খেৰ কিনিবলৈ গৈছিল ছানিদুল, গৰু চুৰিৰ সন্দেহত ধৰিলে উন্মত্ত লোকে; তাৰ পিছতে…

গৰু চোৰৰ সন্দেহত ছানিদুলৰ লগতে আটাইকেইজন লোকক হাত-ভৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰে। এই বিষয়ে খবৰ লাভ কৰাৰ লগে লগে পানবাৰী থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু অতি সংকটজনক অৱস্থাত গণপ্ৰহাৰৰ বলি হোৱা লোককেইজনক উদ্ধাৰ কৰে।

খেৰ কিনিবলৈ গৈছিল ছানিদুল, গৰু চুৰিৰ সন্দেহত ধৰিলে উন্মত্ত লোকে; তাৰ পিছতে...

বঙাইগাঁৱত চাঞ্চল্যকৰ ঘটনা

Published: 

30 Oct 2025 21:28 PM

বিগত কেইবছৰমানত ৰাজ্যত সংঘটিত হৈছে কেইবাটাও শিহৰণকাৰী মৰেল পুলিচিঙৰ ঘটনা উত্তেজিত লোকৰ বৰ্বৰ আক্ৰমণত মৃত্যুৰ ঘটনাও সংঘটিত হৈছে এতিয়া মৰেল পুলিচিঙৰ এনে এক বৰ্বৰ কাণ্ডই জোকাৰি তুলিছে ৰাজ্য এইবাৰ এই ঘটনা সংঘটিত হৈছে বঙাইগাঁৱত একাংশ লোকৰ উত্তেজনাৰ পৰিণতিত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে এজন ব্যক্তিয়ে সম্প্ৰতি এই জঘন্য ঘটনাৰ এক ভিডিঅসামাজিক মাধ্যমত ব্যাপক ৰূপত ভাইৰেল হৈ পৰিছে

প্ৰকাশিত খবৰ অনুসৰি, বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত দেউটাৰীৰ এজন যুৱক মৰেল পুলিচৰ নৃশংস আক্ৰমণত নিহত হয় নিহত যুৱকজনক ছানিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে জানিব পৰা মতে, যোৱা সোমবাৰে ৰাতিপুৱা চিৰাং জিলাৰ পানবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মিলন বজাৰত খেৰ কিনিবলৈ গৈছিল ছানিদুলসহ ৫ জন লোক

কিন্তু স্থানীয় একাংশ লোকে গৰু চোৰৰ সন্দেহত ছানিদুলৰ লগতে আটাইকেইজন লোকক হাতভৰি বান্ধি নিৰ্মমভাৱে প্ৰহাৰ কৰে। এই বিষয়ে খবৰ লাভ কৰাৰ লগে লগে পানবাৰী থানাৰ আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হয় আৰু অতি সংকটজনক অৱস্থাত গণপ্ৰহাৰৰ বলি হোৱা লোককেইজনক উদ্ধাৰ কৰে

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোককেইজনক প্ৰথমতে বৰপেটাৰ ফকৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হয়ইয়াৰে ছানিদুল ইছলামৰ অৱস্থা অধিক সংকটজনক হোৱাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হয়চিকিৎসালয়ৰ বিচনাত মৃত্যুৰ সৈতে যুঁজ অৱশেষত আজি চিৰদিনলৈ চকু মুদে ছানিদুল ইছলামে।

ইফালে ছানিদুলৰ মৃত্যৰ পিছতেই স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। গৰু চোৰৰ সন্দেহত মৰেল পুলিচৰ ঘটনা সংঘটিত কৰাৰ সময়ত অঞ্চলটোত কোনো ধৰণৰ গৰু চুৰি কাণ্ড হোৱা নাছিল বুলি একাংশ লোকে জানিবলৈ দিছে। তেওঁলোকে লগতে এনে বৰ্বৰ কাণ্ড সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে

মহিলাসকলৰ যকৃতৰ সমস্যা হোৱাৰ ৫ টা কাৰণ, জানক বিশেষজ্ঞৰ পৰা...
ফুলকবিৰ উপকাৰিতাৰ কথা জানেনে? এনে ৰোগৰ ‘ৰক্ষাকৱচ’ বুলি জানিলে আপুনিও হ’ব আচৰিত
বৃক্কৰ সমস্যা থাকিলে কৰ্দৈ খাব পাৰিনে? কৰ্দৈৰ আচৰিত উপকাৰিতাৰ বিষয়ে জানো আহক
সম্পৰ্কত সদায় ভালপোৱা অটুট থাকিব, মাথোঁ পালন কৰক এই নিয়ম!