জাগীৰোডত ভয়ংকৰ ঘটনা! ১০ টকাৰ বাবেই প্ৰাণ হেৰুৱালে এজন দিন হাজিৰা কৰা লোকে

১০ টকা খোজা বাবে বাবে এজন শ্ৰমিকক উপৰ্যুপৰি আক্ৰমণ। তাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰিলে শ্ৰমিকজনে। দহ টকীয়া এপেকেট বিস্কুটে কাল অমানিশা নমাই আনিলে পৰিয়ালটোলৈ। এই ঘটনা সংঘটিত হৈছে জাগীৰোডত ৷

জাগীৰোডত ভয়ংকৰ ঘটনা! ১০ টকাৰ বাবেই প্ৰাণ হেৰুৱালে এজন দিন হাজিৰা কৰা লোকে

প্ৰতীকি ফটো

Updated On: 

12 Apr 2025 | 04:30 PM

দিনে দিনে যেন মানুহে হেৰুৱাই পেলাইছে মানৱতা। পাহৰি গৈছে নৈতিক দ্বায়িত্ববোধ।  হৈ পৰিছে স্বাৰ্থপৰ নৃসংশ। ৰাজ্যত সংঘটিত এনে কিছুমান ঘটনাই ভাবিবলৈ বাধ্য কৰাইছে মানুহক। সঁচাকৈ ইমান তললৈ নামিব পাৰেনে মানুহ? ১০ টকা খোজা বাবেই এজন শ্ৰমিকক উপৰ্যুপৰি আক্ৰমণ। তাৰ পিছত শেষ নিশ্বাস ত্যাগ কৰিলে শ্ৰমিকজনে। দহ টকীয়া এপেকেট বিস্কুটে কাল অমানিশা নমাই আনিলে পৰিয়ালটোলৈ। এই ঘটনা সংঘটিত হৈছে জাগীৰোডত ৷

জানিব পৰা মতে নিহত লোকজন জাগীৰোডৰ ঘুনুচা হাবীগাঁৱৰ ৰাজু হৰিজন। ঘটনা সংঘটিত কৰা অভিযুক্ত কুন্দল দেউৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী ৰাজু হৰিজনৰ পৰিয়ালৰ। ৰাজু হৰিজন নামৰ প্ৰায় ৪২ বছৰীয়া লোকজনে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আছিল। জাগীৰোডৰ কণাবঢ়ি গাঁৱৰ কুন্দল দেউৰী নামৰ এজন লোকৰ ঘৰত দিন হাজিৰা কৰিবলৈ গৈছিল ৰাজুক। তেওঁ বেৰ দিয়াৰ কামত নিয়োজিত কৰিছিল কুন্দল দেউৰীয়ে ৷

যোৱা ৭ এপ্ৰিল তাৰিখে সন্ধিয়া কাম শেষ হোৱাৰ পাছত শ্ৰমিক ৰাজু হৰিজনক চাহ আৰু বিস্কুট খাবলৈ ১০ টকা দিছিল কুন্দল দেউৰীয়ে ৷ কিন্তু দহ টকা দিয়াৰ পাছত ৰাজুৱে কুন্দল দেউৰীৰ পৰা বিচাৰিছিল ২০ টকা৷  সেই কথাক লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় ৷ এটা সময়ত এই কাজিয়াই লয় ভয়ংকৰ ৰূপ ৷ তাৰ পাছত যি পৰিস্থিৰ সৃষ্টি হয় সেয়া হয়তো সকলোৰে কল্পনাৰ বাহিৰত। কেৱল বাক-বিতণ্ডাতে ক্ষান্ত নাথাকি শ্ৰমিক ৰাজু হৰিজনক উপৰ্যুপৰি আক্ৰমণ কৰে কুন্দল দেউৰীয়ে।

আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় শ্ৰমিক ৰাজু৷ তাৰ পাছত অচেতন হৈ পৰা ৰাজুক এখন ই-ৰিক্সাত উঠাই ঘৰলৈ পঠাই দিয়ে কুন্দলে। ঘৰত উপস্থিত হোৱাৰ পাছত ৰাজুক দেখি আতংকিত হৈ পৰে পৰিয়ালৰ লোকসকল। তেওঁলোকে কোনেও নাজাছিল ৰাজুৰ এই অৱস্থা কোনে কৰিলে। ততাতৈয়াকৈ মুৰ্মূষু অৱস্থাতে ৰাজুক পৰিয়ালৰ লোকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ যায় ৷ কিন্তু ৰক্ষা নপৰিল ৰাজুৰ প্ৰাণ। ১০ টকা এটাৰ বাবে নিজৰ জীৱনটোকে হেৰুৱাবলগীয়া হ’ল দৰিদ্ৰ লোকজনে। অৱশেষত বৃহস্পতিবাৰে চিকিৎসালয়তে মৃত্যুক সাবটি লয় ৰাজুৱে ৷

ৰাজুৰ জটিল পৰিস্থিতি সন্দৰ্ভত কুন্দল দেউৰীক অৱগত কৰিছিল যদিও কুন্দলৰ বিৰুদ্ধে কোনো খবৰ নোলোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷ ইফালে শুকুৰবাৰে নিশা ৰাজু হৰিজনৰ মৃতদেহ লৈ জাগীৰোড আৰক্ষী থানাত উপস্থিত হয় পৰিয়াল আৰু আত্মীয়৷ এই ঘটনাৰ পাছত এতিয়া চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত। ঘটনাক লৈ অব্যাহত আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া। অভিযুক্ত কুন্দল দেউৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদানৰ দাবী জনায় ভুক্তভোগী পৰিয়ালটোৱে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...