“মোৰ মুখেৰে এষাৰ ক’ব নলগীয়া বাক্য ওলাই গৈছিল”, ভুল স্বীকাৰ কৰিলে জয়ন্ত মল্লবৰুৱাই

তলৰ শ্ৰেণীৰ মানুহৰ সৈতে কথা নপতা জয়ন্ত মল্লবৰুৱাই স্বীকাৰ কৰিলে নিজৰ ভুল। আজিৰ সামাজিক মাধ্যমৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয় যে, মই সঁচাকৈয়ে দুঃখিত।

মোৰ মুখেৰে এষাৰ ক’ব নলগীয়া বাক্য ওলাই গৈছিল, ভুল স্বীকাৰ কৰিলে জয়ন্ত মল্লবৰুৱাই

জয়ন্ত মল্লবৰুৱা

Published: 

29 Jun 2025 | 12:04 PM

অৱশেষত সাংবাদিকক উদ্দেশ্যি কৰা মন্তব্যৰ সন্দৰ্ভত দুখ প্ৰকাশ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই। তলৰ শ্ৰেণীৰ মানুহৰ সৈতে কথা নপতা জয়ন্ত মল্লবৰুৱাই স্বীকাৰ কৰিলে নিজৰ ভুল। আজিৰ সামাজিক মাধ্যমৰ জৰিয়তে মন্ত্ৰীগৰাকীয়ে কয় যে, “সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছিল, আছে আৰু সদায়েই থাকিব।”

তেওঁ কয়, “সংবাদ জগতৰ সৈতে আমাৰ পৰিয়ালৰ সম্পৰ্ক বহু পুৰণি। মোৰ দেউতাই ২২ বছৰ ‘দৈনিক অসম’ৰ দৰে এখন প্ৰতিষ্ঠিত কাকতৰ স্থানীয় সংবাদদাতা হিচাপে কাম কৰিছিল। সেয়ে সাংবাদিকৰ প্ৰতি মোৰ গভীৰ শ্ৰদ্ধা সৰুৰে পৰাই গঢ় লৈ উঠিছিল আৰু এই শ্ৰদ্ধা মোৰ অন্তৰত আছিল, আছে আৰু সদায়েই থাকিব।”

ইচ্ছাকৃত ভাৱে মই কোনো সাংবাদিকক অপমান কৰা নাই, তথাপিতো মোৰ কথাত যদি কাৰোবাৰ মনত আঘাত লাগিছে তাৰবাবে মই সঁচাকৈয়ে দুঃখিত। লগতে এটা কথা মই বিনম্ৰতাৰে স্পষ্ট কৰি দিব খোজোঁ যে, সিদিনাৰ সংবাদমেলত কোনো সাংবাদিকক তুচ্ছ কৰাৰ মানসিকতাৰে মই একো কথা কোৱা নাছিলোঁ।” এইদৰে ভুল স্বীকাৰ কৰিছে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।

ইয়াৰ লগতে মন্ত্ৰী মল্লবৰুৱাই কয় ,”মাত্ৰ এটা নিৰ্দিষ্ট চেনেলৰ এগৰাকী নিৰ্দিষ্ট সাংবাদিকে তেওঁৰ মালিকপক্ষৰ ব্যক্তিগত স্বাৰ্থত উদ্দেশ্য প্ৰণোদিতভাবে মোক উপৰ্যুপৰি কৰা প্ৰশ্ন (বা একপ্ৰকাৰৰ জেৰা)-ত অতীষ্ঠ হৈ মোৰ মুখেৰে এষাৰ ক’ব নলগীয়া বাক্য ওলাই গৈছিল। সেই বাক্যশাৰী মই নিশ্চয় ক’ব নালাগিছল। মই যদিও এগৰাকী নিৰ্দিষ্ট সাংবাদিকক উদ্দেশ্য কৰি সেই বাক্যশাৰী কৈছিলোঁ, তাক লৈ সমগ্ৰ সাংবাদিক সমাজে দুখ পোৱা বুলি জানি মই নিজেও মনত বৰ আঘাত পাইছোঁ। সেয়ে সকলোকে ভুল নুবুজিবলৈ মই বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ৷”

উল্লেখ্য যে, এখন সংবাদমেলত এগৰাকী সাংবাদিকে প্ৰশ্ন সোধাৰ সময়ত “তলৰ শ্ৰেণীৰ মানুহৰ সৈতে কথা নাপাতো” বুলি কৈছিল মন্ত্ৰীগৰাকীয়ে। ইয়াৰ পাছতে এই কথাষাৰে সমগ্ৰ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছিল। একেদৰে সাংবাদিকসকলেও প্ৰতিবাদ সাব্যস্ত কৰিছিল মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব