“ক্ষমতাৰ বাবে ব্যৱহাৰ কৰা হৈছে মিঞা, সন্দেহজনক আদি শব্দ!” স্থানচ্যুত ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপনৰ দাবী মাহমুদ মাদানীৰ

তেওঁ দাবী কৰে যে, বিদেশীক বিতাড়ন কৰাৰ বিপৰীতে অভিযানৰ সময়ত স্থানচ্যুত ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপন কৰা উচিত। তেওঁ অভিযোগ কৰে যে, উচ্ছেদ অভিযানৰ ফলত হোৱা কষ্টতকৈ কিছুমান অপমানজনক শব্দৰ ব্যৱহাৰে তেওঁলোকক আৰু বেছি কষ্ট দিয়ে৷

ক্ষমতাৰ বাবে ব্যৱহাৰ কৰা হৈছে মিঞা, সন্দেহজনক আদি শব্দ! স্থানচ্যুত ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপনৰ দাবী মাহমুদ মাদানীৰ

মাহমুদ মাদানী

Published: 

02 Sep 2025 | 03:51 PM

সৰ্বভাৰতীয় জমিয়ত উলেমা-ই-হিন্দৰ সভাপতি মৌলানা মাহমুদ মাদানীয়ে মঙলবাৰে উচ্ছেদ প্ৰসংগত গুৱাহাটীত সংবাদমেল সম্বোধন কৰে। তেওঁ দাবী কৰে যে, বিদেশীক বিতাড়ন কৰাৰ বিপৰীতে অভিযানৰ সময়ত স্থানচ্যুত ভাৰতীয় নাগৰিকক পুনৰ সংস্থাপন কৰা উচিত। তেওঁ অভিযোগ কৰে যে, উচ্ছেদ অভিযানৰ ফলত হোৱা কষ্টতকৈ কিছুমান অপমানজনক শব্দৰ ব্যৱহাৰে তেওঁলোকক আৰু বেছি কষ্ট দিয়ে৷

তেওঁ কয়,”অসমত উচ্ছেদ অভিযান চলি আছে। এইটো সকলোতে ঘটে;এয়া স্বাভাৱিক। কালি ৰাজ্যৰ কেইবাটাও অঞ্চল পৰিদৰ্শন কৰিলোঁ। ইয়াত উচ্ছেদ যি ধৰণেৰে কৰা হৈছে সেয়া দেখি দুখ লাগে। মই দুখ পাইছিলো, কাৰণ এটা ব্যৱস্থাৰ অধীনত সম্প্ৰদায় আৰু দেশ গঢ় লৈ উঠিছে। যদি ব্যৱস্থাটো উলংঘা কৰি কিবা এটা কৰা হয় বা সেয়া উপেক্ষা কৰাটো দুৰ্ভাগ্যজনক আৰু বেদনাদায়ক।

লগতে ক্ষমতাৰ বাবে মিঞা,সন্দেহজনক শব্দ প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন কৰি নাম নোলোৱাকৈ মুখ্যমন্ত্ৰীৰ কাম-কাজক সমালোচনা কৰে মাহমুদ মাদানীয়ে। তেওঁ কয়, “কিছুমানে ক্ষমতাত থাকিবলৈ ‘মিঞা’ বা ‘সন্দেহজনক’ আদি শব্দৰে মানুহক সম্বোধন কৰে। উচ্ছেদ অভিযানে সৃষ্টি কৰা যন্ত্ৰণাক মই গভীৰভাৱে অনুভৱ কৰিছো যদিও মোক আৰু বেছি কষ্ট দিয়া কথাটো হ’ল এনে অপমানজনক ভাষাত প্ৰতিফলিত হোৱা মনোভাৱ। অসমত বিদেশী লোক থকাটো কোনেও সমৰ্থন নকৰে। আমি বিচাৰো যে, যদি তেওঁলোক সঁচাকৈয়ে বিদেশী হয় তেন্তে তেওঁলোকক বিতাড়িত কৰা হওক।”

“উচ্ছেদ কৰাসকল যদি ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ স্থানচ্যুতিৰ এটা বৈধ কাৰণ আছে, তেওঁলোকক পুনৰ সংস্থাপন কৰিব লাগিব।” তেওঁ লগতে কয়।

ইফালে, তেওঁ মুখ্যমন্ত্ৰীক সমালোচনা কৰি কয় যে, “মই শূন্য,মুখ্যমন্ত্ৰী মহান মানুহ, মোকলৈ ভয় কিয় অসমৰ মুখ্যমন্ত্ৰীৰ? নামঘৰ যদি সংকটত আছে মছজিদো সংকটত আছে। আমাক নিৰীক্ষণ কৰি আছে কৰি থাকক, সেইটো তেওঁৰ কাম। মোক বাংলাদেশ পঠিয়াব পঠিয়াওক মই তেওঁৰ ৰাজ্যতে আছো।” এই দৰে মাহমুদ মাদানীয়ে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব