চাৰি বছৰত ২.৪৩ কোটি পৰ্যটকে ভ্ৰমণ কৰিলে অসম

২০২১-২২ চনৰ পৰা ২০২৪-২৫ পৰ্যটন বৰ্ষৰ ডিচেম্বৰলৈকে ৰাজ্যখনলৈ অহা পৰ্যটকৰ মুঠ সংখ্যা ২,৪৩,৬৪,১৮০ জন । ইয়াৰে ৬০,৩০৬জন বিদেশী পৰ্যটক ।

চাৰি বছৰত ২.৪৩ কোটি পৰ্যটকে ভ্ৰমণ কৰিলে অসম

প্ৰতীকী ছবি

Published: 

11 Mar 2025 19:53 PM

বিগত চাৰি বছৰত ২.৪৩ কোটিৰো অধিক পৰ্যটক অসমলৈ আহিছে । পৰ্যটন মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মঙলবাৰে বিধানসভাত দাখিল কৰে এই তথ্য । নিৰ্দলীয় বিধায়ক অখিল গগৈৰ এক প্ৰশ্নৰ উত্তৰত দাসে কয় যে ২০২১-২২ চনৰ পৰা ২০২৪-২৫ পৰ্যটন বৰ্ষৰ ডিচেম্বৰলৈকে ৰাজ্যখনলৈ অহা পৰ্যটকৰ মুঠ সংখ্যা ২,৪৩,৬৪,১৮০ জন । ইয়াৰে ৬০,৩০৬জন বিদেশী পৰ্যটক বুলিও কয় মন্ত্ৰীগৰাকীয়ে ।

২০২২-২৩ বৰ্ষত সৰ্বাধিক পৰ্যটকৰ সংখ্যা আছিল ৯৮,৩১,১৪১ । তাৰ পিছতে ২০২৩-২৪ চনত ৰাজ্যখন ভ্ৰমণ কৰিছিল ৭০,৬৭,৩৩৫ পৰ্যটকে । ২০২১-২২ চনত পৰ্যটকৰ সংখ্যা আছিল ১৭,০২,৯৩২ । আনহাতে ২০২৪-২৫ চনত (ডিচেম্বৰ পৰ্যন্ত) ৫৭,৬২,৭৭২ জন পৰ্যটকৰ সংখ্যা আছিল । এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ আন এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে পৰ্যটন খণ্ডক প্ৰসাৰিত কৰাৰ বাবে আন্তঃগাঁথনি উন্নয়ন, প্ৰচাৰ, দক্ষতা বিকাশৰ আঁচনি গ্ৰহণ কৰি আহিছে ।

নদী পৰ্যটনৰ প্ৰসাৰৰ বাবে বিভাগটোৱে ১৯৯১-৯২ চনত গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ নদীত ‘জলপৰী’ আৰু ২০১১-১২ চনত গুৱাহাটীৰ পৰা মাজুলীলৈ ‘মহাবাহু’ নামৰ বিলাসী ক্ৰুজ সেৱা আৰম্ভ কৰে । তদুপৰি ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত গুৱাহাটীৰ আঠটা প্ৰধান ধৰ্মীয় গন্তব্যস্থান আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহ সংযোগ কৰি ‘হপ অন হপ অফ’ নাও সেৱাৰ পৰিকল্পনা চলি আছে ।

ইয়াৰ কাৰ্যকৰীকৰণৰ বাবে সাগৰমালা ডেভেলপমেণ্ট কোম্পানী লিমিটেড, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ লিমিটেড, ৰাজ্যৰ পৰ্যটন বিভাগ আৰু আভ্যন্তৰীণ জল পৰিবহণ বিভাগ, অসমৰ যৌথভাৱে এটা নতুন সংস্থা গঠন কৰা হৈছে । দাসে লগতে কয় যে ইয়াক ‘ব্ৰহ্মপুত্ৰ সাগৰমালা মন্দিৰ দৰ্শনম এছ পি ভি প্ৰাইভেট লিমিটেড’ নামেৰে নামকৰণ কৰা হৈছে আৰু প্ৰকল্পটো ৰূপায়ণৰ দায়িত্ব অৰ্পণ কৰা হৈছে ।

শাওণ মাহৰ প্ৰথম সোমবাৰত ৪ টা বিৰল সংযোগ! পূজা কৰিলে পাব সুফল...
শিৱৰ প্ৰিয় ৩ ৰাশি! শাওণ মাহত লাভ কৰিব বিশেষ কৃপা...
ফ্ৰীজৰ পানী লিকৰ সমস্যাই চিন্তিত কৰিছে নেকি? ইয়াৰ কাৰণ আৰু সমাধান কি জানেনে?
পেইন কিলাৰ ঔষধ খালী পেটত খালে বিক্ক বিকল হ’ব পাৰে নেকি! কি কয় বিশেষজ্ঞই