Chhath Puja 2024 : ষট পূজা সমিতিসমূহে প্ৰশাসনৰ কি কি নিৰ্দেশনা মানি চলিব লাগিব ?

বিশেষ নিৰ্দেশনা মানি চলিব লাগিব ষট পূজা সমিতিসমূহে । ইতিমধ্যে জিলা প্ৰশাসনে ষট পূজা সমিতিসমূলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে । উল্লেখ্য যে, ৭ আৰু ৮ নৱেম্বৰ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে পালন কৰা হ'ব ষট পূজা ।

Chhath Puja 2024 : ষট পূজা সমিতিসমূহে প্ৰশাসনৰ কি কি নিৰ্দেশনা মানি চলিব লাগিব ?

ষট পূজা ২০২৪

Updated On: 

04 Nov 2024 | 11:23 PM

বিশেষ নিৰ্দেশনা মানি চলিব লাগিব গুৱাহাটীৰ ষট পূজা সমিতিসমূহে । ইতিমধ্যে কামৰূপ(মহানগৰ) জিলা প্ৰশাসনে ষট পূজা সমিতিসমূলৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে । উল্লেখ্য যে, ৭ আৰু ৮ নৱেম্বৰ বৃহস্পতিবাৰ আৰু শুকুৰবাৰে পালন কৰা হ’ব ষট পূজা । মনকৰিবলগীয়া যে,  এইবাৰ ষট পূজা সমিতিসমূহে নিজাববীয়া স্বেচ্ছাসেৱক নিয়োগ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে কামৰূপ(মহানগৰ) জিলা প্ৰশাসনে । আৰক্ষী উপৰিও পূজা স্থলীত থাকিব লাগিব ষট পূজা সমিতিসমূহৰ নিজা স্বেচ্ছাসেৱক ।

ইয়াৰ সমান্তৰালভাৱে পূজাস্থলীত জৰুৰীকালীন চিকিৎসা উপলব্ধ কৰাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে মহানগৰ জিলা প্ৰশাসনে । পূজা শেষ হোৱাৰ পাছত যাতে কোনো আবৰ্জনা পৰি নাথাকে তাৰ বাবে ডাষ্টবিনৰ ব্যৱস্থা কৰাৰ লগতে পূজাত প্লাষ্টিক সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ আহ্বান জনাইছে মহানগৰ জিলা প্ৰশাসনে । যিহেতু ষট পূজা নদীৰ কাষত অনুষ্ঠিত কৰা হয় । তদুপৰি ষট পূজা উপলক্ষে সন্ধিয়া ৮ বজাৰ পৰা ৰাতি ১০ বজালৈ ফটকা ফুটাবৰ বাবে সময় নিৰ্ধাৰণ কৰি দিছে মহানগৰ প্ৰশাসনে । ইফালে,পূজাস্থলীত পৰ্যাপ্ত পৰিমাণৰ খোৱা পানী উপলব্ধ আৰু পোহৰৰ ব্যৱস্থা কৰা বাবে নিৰ্দেশনা জাৰি কৰিছে মহানগৰ প্ৰশাসনে ।

মাজ নিশালৈকে লাউডস্পীকাৰত গান বজোৱাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে । উল্লেখ্য যে, ষট পূজা সমিতিসমূহে পূজা অনুষ্ঠিত কৰাৰ বাবে স্থানীয় আৰক্ষীৰ অনুমতি লোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মহানগৰ প্ৰশাসনে । লগতে কাৰ্যালয় আৰু স্বেচ্ছাসেৱকৰ তালিকা স্থানীয় আৰক্ষীৰ থানাত দাখিল কৰা, স্বেচ্ছাসেৱকৰ কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে আগতীয়াকৈ অৱগত কৰা, পৃথক প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা, চিচি টিভি কেমেৰা সংস্থাপনৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছে মহানগৰ প্ৰশাসনে ।

ইফালে, পূজাস্থলীৰ পৰা ১০০ মিটাৰৰ ভিতৰত পাৰ্কিঙৰ ব্যৱস্থা কৰিব নোৱাৰিব পূজা সমিতিসমূহে । লগতে স্থানীয় কৰ্তৃপক্ষৰ অনুমতি অবিহনে সমদল উলিয়াব নোৱাৰিব আৰু ষট পূজাৰ নামত বন্ধ কৰিব নোৱাৰিব কোনো ৰাজহুৱা পথ । লগতে ষট পূজাৰ উপলক্ষে মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰতো বিশেষ নিষেধাজ্ঞা জাৰি কৰা হ’ব বুলি জানিবলৈ দিছে মহানগৰ প্ৰশাসনে ।

উল্লেখ্য যে, আজি গুৱাহাটী জিলা পুথিভঁৰালত ষট পূজা সন্দৰ্ভত এক বৈঠক অনুষ্ঠিত হয় । মহানগৰ প্ৰশাসন, আৰক্ষী আৰু অন্যান্য বিভাগসমূহৰ সৈতে ষট পূজা কমিটিৰ নেতৃত্বৰ মাজত এই বৈঠক অনুষ্ঠিত হয় । এই বৈঠকত ষট পূজাৰ সময়ত মানি চলিবলগীয়া নীতি নিৰ্দেশনা সন্দৰ্ভত আলোচনা কৰা হয় । এই বৈঠকৰ অন্তত মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই ষট পূজা সমিতিসমূহে মানি চলিবলগীয়া নীতি-নিৰ্দেশনা সম্পৰ্কে সংবাদ মাধ্য়মৰ আগত অৱগত কৰে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...