আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথিঃ ৰাজ্যজুৰি ভক্তিৰসৰ ধাৰ..

আজি মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি। গুৰুজনাৰ তিৰোভাৱ তিথিত আজি সমগ্ৰ ৰাজ্য বিলীন হৈছে ভক্তিৰসত। ৰাজ্যৰ চাৰিওফালৰ আকাশ-বতাহ আজি আন্দোলিত হৈছে গুৰু সোঁৱৰণৰ পবিত্ৰ নাম-কীৰ্তনেৰে। গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে।

আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথিঃ ৰাজ্যজুৰি ভক্তিৰসৰ ধাৰ..

আজি মহাপুৰুষ মাধৱদেৱৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথি

Published: 

24 Aug 2024 11:13 AM

তোমাৰ মায়ায়ে মন মুহি আছে হৰি এ
অজ্ঞান আন্ধাৰে পৰিয়া পাৰ নপাঞো ৰাম ৰাম।
অভয় চৰণে শৰণ পশিলো হৰি এ
তুৱা গুণ-নাম-ভকতি-প্ৰদীপ চাঞো ৰাম ৰাম।।

অসমীয়া জাতীয়-জীৱনৰ গুৰু মহাপুৰুষ মাধৱদেৱৰ তিৰোভাৱ তিথি। গুৰুজনাৰ ৪২৮ সংখ্যক তিৰোভাৱ তিথিত আজি সমগ্ৰ ৰাজ্য বিলীন হৈছে ভক্তিৰসত। ৰাজ্যৰ চাৰিওফালৰ আকাশ-বতাহ আজি আন্দোলিত হৈছে গুৰু সোঁৱৰণৰ পবিত্ৰ নাম-কীৰ্তনেৰে। গুৰুজনাৰ তিৰোভাৱ তিথি উপলক্ষে সমগ্ৰ ৰাজ্যৰ সত্ৰ-নামঘৰসমূহ হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। গুৰুভক্তিত মূৰ দোঁৱাইছে প্ৰতিজন ভকত-বৈষ্ণৱে।

অসমীয়া একশৰণ নাম ধৰ্মৰ মুল হোতা, তথা অসমীয়া সমাজ-সংস্কৃতিৰ খনিকৰ মহাপুৰুষ শ্ৰীন্ত শংকৰদেৱৰ প্ৰিয়তম শিষ্য তথা তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাললৈ খ্যাতি ৰাখি গৈছে মহাপুৰুষ মাধৱদেৱে। ১৪৮৯ খ্ৰীষ্টাব্দত নাৰায়ণপুৰৰ লেতেকুপুখুৰী হৰিশিঙা বৰা উজীৰৰ ঘৰত মাধৱদেৱৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা আই।

গুৰুসেৱাৰ অনন্য নিদৰ্শন দাঙি ধৰা মাধৱদেৱে গুৰু শংকৰদেৱৰ চৰণত নিজকে সপি দি মানৱ-সেৱাৰ নিমিত্তে একশৰণ নামধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰণে নিজৰ জীৱন উছৰ্গা কৰিছিল। অসমীয়া সমাজ জীৱনত ‘মণিকাঞ্চণ সংযোগ’ হিচাপে অনাদি অনন্তলৈ চিৰমুদ্ৰিত হৈ ৰ’ব গুৰু-শিষ্য শংকৰ-মাধৱৰ মহামিলন। এই দুই গুৰুৰ দৰ্শনেৰে গঢ়ি উঠিছে অসমীয়া জাতীয়ত্ব।

কেৱল এগৰাকী ধৰ্ম প্ৰচাৰক হিচাপেই নহয়, অসমীয়া সমাজক দিকদৰ্শন কৰা সাহিত্য-সংস্কৃতিৰো পূৰোধা মহাপুৰুষ মাধৱদেৱ। গুৰুজনাৰ জীৱনৰ কীৰ্তিস্তম্ভ হ’ল নামঘোষা। একেদৰে ভক্তিৰত্নাৱলী তেওঁৰ জীৱনৰ অপূৰ্ব সৃষ্টি। সৃষ্টি আৰু সাধনাৰে জীৱন উদ্ভাসিত কৰি তোলা মহাপুৰুষজনাই একাধিক বৰগীত, ভটিমা, নাট-ঝুমুৰাৰে ভক্তিৰসৰ সাৰ বিয়পাই দিয়াৰ লগতে অসমীয়া সমাজ-সংস্কৃতিক দিগন্ত প্ৰসাৰিত কৰি তোলে।

১৯৫৬ খ্ৰীষ্টাব্দত কোচবিহাৰৰ ভেলা সত্ৰত মহাপ্ৰয়াণ ঘটে মহাপুৰুষ মাধৱদেৱ গুৰুজনাৰ। আজি তিৰোভাৱ গুৰুজনাক সুঁৱৰি ভক্তিৰসত বুৰ গৈছে ৰাজ্যবাসী।

সপোনত কাজিয়াৰ দৃশ্য দেখিছে নেকি? এনে সপোন শুভ নে অশুভ, জানি লওক এতিয়াই
শীতকালত এইসমূহ বনৌষধি হৈ পৰে আপোনাৰ দেহৰ বন্ধু, বৃক্ক হৈ থাকে পৰিষ্কাৰ
নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...