Karbi Anglong : অস্ত্ৰ-শস্ত্ৰৰ সৈতে KPLA ৰ তিনি গৰাকী সদস্যৰ আত্মসমৰ্পণ

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে এক্স হেণ্ডেলত প্ৰকাশ কৰা তথ্য অনুসৰি, KPLA ৰ এই তিনি গৰাকী সদস্যই তিনিটা ০.৩২ পিষ্টল আৰু ২ rds সজীৱ গুলী লৈ কাৰ্বি আংলং আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । মনকৰিবলগীয়া যে, অসম আৰক্ষীয়ে এই সংগঠনটোৰ সদস্যসকলক আত্মসমৰ্পণ কৰাবলৈ ধাৰাবাহীক প্ৰচেষ্টা চলাই আহিছিল ।

Karbi Anglong : অস্ত্ৰ-শস্ত্ৰৰ সৈতে KPLA ৰ তিনি গৰাকী সদস্যৰ আত্মসমৰ্পণ

KPLA ৰ সদস্যৰ আত্মসমৰ্পণ

Published: 

19 Aug 2024 | 05:02 PM

পবিত্ৰ ৰাখী বন্ধনৰ দিনা অসমৰ শান্তিকামী সমাজৰ বাবে এটা ভাল খবৰ । নতুনকৈ জন্ম হোৱা KPLA নামেৰে পৰিচিত এটা গোটৰ তিনি গৰাকী সদস্যই স্থানীয় কাৰ্বি আংলং আৰক্ষীৰ ওপৰত আত্মসমৰ্পণ কৰিছে । ইতিমধ্য এই ভাল খবৰটো সামাজিক মাধ্য়মৰ জৰিয়তে প্ৰকাশ কৰিছে অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে । উল্লেখ্য যে,চলিত বৰ্ষৰ জুলাই মাহৰ পৰা এই সংগঠনটোৱে নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আহিছে ।

অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে এক্স হেণ্ডেলত প্ৰকাশ কৰা তথ্য অনুসৰি, KPLA ৰ এই তিনি গৰাকী সদস্যই তিনিটা ০.৩২ পিষ্টল আৰু ২ rds সজীৱ গুলী লৈ কাৰ্বি আংলং আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে । মনকৰিবলগীয়া যে, অসম আৰক্ষীয়ে এই সংগঠনটোৰ সদস্যসকলক আত্মসমৰ্পণ কৰাবলৈ ধাৰাবাহীক প্ৰচেষ্টা চলাই আহিছিল ।

এই সন্দৰ্ভত তথ্য প্ৰকাশ কৰি জি পি সিঙে কয়, ২০২৪ চনৰ জুলাই মাহত কেপিএলএ নামৰ এটা সংগঠন গঠন হৈছিল । এই সংগঠনটোৱে নিজৰ উপস্থিতি প্ৰতিষ্ঠা কৰিবলৈ কাৰ্বি আংলঙৰ লেংলোকছ’, নিহাংলাংছ’ আৰু বৰপুঙত ধন দাবীৰ দৰে ঘটনা সংঘটিত কৰিবলৈ চেষ্টা চলাই থকা বুলি জানিব পৰা গৈছে । এই কাৰ্য ৰোধ কৰিবলৈ আৰক্ষীৰ ধাৰাবাহিক প্ৰচেষ্টাৰ ফলস্বৰূপে উক্ত সংগঠনটোৰ ৩ জন কেডাৰে আত্মসমৰ্পণ কৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব