জুবিনৰ ন্যায়ৰ বাবে…সন্ধিয়া ঘৰৰ পৰা ওলাই গ’ল শৰৎ, পুৱা এক ভয়ংকৰ কাণ্ড…

জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে শোকস্তব্ধ হৈ পৰিছে ৰাজ্য। প্ৰায় সকলোৱে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় দাবী কৰি আছে। ইয়াৰ মাজতে পোহৰলৈ আহিছে এক ডাঙৰ খবৰ।

জুবিনৰ ন্যায়ৰ বাবে...সন্ধিয়া ঘৰৰ পৰা ওলাই গল শৰৎ, পুৱা এক ভয়ংকৰ কাণ্ড...

লোকজন

Published: 

26 Oct 2025 | 08:59 PM

হেঁপাহৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে ৰাজ্য়। প্ৰতিদিনে লাখ লাখ মানুহে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি আহিছে। প্ৰতিদিনে প্ৰিয় শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ জুবিন ক্ষেত্ৰত ভিৰ কৰিছে শ শ অনুৰাগী। এই সকলোবোৰৰ মাজতে পোহৰলৈ আহিছে এক বেয়া খবৰ।

জুবিনৰ ন্যায়ৰ দাবী জনাই এজন লোকে জীৱনৰ চৰম সিদ্ধান্ত গ্ৰহণ কৰে। লোকজন শৰৎ কলিতা বুলি চিনাক্ত হৈছে। এই মৰ্মান্তিক ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছা পেলায়। এই ঘটনা সংঘটিত হৈছে ডিমৰীয়াৰ মালয়বাৰীত।

জানিব পৰা মতে, শনিবাৰ সন্ধিয়াৰ পৰা লোকজন নিৰুদ্দেশ হৈ আছিল। পৰিয়ালৰ লোকে তেওঁৰ বিচাৰ খোচৰ কৰি আছিল যদিও কোনো সন্ধান পোৱা নাছিল। বহু বিচাৰ খোচৰ কৰাৰ অন্তত দেওবাৰে পুৱাৰ ভাগত লোকজনৰ মৃতদেহ পথাৰৰ মাজত থকা এডাল গছত উদ্ধাৰ  হয়।

লোকজনৰ মৃতদেহৰ ওচৰৰ পৰা এখন সৰু টোকা উদ্ধাৰ হয়। য’ত তেওঁ নিজকে জুবিন অনুৰাগী বুলি উল্লেখ কৰা লগতে ‘জয় জুবিন দা’ বুলি লিখি ১ বিঘা মাটি ন্যায়ৰ বাবে দিয়া বুলি লিখি থৈ যায়। লগে লগে স্থানীয় ৰাইজে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে। পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি তদন্ত আৰম্ভ কৰে।

ঘটনা সন্দৰ্ভক শৰৎ কলিতাৰ আত্মীয়ই কয় যে, কালি সন্ধিয়া অলপ কাম আছে বুলি তেওঁ ঘৰৰ পৰা ওলাই গৈছিল। তাৰ পাছতে নাছিল কোনো সন্ধান। সকলোৱে বিচাৰ খোচৰ কৰিছিল যদিও তথ্য লাভ কৰা নাছিল। তাৰ পাছতে আজি পুৱা তেওঁৰ মৃতদেহ এডাল গছৰ পৰা উদ্ধাৰ হয়। ইয়াৰোপৰি শৰৎ কলিতাই লিখি যোৱা টোকাটোৰ কথাও উল্লেখ কৰে আত্মীয়ই। তেওঁ কয় যে, শৰৎ কলিতাই জুবিন গাৰ্গৰ ন্য়ায়ৰ দাবী জনাই ‘জয় জুবিন দা’ বুলি লিখিছে। লগতে লিখিছে যে তেওঁ ১ বিঘা মাটি জুবিন গাৰ্গৰ ন্যায়ৰ বাবে দি গৈছে।

 

অন্য খবৰ পঢ়ক- কেনে আছে জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গ? জনালে চিকিৎসকে…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...