সপ্তাহজোৰা কাৰ্যসূচীৰে কম্বোডিয়া, মালয়েছিয়ালৈ যাব পবিত্ৰ মাৰ্ঘেৰিটা, বিদেশ মন্ত্ৰীৰে মিলিত হ’ব বৈঠকত

এই ভ্ৰমণসূচীৰ অংশস্বৰূপে অহা ৭ আৰু ৮ জুলাইত কম্বোডিয়াত উপস্থিত থাকি দেশখনৰ জ্যেষ্ঠ নেতৃত্বক সাক্ষাৎ কৰাৰ লগতে ITEC/ICCR ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু কম্বোডিয়াৰ প্ৰবাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তদুপৰি কম্বোডিয়াৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহত ভাৰতৰ দ্বাৰা ৰূপায়িত ব্যাপক সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই।

সপ্তাহজোৰা কাৰ্যসূচীৰে কম্বোডিয়া, মালয়েছিয়ালৈ যাব পবিত্ৰ মাৰ্ঘেৰিটা,  বিদেশ মন্ত্ৰীৰে মিলিত হব বৈঠকত

পবিত্ৰ মাৰ্ঘেৰিটা

Updated On: 

05 Jul 2025 | 06:41 PM

সপ্তাহজোৰা চৰকাৰী কাৰ্যসূচী হাতত লৈ কম্বোডিয়া আৰু মালয়েছিয়া ভ্ৰমণ কৰিব কেন্দ্ৰীয় বৈদেশিক ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই। ৫ জুলাইৰ পৰা ১১ জুলাইলৈ দুয়োখন দেশ উপস্থিত থাকিব মন্ত্ৰীগৰাকী। মালেছিয়াত অনুষ্ঠিতব্য আছিয়ান (ASEAN)ৰ বিদেশ মন্ত্ৰীসকলৰ শীৰ্ষ সন্মিলনত ভাগ লোৱাৰ উদ্দেশ্যেৰে দেশৰ এক প্ৰতিনিধি দলৰ নেতৃত্ব লৈ আজি নিশা ৰাওনা হ’ব পবিত্ৰ মাৰ্ঘেৰিটা।

এই ভ্ৰমণসূচীৰ অংশস্বৰূপে অহা ৭ আৰু ৮ জুলাইত কম্বোডিয়াত উপস্থিত থাকি দেশখনৰ জ্যেষ্ঠ নেতৃত্বক সাক্ষাৎ কৰাৰ লগতে ITEC/ICCR ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু কম্বোডিয়াৰ প্ৰবাসী ভাৰতীয়ৰ সৈতে মত বিনিময় কৰিব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে । তদুপৰি কম্বোডিয়াৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰসমূহত ভাৰতৰ দ্বাৰা ৰূপায়িত ব্যাপক সংৰক্ষণ আৰু পুনৰুদ্ধাৰ কাৰ্যসূচীৰ পৰ্যালোচনা কৰিব পবিত্ৰ মাৰ্ঘেৰিটাই। যিবোৰ দুইখন দেশৰ সংস্কৃতিৰ উমৈহতীয়া প্ৰতীক। উল্লেখ্য যে কম্বোডিয়াৰ সৈতে ভাৰতৰ উৎকৃষ্ট আৰু ঘনিষ্ঠ সম্পর্কটো দুইখন দেশৰ সভ্যতাৰ ঐতিহ্য আৰু জনমুখী উন্নয়ন অংশীদাৰিত্বৰ ওপৰত আধাৰিত। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণে দুয়োখন দেশৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক সুদৃঢ় কৰিব বুলি চৰ্চিত হৈছে।

কম্বোডিয়া ভ্ৰমণ সামৰি কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই ১০ আৰু ১১ জুলাইত আছিয়ান অধ্যক্ষ ৰাষ্ট্ৰ মালয়েছিয়াৰ আমন্ত্ৰণ মৰ্মে ভাৰতক প্ৰতিনিধিত্ব কৰি দেশখনৰ ৰাজধানী কুৱালালামপুৰত উপস্থিত হ’ব । কুৱালালামপুৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ‘আছিয়ান-ভাৰত’, ‘ইষ্ট এছিয়া শীৰ্ষ সন্মিলন (EAS)’আৰু ‘আছিয়ান ৰিজিওনেল ফ’ৰাম (ARF)’-ৰ ফৰ্মেটত অনুষ্ঠিত হ’বলগীয়া বৈঠকত অংশগ্ৰহণ কৰিব।  এই সন্মিলনত আছিয়ানৰ ১০ খন সদস্য ৰাষ্ট্ৰৰ লগতে আৰু বহুকেইখন ৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰীয়ে ভাগ ল’ব। ইয়াৰ উপৰিও তিনিখন ৰুদ্ধদ্বাৰ বৈঠকৰ লগতে বহুকেইখন দেশৰ বিদেশ মন্ত্ৰীৰ সৈতে সমান্তৰাল দ্বিপাক্ষিক বৈঠকতো অংশগ্রহণ কৰিব মন্ত্ৰীগৰাকীয়ে।

উল্লেখ্য যে,  ভাৰত আৰু আছিয়ানৰ মাজত গভীৰ সাংস্কৃতিক আৰু সভ্যতাৰ বান্ধোন আছে। আছিয়ান হৈছে ভাৰতৰ ‘Act East Policy’ আৰু ‘Indo-Pacific Vision’-ৰ মূল আধাৰ। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণৰ জৰিয়তে আছিয়ান কেন্দ্ৰিক আঞ্চলিক পৰিকাঠামোত ভাৰতৰ গুৰুত্ব আৰু অৱদানক অধিক স্পষ্ট ৰূপত প্ৰতিফলিত কৰিব । বিদেশ মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কুৱালালামপুৰত আছিয়ান বৈঠকসমূহৰ সমান্তৰালকৈ অন্য দেশৰ বিদেশ মন্ত্ৰীসকলৰ সৈতেও দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব