অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছতে কাৰ্বি প্ৰতিনিধিৰে দিছপুৰত বৈঠক, কি কি সিদ্ধান্ত ল’লে ?

বৈঠকত উপস্থিত আছিল কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং আৰু কাৰ্বি আংলঙৰ দল-সংগঠনৰ প্ৰতিনিধি। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছতে কাৰ্বি প্ৰতিনিধিৰে দিছপুৰত বৈঠক, কি কি সিদ্ধান্ত ললে ?
Updated On: 

26 Dec 2025 20:18 PM

পশ্চিম কাৰ্বি আংলঙৰ অগ্নিগৰ্ভা পৰিস্থিতি ক্ৰমান্বয়ে শান্ত হৈছে। যোৱা দুদিনত কোনো ধৰণৰ নতুন হিংসাত্মক ঘটনাৰ খবৰ লাভ কৰা নাই। সেই অগ্নিগৰ্ভা পৰিস্থিতিৰ পাছত কাৰ্বিসকলৰ দাবী সন্দৰ্ভত আজি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ৰাজ্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকত উপস্থিত আছিল কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং আৰু কাৰ্বি আংলঙৰ দল-সংগঠনৰ প্ৰতিনিধি। এই বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উল্লেখ্য যে, কাৰ্বিসকলে খেৰণি অঞ্চলৰ বৃহৎ পৰিমাণৰ ভিজিআৰ-পিজিআৰ ভূমিত অনা কাৰ্বি লোকে বেদখল কৰাৰ অভিযোগ উত্থাপন কৰি আহিছে। যাক লৈ তেওঁলোকে আন্দোলন কৰি সেই অঞ্চলত বসবাস কৰা অনা কাৰ্বিসকলক উচ্ছেদ কৰাৰ দাবী জনাই আহিছে। শেহতীয়াকৈ এই বিষয়তে পশ্চিম কাৰ্বি আংলঙত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হৈছিল। এই পৰিপ্ৰেক্ষিতত আজি ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়।

বৈঠকত কি কি সিদ্ধান্ত লোৱা হয় ?

  1. মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জনোৱা মতে, কাৰ্বি আংলঙৰ খেৰণি অঞ্চলৰ ভিজিআৰ আৰু পিজিআৰৰ ভূমিৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিচাৰাধীন হৈ থকা বিষয়টোৰ ক্ষেত্রত কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে অহা ৫ জানুৱাৰীৰ ভিতৰত শপতনামা দাখিল কৰিব। সমান্তৰালভাৱে কাৰ্বি নাগৰিক সমাজেও গোচৰটোৰ ক্ষেত্ৰত এটা পক্ষ হিচাপে নিজৰ বক্তব্য উপস্থাপন কৰিব।
  2. বিষয়টোৰ গুৰুত্বলৈ লক্ষ্য ৰাখি ইয়াৰ খৰতকীয়া শুনানি আৰু ৰায়দানৰ বাবে ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ জনাব, যাতে আদালতৰ ৰায়দান অনুসৰি চৰকাৰে ব্যৱস্থা গ্রহণ কৰিব পাৰে।
  3. খেৰণিৰ ভিজিআৰ-পিজিআৰ এলেকাত থকা চৰকাৰী কাৰ্যালয়সমূহো অতি সোনকালে অন্য স্থানলৈ স্থানান্তৰিত কৰা হ’ব।
  4. খেৰণিত থকা ৮ হাজাৰ বিঘা ভিজিআৰ-পিজিআৰ ভূমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে অনতিপলমে বেৰা দিয়াৰ ব্যৱস্থা কৰাৰ লগতে এই ভূমিত বনানীকৰণৰ ব্যৱস্থা কৰিব যাতে ভৱিষ্যতে কোনেও এই ভূমি দখল কৰিব নোৱাৰে।
  5. খেৰণিত সংঘটিত শেহতীয়া ঘটনাত আৰক্ষীৰ গুলীচালনাত প্রাণ হেৰুওৱা ব্যক্তিগৰাকীৰ নিকটাত্মীয়ক কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে এটা চাকৰি প্ৰদান কৰাৰ লগতে ৰাজ্য চৰকাৰে অতিৰিক্তভাৱে ১০ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰিব।
  6. ভিজিআৰ-পিজিআৰ ভূমিত থকা সকলো ব্যৱসায়িক প্রতিষ্ঠানৰ অনুজ্ঞাপত্ৰসমূহ কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে তৎকালে বাতিল কৰিব।
  7. কাৰ্বি আংলং জিলাৰ যিসমূহ চৰকাৰী বিভাগীয় ভূমি বিভিন্ন লোকে বেদখল কৰি বসবাস কৰি আহিছে, সেই সকলো ভূমি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদে বেদখলমুক্ত কৰিব। অহা ১৭ জানুৱাৰীত দ্বিতীয় লানি আলোচনা অনুষ্ঠিত হ’ব।
  8. কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কেইবাখনো আইন সম্প্রতি ৰাজ্য চৰকাৰৰ বিচাৰাধীন হৈ আছে। এই আইনসমূহকো ৰাজ্য চৰকাৰে অনতিপলমে অনুমোদন দিয়াৰ বাবে পদক্ষেপ গ্রহণ কৰিব।
নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...