ৰাজ্যৰ এই ৭ খন জিলাত আজি স্থানীয় বন্ধৰ সিদ্ধান্ত, আপোনাৰ জিলাতো থাকিব নেকি বন্ধ?

আজি ৰাজ্যৰ কেইখনমান জিলাত ঘোষণা কৰা হৈছে স্থানীয় বন্ধ। দেৱালী উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি এই জিলাকেইখনৰ প্ৰশাসনে আজি স্থানীয় বন্ধ ঘোষণা কৰিছে। অৰ্থাৎ সোমবাৰৰ দৰে আজিও এই জিলাকেইখনত আদালত তথা চৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠান আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব।

ৰাজ্যৰ এই ৭ খন জিলাত আজি স্থানীয় বন্ধৰ সিদ্ধান্ত, আপোনাৰ জিলাতো থাকিব নেকি বন্ধ?

দেৱালী উপলক্ষে স্থানীয় বন্ধ ঘোষণা

Updated On: 

21 Oct 2025 | 08:42 AM

পোহৰৰ উৎসৱ দেৱালীৰ আনন্দউদ্দীপনাই স্পৰ্শ কৰিছে সমগ্ৰ দেশক সমগ্ৰ দেশতে পৰিলক্ষিত হৈছে দেৱালীৰ উৎসাহ চাকিবন্তিৰ পোহৰেৰে সকলো দিশ সজ্জিত হৈ পৰাৰ সমান্তৰালকৈ আতচবাজীৰ পোহৰেৰে ৰঙীন হৈ পৰিছে আকাশ দেৱালীৰ এই উৎসৱমুখৰ পৰিৱেশে এইবাৰ অৱশ্যে স্পৰ্শ কৰিব পৰা নাই অসমবাসীক ৰাজ্যত এইবাৰ বিৰাজ কৰা নাই পূৰ্বৰ দৰে দেৱালীৰ আনন্দমুখৰ পৰিৱেশ চাকিবন্তিৰ পোহৰেৰে সকলো দিশে উদ্ভাসিত হৈছে যদিও পূৰ্বৰ তুলনাত কম হৈছে আতচবাজীৰ ব্যৱহাৰ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুৰ শোকত এতিয়াও শোকস্তব্ধ ৰাজ্য হিয়াৰ আমঠু শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই অধিকাংশ লোকেই আতচবাজীৰ ব্যৱহাৰৰ পৰা বিৰত আছে প্ৰায় শান্তিপূৰ্ণভাৱে দেৱালীৰ ৰাজ্যবাসীয়ে উদযাপন কৰিছে পোহৰৰ উৎসৱ দেৱালী

দেৱালী উপলক্ষে সোমবাৰে ৰাজ্য চৰকাৰে সমগ্ৰ ৰাজ্যতে বন্ধ ঘোষণা কৰিছিল সেই অনুসৰি ৰাজ্যৰ সকলো ৰাজহ তথা দণ্ডাধীশ আদালতৰ লগতে চৰকাৰী কাৰ্যালয়, বেংক, বীমা, সমবায় আদি বিত্তীয় প্ৰতিষ্ঠানৰ লগতে সকলো শিক্ষানুষ্ঠান বন্ধ হৈ থাকে

ইফালে আজি ৰাজ্যৰ কেইখনমান জিলাত ঘোষণা কৰা হৈছে স্থানীয় বন্ধ দেৱালী উদযাপনৰ প্ৰতি লক্ষ্য ৰাখি এই জিলাকেইখনৰ প্ৰশাসনে আজি স্থানীয় বন্ধ ঘোষণা কৰিছে অৰ্থা সোমবাৰৰ দৰে আজিও এই জিলাকেইখনত আদালত তথা চৰকাৰী কাৰ্যালয়ৰ লগতে শিক্ষানুষ্ঠান আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহ বন্ধ থাকিব

আজিৰ দিনটোত স্থানীয় বন্ধ ঘোষণা কৰা এই জিলাকেইখন হৈছে ক্ৰমে কামৰূপ(মহানগৰ), ডিব্ৰুগড়, গোলাঘাট, কোকৰাঝাৰ, দক্ষিণ শালমৰা মানকাচৰ, হোজাই আৰু বজালী জিলা স্থানীয় বন্ধ ঘোষণা কৰাৰ সুবাদত আজি এই জিলাকেইখনৰ চৰকাৰী কৰ্মচাৰীসকলে বন্ধৰ সুবিধা লাভ কৰিব

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...