কলকাতাত কেনেকৈ মৃত্যু হ’ল অসমৰ ভাস্কৰ্য শিল্পী সূৰ্য শইকীয়াৰ?

জানিব পৰা মতে লখিমপুৰৰ ভাস্কৰ্য শিল্পী সূৰ্য শইকীয়া নামৰ যুৱকজন অধ্যয়নৰ খাতিৰত কলকাতাত আছিল। কলকাতা চৰকাৰী বিশ্ববিদ্যালয়ৰ কলা-ভাস্কৰ্য বিভাগৰ ছাত্ৰ আছিল সূৰ্য।

কলকাতাত কেনেকৈ মৃত্যু হল অসমৰ ভাস্কৰ্য শিল্পী সূৰ্য শইকীয়াৰ?

যুৱকজন

Published: 

04 Dec 2024 | 04:20 PM

পুনৰ বহিঃৰাজ্যত প্ৰাণ গ’ল অসমৰ যুৱকৰ। নিজৰ সপোন পূৰাবলৈ কলকাতালৈ যোৱা অসমৰ উদীয়মান যুৱকজন আৰু সুস্থ অৱস্থাত ঘূৰি নাহিল ঘৰলৈ। সপোন পূৰোৱাৰ আগতে অকাল মৃত্যুক সাৱতি ললে এজন মেধাৱী যুৱকে। কলকাতাত অধ্যয়নৰত লখিমপুৰৰ এজন মেধাৱী যুৱকে সাৱতি লয় অকাল মৃত্যুক। সূৰ্য শইকীয়া নামৰ এই যুৱকজন মূমুৰ্ষ অৱস্থাত কিছুদিন পূৰ্ব উদ্ধাৰ হৈছিল কলকাতাৰ ৰেল ষ্টেচনৰ সমীপত। তাৰ পাছতেই মৃত্যু হয় শিল্পী সূৰ্য শইকীয়াৰ। এই খবৰে যুৱকজনৰ পৰিয়ালৰলোকৰ লগতে সমগ্ৰ অঞ্চলটোত  শোকৰ সৃষ্টি কৰে।

জানিব পৰা মতে লখিমপুৰৰ ভাস্কৰ্য শিল্পী সূৰ্য শইকীয়া নামৰ যুৱকজন অধ্যয়নৰ খাতিৰত কলকাতাত আছিল। কলকাতা চৰকাৰী বিশ্ববিদ্যালয়ৰ কলা-ভাস্কৰ্য বিভাগৰ ছাত্ৰ আছিল সূৰ্য। কিন্তু আজিৰ পৰা প্ৰায় দুদিন পূৰ্বে কলকাতা ৰেল ষ্টেচনত মুমূৰ্ষ অৱস্থাত উদ্ধাৰ হয় যুৱকজন। লগে লগে সূৰ্য শইকীয়াক হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও মৃত্য়ুক সাৱতি লয় তেওঁ। এই ঘটনাই সূৰ্যৰ আত্মীয়ৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, অতি কম সময়ৰ ভিতৰতে সূৰ্য শইকীয়াই ৰাজ্যৰ ভিত্তি প্ৰান্তত নিজৰ প্ৰতিভাৰ জৰিয়তে এজন ভাস্কৰ্য শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। সূৰ্য শইকীয়াৰ মৃত্যুয়ে তেওঁৰ বন্ধু বৰ্গৰ মাজতো শোকৰ ছা পেলাইছে। বিভিন্নজনে ছ’চিয়েল মিডিয়াত যুৱকজনৰ আত্মীৰ সদগতি কামনা কৰাৰ লগতে পৰিয়ালৰ সমাবেদনা জ্ঞাপন কৰে।

আনহাতে যুৱকজনৰ পৰিয়ালে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰে। পৰিয়ালৰ লোকে কয় যে, সূৰ্য শইকীয়াক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে। অৱশ্যে এই সমগ্ৰ ঘটনা আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব। আৰক্ষীৰ তদন্তত জানিব পৰা যাব কেনেকৈ কলকাতাত মৃত্যুক সাৱলি ল’লে ভাস্কৰ্য শিল্পী সূৰ্য শইকীয়াই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব