মহানগৰীত অঘটনঃ অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড চৌহদত বিল্ডিঙৰ পৰা পৰি মৃত্যু যুৱকৰ

গুৱাহাটীৰ চানমাৰীস্থিত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাৰ্যালয় চৌহদত ঘটিছে অঘটন। ব’ৰ্ডৰ চৌহদৰ ভিতৰত থকা ল’জৰ পৰা পৰি মৃত্যু ঘটিছে এজন যুৱকৰ। যোৱা নিশা প্ৰায় ১.৩০ বজাত এই ঘটনা সংঘটিত হৈছে। নিহত যুৱকজনক গোৰেশ্বৰৰ বিকাশ অধিকাৰী বুলি চিনাক্ত কৰা হৈছে।

মহানগৰীত অঘটনঃ অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ড চৌহদত বিল্ডিঙৰ পৰা পৰি মৃত্যু যুৱকৰ

অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাৰ্যালয় চৌহদত অঘটন

Published: 

09 Nov 2024 10:29 AM

গুৱাহাটী মহানগৰীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মহানগৰীৰ চানমাৰীস্থিত অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাৰ্যালয় চৌহদত ঘটিছে অঘটন। ব’ৰ্ডৰ চৌহদৰ ভিতৰত থকা ল’জৰ পৰা পৰি মৃত্যু ঘটিছে এজন যুৱকৰ। এই ঘটনাই অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰকাশিত খবৰ অনুসৰি যোৱা নিশা প্ৰায় ১.৩০ বজাত এই ঘটনা সংঘটিত হৈছে। ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে মহানগৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰে।

এই ঘটনাত প্ৰাণ হেৰুওৱা যুৱকজনক বিকাশ অধিকাৰী বুলি চিনাক্ত কৰা হৈছে। নিহত বিকাশ অধিকাৰীৰ ঘৰ গোৰেশ্বৰত বুলি জানিব পৰা গৈছে। কৰ্মসূত্ৰে গুৱাহাটীত আছিল নিহত বিকাশ অধিকাৰীৰ। সূত্ৰ অনুসৰি যুৱকজনে মহানগৰীৰ পল্টন বজাৰত থকা এখন হোটেলত চিকিউৰিটি হিচাপে কৰ্মৰত আছিল।

জানিব পৰা মতে এগৰাকী বন্ধুৰ জন্মদিন উদযাপনৰ বাবে যোৱা নিশা অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাৰ্যালয় চৌহদত থকা ক্ৰিষ্টেন ইন নামৰ ল’জটোলৈ গৈছিল বিকাশ। ল’জটোৰ দ্বিতীয় মহলাৰ এটা কোঠাত বিকাশে দুই বন্ধুৰ সৈতে পাৰ্টি কৰিছিল। পাৰ্টিৰ পিছতে বিল্ডিঙৰ পৰা তললৈ বাগৰি পৰাৰ ফলত এইদৰে বিকাশ অধিকাৰীৰ মৃত্যু ঘটা বুলি সূত্ৰই প্ৰকাশ কৰিছে।

অৱশ্যে এয়া আত্মহত্য নে দুৰ্ঘটনা সেই বিষয়ে এতিয়াও কোনো তথ্য পোহৰলৈ অহা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সম্প্ৰতি তদন্ত অব্যাহত ৰাখিছে। আৰক্ষীৰ তদন্ততহে এই ঘটনাৰ প্ৰকৃত তথ্য পোহৰলৈ আহিব। আৰক্ষীয়ে ইতিমধ্যে বিকাশৰ সৈতে কোঠাটোত থকা দুগৰাকী বন্ধুক এই বিষয়ত সোধা-পোছা কৰা বুলি জানিবলৈ দিছে।

মৃত বিকাশৰ দুয়োগৰাকী বন্ধু ল’জটোত কেয়াৰ টেকাৰ হিচাপে কাম কৰিছিল। আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিয়া মতে, ল’জৰ চিচিটিভি ফুটেজ ইতিমধ্যে পৰীক্ষা কৰা হৈছে। চিচিটিটি ফুটেজত বিল্ডিঙৰ দ্বিতীয় মহলাৰ পৰা যুৱকজন তললৈ পৰা দেখিবলৈ পোৱা বুলি বিষয়াগৰাকীয়ে সদৰী কৰিছে। নিহত বিকাশ অধিকাৰী অত্যধিক নিচাসক্ত অৱস্থাত আছিল বুলি জানিবলৈ দিছে বিষয়াগৰাকীয়ে।

নিশা পাৰ্টিৰ পিছত শুবলৈ যোৱাৰ সময়তে প্ৰায় ১.৩০ বজাত এই ঘটনা সংঘটিত হয় বুলি জানিবলৈ দি আৰক্ষী বিষয়াগৰাকীয়ে লগতে অসম খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডৰ কাৰ্যালয় চৌহদত থকা এই ল’জটোৰ গৰাকী কোন সেই বিষয়ত তদন্ত আৰম্ভ কৰা হ’ব বুলিও জানিবলৈ দিছে। এই সন্দৰ্ভত অধিক তথ্য তদন্তৰ পিছত পৰৱৰ্তী সময়ত প্ৰকাশ কৰা হ’ব বুলি লগতে কয় আৰক্ষী বিষয়াজনে।

Related Stories
প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ পৰা কামপুৰৰ ৰে’ল দুৰ্ঘটনালৈ…দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
অসমক পূব পাকিস্তানত অন্তৰ্ভুক্ত কৰাৰ ষড়যন্ত্ৰ ৰচিছিল কংগ্ৰেছে, কংগ্ৰেছৰ পাপ মোচন কৰিছে বিজেপিয়ে, গুৱাহাটীত প্ৰধানমন্ত্ৰীৰ মন্তব্য
বাজপেয়ী ভৱনত ৰুদ্ধদ্বাৰ বৈঠক প্ৰধানমন্ত্ৰী মোদীৰ, উপস্থিত ২৮০ জন দলীয় নেতা…
ডবল ইঞ্জিন চৰকাৰৰ অধীনত অসমত ব্ৰহ্মপুত্ৰৰ দৰেই চিৰপ্ৰবাহমান উন্নয়নৰ ধাৰা: নৰেন্দ্ৰ মোদী
ৰে’ল দুৰ্ঘটনাত সাতটাকৈ হাতীৰ মৃত্যু, শোক প্ৰকাশৰ লগতে তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, মুকলি কৰিলে বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল
আইৰণৰ অভাৱত ভুগিছে নেকি ? তালিকাত এই পাঁচ বিধ শাক-পাচলি ৰাখক
ডায়েবেটিছ ৰোগীয়ে খালী পেটত খাওক এইসমূহ খাদ্য, অত্যন্ত উপকাৰী ...
কঠোৰ ব্যায়াম কৰাৰ প্ৰয়োজন নাই ! শৰীৰৰ ওজন স্বাভাৱিকভাৱে হ্ৰাস কৰাৰ ৬টা সহজ টিপছ
সপোনত কাজিয়া দেখাটো কিহৰ ইংগিত জানেনে? সবিশেষ...
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...