ৰাজ্যত ১৬৬ টকা পৰ্যন্ত হ্ৰাস সুৰাৰ মূল্য, জানক কোনটো ব্ৰেণ্ডৰ কিমান দাম…

ৰাজ্যত হ্ৰাস পালে বিলাতী সুৰাৰ মূল্য। ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে দিয়া তথ্য অনুসৰি কেইবাটা ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম হ্ৰাস পাইছে। ১ ছেপ্টেম্বৰৰ পৰা নতুন নিয়ম কাৰ্যকৰী হ'ব।

ৰাজ্যত ১৬৬ টকা পৰ্যন্ত হ্ৰাস সুৰাৰ মূল্য, জানক কোনটো ব্ৰেণ্ডৰ কিমান দাম...

বিদেশী সুৰা

Published: 

19 Aug 2024 | 12:02 PM

ৰাজ্যৰ সুৰাপায়ী সকলৰ বাবে ভাল খবৰ! কিয়নো হ্ৰাস পালে বিলাতী সুৰাৰ দাম। ৰাজ্য চৰকাৰৰ আবকাৰী বিভাগে দিয়া তথ্য অনুসৰি কেইবাটা ব্ৰেণ্ডৰ বিলাতী সুৰাৰ দাম হ্ৰাস পাইছে। এই সন্দৰ্ভত অসম চৰকাৰৰ আবকাৰী বিভাগে ১৭ আগষ্টত এক প্ৰেছ বিবৃতি জাৰি কৰি সুৰাৰ নতুন নিৰিখ সন্দৰ্ভত তথ্য প্ৰকাশ কৰে। সুৰাৰ এই নতুন মূল্য ১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। আবকাৰী বিভাগে জাৰি কৰা তথ্য অনুসৰি ক’ত, কিমান সুৰাৰ দাম বাঢ়িল জানক সকলো-

  • ৫ শতাংশ এলকহলযুক্ত ৬৫০০ মিলি লিটাৰ বিয়েৰৰ দাম ২২ টকাকৈ হ্ৰাস।
  • ৫ শতাংশতকৈ অধিক এলকহল থকা ৬৫০ মিলি লিটাৰ বিয়েৰৰ দাম ৩৪ টকাকৈ হ্ৰাস।
  • সাধাৰণ ব্ৰেণ্ডৰ ৭৫০ মিলি লিটাৰ ৰামৰ দাম ১১৭ টকাকৈ হ্ৰাস।
  • ৰেগুলাৰ ব্ৰেণ্ডৰ হুইস্কী তথা জিন আদিৰ ৭৫০ মিলি লিটাৰত ১৪৪ টকাকৈ হ্ৰাস
  • লাক্সাৰী ব্ৰেণ্ডৰ ৩৬০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ১৬৬ টকা হ্ৰাস কৰা হৈছে।
  • লাক্সাৰী ব্ৰেণ্ডৰ ৩৫০ টকাৰ পৰা ৫০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰ ৰামৰ দাম ১৬৬ টকা হ্ৰাস ।
  • এলিগেণ্ট ব্ৰেণ্ডৰ ৫০০ৰ পৰা ৭০০ টকাৰ ভিতৰৰ ৭৫০ মিলিলিটাৰৰ ব্ৰেণ্ডী, হুইস্কী, জিনৰ দাম ২১৪ টকা হ্ৰাস কৰিছে আবকাৰী বিভাগে।

উল্লেখ্য যে, চলিত বৰ্ষৰ ১ এপ্ৰিলত ৰাজ্যত সুৰাৰ দাম বৃদ্ধি পাইছিল।১৫০ ৰ পৰা ৩১২ টকা পৰ্যন্ত বাঢ়িছিল সুৰাৰ দাম। প্ৰতিটো ব্ৰেণ্ডৰ বাবে বেলেগ বেলেগ নিৰিখ জাৰি কৰিছিল। কিন্তু এতিয়া পুনৰ হ্ৰাস পালে সুৰাৰ দাম।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব