কঠোৰ ন্যায়ালয়! নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান

আদালতে তথ্য প্ৰমানৰ ভিত্তিত জয়ন্ত তালুকদাৰক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। লগতে ১ লাখ জৰিমনা বিহা হৈছে জয়ন্ত তালুকদাৰক। গোচৰটোৰ তদন্ত কাৰী বিষয়া আছিল WSI জিতুমনি ৰাভা । জয়ন্ত তালুকদাৰৰ বিৰুদ্ধে পল্টনবজাৰ থানাৰ 105/24নং গোচৰটোৰ বিপৰীতে দিয়া হৈছে এই ৰায়দান।

কঠোৰ ন্যায়ালয়! নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰাৰ অভিযোগত যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান

প্ৰতীকি ফটো

Updated On: 

12 Jul 2025 | 04:05 PM

মহানগৰ আৰক্ষীৰ আন এক বৃহৎ সাফল্য । এটা নহয় দুটাকৈ পুৰণি গোচৰত ৰায়দান দিলে আদালতে। শিশুক যৌন নির্যাতনৰ অপৰাধত এজন লোকক বিহা হৈছে সশ্রম কাৰাদণ্ড।নাবালিকাৰ সৈতে জঘন্য কাণ্ড সংঘটিত কৰাৰ অপৰাধত বিহা হৈছে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড । কামৰূপ মহানগৰ POCSO আদালতৰ এই ৰায়দান। আন এজন অভিযুক্তজনক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে।

চন্দন বৰা নামৰ অভিযুক্তজনক বিহা হৈছে ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড। পল্টনবজাৰ থানাৰ 105/24নং গোচৰটোৰ বিপৰীতে দিয়া হৈছে এই ৰায়দান। অভিযুক্তক IPCৰ 376ধাৰাত আৰু POCSO আইনৰ 6নং ধাৰাত দোষী সাব্যস্ত কৰা হৈছে অভিযুক্ত চন্দন বৰা । লগতে বিহা হৈছে অতিৰিক্ত ১০ হাজাৰ টকাৰ জৰিমনাও। জৰিমনা প্ৰদানত ব্যৰ্থ হলে অতিৰিক্ত ৩ বছৰ সশ্ৰম কাৰাদণ্ড ভুগিব লাগিব চন্দন বৰাই ।

জানিব পৰা মতে, গোচৰটোত নাবালিকাগৰাকীৰ পক্ষত যুক্তি দৰ্শাইছিল অধিবক্তা দীপা বেজবৰুৱাই। ঘটনা সন্দৰ্ভত DCP অমিতাভ বসুমতাৰীয়ে কয়, “আমাৰ IO সকলে ভালদৰে তদন্ত কৰা বাবে আৰু সময়মতে চাৰ্জশ্বীট দিয়াৰ বাবে এয়া সম্ভৱ হৈছে ।” পল্টনবজাৰ থানাত বৰাৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। এটা বছৰৰ ভিতৰতে আদালতে দিছে এই শাস্তি।

ইফালে আন এজন নাবালিকা নিৰ্যাতনকাৰীক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। গুৱাহাটীৰ এগৰাকী ১৪ বছৰীয়া নাবালিকাৰ ওপৰত কৰিছিল যৌন নিৰ্যাতন চলোৱা অভিযোগ উত্থাপন হৈছিল সম্পৰ্কীয় জয়ন্ত তালুকদাৰৰ বিৰুদ্ধে। এই সন্দৰ্ভত নাবালিকাগৰাকীয়ে যৌন নিৰ্যাতন কথা অৱগত কৰিছিল এগৰাকী শিক্ষকক। শিক্ষকগৰাকীয়ে নাবালিকা গৰাকীৰ পৰিয়ালক অৱগত কৰিছিল সমগ্ৰ ঘটনা। তাৰ পিছত নাবালিকাগৰাকীৰ পৰিয়ালে পল্টন বজাৰ থানাত দাখিল কৰিছিল এজাহাৰ। এজাহাৰ ভিত্তিত পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল জয়ন্ত তালুকদাৰক ।

তাৰ পিছতে আদালতে তথ্য প্ৰমানৰ ভিত্তিত জয়ন্ত তালুকদাৰক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে আদালতে। লগতে ১ লাখ জৰিমনা বিহা হৈছে জয়ন্ত তালুকদাৰক। গোচৰটোৰ তদন্ত কাৰী বিষয়া আছিল WSI জিতুমনি ৰাভা । জয়ন্ত তালুকদাৰৰ বিৰুদ্ধে পল্টনবজাৰ থানাৰ 105/24নং গোচৰটোৰ বিপৰীতে দিয়া হৈছে এই ৰায়দান।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...