বৰাকৰ পৰা নোবেল কমিটীলৈ পত্ৰ প্ৰেৰণ মহম্মদ ইউনুছৰ বিৰুদ্ধে…পত্ৰত স্বাক্ষৰ কৰিলে এশৰো অধিক নাগৰিকে

নৰৱেৰ নোবেল কমিটীলৈ কাছাৰ জিলাৰ এশৰো অধিক নাগৰিকে স্বাক্ষৰ কৰি পত্ৰ প্ৰেৰণ কৰিছে । এই পত্ৰৰ জৰিয়তে বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা কথিত অত্যাচাৰৰ বাবে নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন বাংলাদেশী চৰকাৰক গৰিহণা দি বিবৃতি প্ৰকাশ কৰিবলৈ নোবেল কমিটীক আহ্বান জনোৱা হৈছে ।

বৰাকৰ পৰা নোবেল কমিটীলৈ পত্ৰ প্ৰেৰণ মহম্মদ ইউনুছৰ বিৰুদ্ধে...পত্ৰত স্বাক্ষৰ কৰিলে এশৰো অধিক নাগৰিকে

মহম্মদ ইউনুছ

Updated On: 

09 Dec 2024 21:47 PM

বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱাৰ আক্ৰমণৰ ঘটনাক কেন্দ্ৰ কৰি নৰৱেৰ নোবেল কমিটীলৈ কাছাৰ জিলাৰ এশৰো অধিক নাগৰিকে স্বাক্ষৰ কৰি পত্ৰ প্ৰেৰণ কৰিছে । এই পত্ৰৰ জৰিয়তে বাংলাদেশত সংখ্যালঘুৰ ওপৰত হোৱা কথিত অত্যাচাৰৰ বাবে নোবেল বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বত গঠিত অন্তৱৰ্তীকালীন বাংলাদেশী চৰকাৰক গৰিহণা দি বিবৃতি প্ৰকাশ কৰিবলৈ নোবেল কমিটীক আহ্বান জনোৱা হৈছে । তিনিজন অধিবক্তা আৰু ১০৭ জন নাগৰিকে স্বাক্ষৰিত এই পত্ৰ প্ৰেৰণৰ বাবে কাছাৰ জিলাৰ উপায়ুক্তক প্ৰদান কৰা হৈছে ।

পত্ৰখনত ​​অভিযোগ কৰা হৈছে যে, ইউনুছৰ অন্তৱৰ্তীকালীন চৰকাৰে হিন্দু আৰু অন্যান্য় সংখ্যালঘুৰ ওপৰত হোৱা হিংসা আৰু নিৰ্যাতনৰ বন্ধ কৰাৰ ক্ষেত্ৰত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ বিৰুদ্ধে সংঘটিত হোৱা অত্যাচাৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰি এই পত্ৰখনত কোৱা হৈছে যে, এই ঘটনাবোৰে নোবেল বঁটাৰ আদৰ্শ – শান্তি, ন্যায়, আৰু মানৱীয় মৰ্যাদাক ক্ষতিগ্ৰস্ত কৰে। যিহেতু অন্তৱৰ্তীকালীন চৰকাৰৰ নেতৃত্বত থকা মহম্মদ ইউনুছ হৈছে এগৰাকী নোবেল বিজয়ী ।

স্বাক্ষৰকাৰীসকলে দাবী কৰে যে, ‘বাংলাদেশৰ সংখ্যালঘুসকলৰ অধিকাৰ সুৰক্ষিত কৰাত ইউনুছৰ চৰকাৰ ব্যৰ্থ হোৱাৰ বাবে বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই ৰাজহুৱাভাৱে তেওঁক এই হিংসাত্মক আক্ৰমণ আৰু গণহত্যাৰ আঁৰৰ ‘মাষ্টাৰমাইণ্ড’ বুলি অভিযোগ কৰিছে।” স্মাৰকপত্ৰখনত এই কথাও কোৱা হৈছে যে, নোবেল বঁটা শান্তি, ন্যায় আৰু মানৱীয় মৰ্যাদা ৰক্ষাৰ স্বাৰ্থত। কিন্তু যিসকল ব্যক্তিৰ কাৰ্যই হিংসা আৰু সংখ্যালঘুৰ ওপৰত অত্যাচাৰত প্ৰত্যক্ষভাৱে অৰিহণা যোগায়, তেওঁলোকক নোবেল বঁটা প্ৰদান কৰিলে ইয়াৰ নৈতিক কৰ্তৃত্ব হেৰুৱাৰ আশংকা থাকে ।

পত্ৰখনত আৰু কোৱা হৈছে যে, ‘এসময়ত সমাজ সংস্কাৰক হিচাপে পৰিচিত ইউনুছ সংখ্যালঘুৰ ওপৰত হোৱা নিৰ্যাতনৰ সমৰ্থক হৈ পৰিছে। পত্ৰখনত কোৱা হৈছে, ইউনুছক শান্তি নোবেল বঁটা প্ৰদানৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিব নোৱাৰিলেও, এই পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই সমিতিখনক ‘তাৎক্ষণিক আৰু নিৰ্ণায়ক ব্যৱস্থা’ ল’বলৈ আহ্বান জনোৱা হৈছে।

ইয়াত লগতে পত্ৰৰ জৰিয়তে ইউনুছৰ নেতৃত্বত বাংলাদেশত হিন্দু আৰু অন্যান্য সংখ্যালঘুৰ বিৰুদ্ধে চলি থকা কথিত হিংসা আৰু বৈষম্যক গৰিহণা দি বিবৃতি প্ৰকাশ কৰিবলৈ আহ্বান জনোৱা হৈছে । এই বিষয়ত মৌনতা অৱলম্বন কৰাটো বাংলাদেশত সংঘটিত হোৱা অত্যাচাৰৰ মৌন অনুমোদন হিচাপে পৰিগণিত হ’ব বুলি পত্ৰখনত উল্লেখ কৰা হৈছে । স্মাৰক পত্ৰখনত নোবেল বঁটা বিজয়ী হোৱাৰ লগত জড়িত গভীৰ নৈতিক দায়িত্বৰ কথা ইউনুছৰ সোঁৱৰাই দিয়াৰ লগতে এই গুৰুতৰ সমস্যাসমূহৰ সমাধানৰ বাবে স্পষ্ট পদক্ষেপ ল’বলৈ আহ্বান জনাইছে।

আৰ্থিক সংকট দূৰ আৰু সফলতা লাভৰ বাবে ঘৰলৈ আনক এইসমূহ সামগ্ৰী...
হৰম'নৰ ভাৰসাম্যহীনতাৰ পৰা ওজন বৃদ্ধিলৈ, ৩৫ৰ পাছত পুৰুষে কেনেদৰে নিজকে ফিট ৰাখিব পাৰে? ৫ টা টিপছ
আহিব দৰিদ্ৰতা! সূৰ্যাস্তৰ পাছত দান নকৰিব এই ৫ বিধ বস্তু...
বুধবাৰে তুলসী ৰোপণ কৰিলে কি হয়? জানক...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...