নিউজে।
  7. কালি অন্ত পৰে ভাৰত আৰু ইংলেণ্ডৰ মাজত চলি থকা পাঁচখন মেচৰ টেষ্ট শৃংখলা। অভেলত অনুষ্ঠিত হোৱা শৃংখলাৰ পঞ্চমখন মেচৰ কালি অন্তিম দিনা ভাৰতে ৬ ৰানৰ ৰোমাঞ্চকৰ বিজয় সাব্যস্ত কৰে। ভাৰতীয় দলৰ এই জয়ৰ মূল নায়ক হিচাপে পৰিগণিত হয় মহম্মদ চিৰাজ। ইংলেণ্ডৰ ইনিংছৰ অন্তিম চাৰিটা উইকেটৰ তিনিটাই দখল কৰি কালি চিৰাজে ভাৰতক তুলি দিয়ে স্মৰণীয় বিজয়।
বাৰিষা কিমান উষ্ণতাত ৰাখিব লাগে ফ্ৰীজ? সঠিককৈ নাজানে যদি এতিয়াই চাওক
স্বাভাৱিকভাৱে গৰ্ভাৱস্থাত কেনেকৈ ৰক্তচাপ নিয়ন্ত্ৰণত ৰাখিব পাৰি? জানক
মঙলবাৰে কাঁচ ভাঙিলে কি হ’ব? বাস্তু শাস্ত্ৰৰ মতে ইয়াৰ অৰ্থ জানক
ঘৰৰ চোতালত নিতে গচকা দুবৰি বনৰ এনে গুণাৱলীৰ কথা জানেনে? জানিলে আচৰিত হ’ব আপুনি