কাজিৰঙাৰ সীমা সম্প্ৰসাৰণত অনুমোদন ৰাজ্যৰ, নতুনকৈ সংযোজন হ’ব ৪৭ হাজাৰো অধিক হেক্টৰ ভূমি…

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে নতুনকৈ সংযোজন হ'ব ৪৭,০০০ হেক্টৰৰো অধিক ভূমি । ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ সীমা সম্প্ৰসাৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে ।

কাজিৰঙাৰ সীমা সম্প্ৰসাৰণত অনুমোদন ৰাজ্যৰ, নতুনকৈ সংযোজন হব ৪৭ হাজাৰো অধিক হেক্টৰ ভূমি...

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

Published: 

04 Jun 2025 | 05:59 PM

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনকৰ অধীনত সামৰি লোৱা হ’ব ৪৭,৩০৬.৩৩ হেক্টৰ ভূমি। অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সৈতে নতুনকৈ সংযোজন হ’ব ৪৭,০০০ হেক্টৰৰো অধিক ভূমি । ইতিমধ্যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্য়ানৰ সীমা সম্প্ৰসাৰণৰ প্ৰস্তাৱত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে । আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত লোক সেৱা ভৱনত অনুষ্ঠিত বৈঠকত অসম কেবিনেটে এই প্ৰস্তাৱত অনুমোদন জনায় ।.

ৰাজ্যিক কেবিনেটে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনকৰ অধীনত ৪৭,০০০ হেক্টৰৰো অধিক এলেকাৰ চূড়ান্ত অধিসূচনা প্ৰস্তাৱত অনুমোদন জনাইছে বুলি জানিবলৈ দিছে মুখ্যমন্ত্ৰী কাৰ্যালয়ে । মুখ্যমন্ত্ৰী কাৰ্যালয়ে উল্লেখ কৰিছে যে, অসমৰ পৰ্যটন ক্ষেত্ৰখনক সমৃদ্ধ কৰা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সীমা সম্প্ৰসাৰণৰ বাবে শেহতীয়াকৈ অনুষ্ঠিত অসম কেবিনেট বৈঠকত অনুমোদন জনোৱা হৈছে।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ প্ৰচেষ্টাক শক্তিশালী কৰাৰ লগতে বহনক্ষম পৰ্যটনক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি মুখ্যমন্ত্ৰী কাৰ্যালয়ে প্ৰকাশ কৰিছে। এই সম্প্ৰসাৰণত অন্তৰ্ভুক্ত নোহোৱা গাঁওসমূহৰ ভিতৰত আছে গোপালঝাৰণি, বিশ্বনাথ ঘাট, গোনাইটাপু, উমাটুমনি, ঠুটেচাপৰি, গাখীৰখাইতী, শিলঘাট আৰু হাতীমূৰা, জবৰে, বালিগাঁও ।

২১ মে’ত গুৱাহাটীৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ অংশ হিচাপে ৰাষ্ট্ৰীয় উদ্যানখনৰ সম্প্ৰসাৰণ কৰা প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে । এই অনুমোদনে ৰাষ্ট্ৰীয় উদ্যানখনৰ জৈৱ-বৈচিত্ৰ্যৰ সুৰক্ষা আৰু সংৰক্ষণৰ দিশটোক অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব