ডাঙৰ সফলতা, দুখন জিলাৰ পৰা ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ অসম আৰক্ষীৰ, দুজনক আটক

ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত ডাঙৰ সফলতা লাভ কৰিছে অসম আৰক্ষীয়ে। মৰিগাঁও আৰু দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পৰা প্ৰায় ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে। লগতে মহিলাসহ দুজনক আটক কৰিছে আৰক্ষীয়ে।

ডাঙৰ সফলতা, দুখন জিলাৰ পৰা ১৫ কোটি টকাৰ ড্ৰাগছ জব্দ অসম আৰক্ষীৰ, দুজনক আটক

ড্ৰাগছ জব্দ অসম আৰক্ষীৰ

Published: 

14 Jul 2025 | 02:18 PM

ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে এক বৃহৎ অভিযানত দক্ষিণ শালমাৰা মানকাচৰ আৰক্ষীয়ে সোমবাৰে বাংলাদেশ সীমান্তৰ সমীপৰ সোণাপুৰত ৫০ হাজাৰ য়াবা টেবলেট জব্দ কৰে। ইয়াৰ বজাৰ মূল্য ১০ কোটি টকা হ’ব বুলি অনুমান কৰা হৈছে। ইয়াৰ লগতে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা অপৰাধত আছিক বাবু (২৬) নামৰ এজন লোকক আটক কৰিছে আৰক্ষীয়ে।

খবৰ অনুসৰি, এক গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰে ISBT গুৱাহাটীৰ পৰা মানকাচৰ অভিমুখে গৈ থকা AS-01TC-0375 নম্বৰৰ এখন নাইট ছুপাৰ বাছ। অনুসন্ধানত অভিযুক্তৰ বেকপেকৰ পৰা ৫.৯ কিলোগ্ৰাম ইয়াবা টেবলেট থকা পাঁচটা ক’লা প্লাষ্টিকৰ ৰেপ উদ্ধাৰ কৰে আৰক্ষীয়ে।

আৰক্ষীয়ে সন্দেহ কৰিছে যে,মণিপুৰৰ পৰা এই ড্ৰাগছখিনি মানকাচৰ, মেঘালয়ৰ কিছু ঠাইত সৰবৰাহৰ উদ্দেশ্যে লৈ অহা হৈছিল।

ইফালে, মৰিগাঁও জিলাত সোমবাৰে এগৰাকী মহিলাক আটক কৰাৰ লগতে ৫ কোটি টকাৰ হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে। মণিপুৰৰ ২৫ বছৰীয়া যুৱতীগৰাকীক জাগীৰোড ৰে’ল ষ্টেচনৰ সমীপত আটক কৰা বুলি এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

মণিপুৰৰ পৰা বাছেৰে আজি পুৱা জাগীৰোড পোৱাৰ লগে লগে সন্দেহৰ ভিত্তিত যুৱতীগৰাকীক আটক কৰে আৰক্ষীয়ে। ইয়াৰ পাছতে আৰক্ষীয়ে জব্দ কৰে ৯ টা চাবোনৰ বাকচত অনা ১০৪.৫ গ্ৰাম হেৰ’ইন। কোৱা হৈছে যে, যুৱতীগৰাকীয়ে চাবোনৰ বাকচ কেইটা শৰীৰত বান্ধি লুকুৱাই আনিছিল।

জব্দ কৰা হেৰ’ইনৰ মূল্য প্ৰায় ৫ কোটি টকা হ’ব বুলি উল্লেখ কৰি বিষয়াগৰাকীয়ে কয় যে, এই বিষয়ত তদন্ত অব্যাহত আছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...