স্তব্ধ হৈ পৰিছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য! কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ

৫ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য৷ নীতিন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰি তাৎক্ষণিকভাৱে হস্তক্ষেপৰ অনুৰোধ মুখ্যমন্ত্ৰী৷ ২০২৫ৰ ডিচেম্বৰৰ পূৰ্বে দলংখন সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৰাজ্য চৰকাৰে৷ দলংখন নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল ৬৫০ কোটি টকা৷

স্তব্ধ হৈ পৰিছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য! কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীলৈ পত্ৰ মুখ্যমন্ত্ৰীৰ

বন্ধ হৈ পৰিছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য!

Published: 

27 Sep 2024 15:36 PM

সাময়িকভাৱে স্থগিত হৈ আছে যোৰহাট-মাজুলী সংযোগী দলঙৰ নিৰ্মাণকাৰ্য। এই ক্ষেত্ৰত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷ সামাজিক মাধ্যমত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পোষ্ট৷ ৫ ছেপ্টেম্বৰৰ পৰা বন্ধ হৈ আছে দলংখনৰ নিৰ্মাণকাৰ্য৷ নীতিন গাডকাৰীলৈ পত্ৰ প্ৰেৰণ কৰি তাৎক্ষণিকভাৱে হস্তক্ষেপৰ অনুৰোধ মুখ্যমন্ত্ৰী৷ দুবাৰকৈ এই দলংখনৰ কাম শুভাৰম্ভ কৰাৰ পাছতো যেন ইয়াক লৈ সৃষ্টি হোৱা অনিশ্চয়তা বা জটিলতা দূৰ হোৱা নাই। মাজুলীবাসীৰ  দীৰ্ঘদিনীয়া সপোন আছিল যোৰহাট-মাজুলী সংযোগী দলং।

২০২৫ৰ ডিচেম্বৰৰ পূৰ্বে দলংখন সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল ৰাজ্য চৰকাৰে৷ দলংখন নিৰ্মাণৰ বাবে ধাৰ্য কৰা হৈছিল ৬৫০ কোটি টকা৷ ইউ পি ষ্টেট ব্ৰীজ কৰ্প’ৰেশ্যন লিমিটেডে লাভ কৰিছিল দলং নিৰ্মাণৰ ঠিকা৷ কিন্তু এই সংস্থাৰ পৰা উপ-ঠিকা লৈ দলংখনৰ নিৰ্মাণৰ কাম কৰি আছিল বি আৰ চি কোম্পানীয়ে। কিন্তু হঠাৎ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে নিৰ্মাণস্থলী পৰিত্যাগ কৰাত সাময়িকভাৱে বন্ধ হৈ পৰিছে কাম৷

এই সন্দৰ্ভত সামাজিক মাধ্যমত শ্বেয়াৰ কৰা পোষ্টত মুখ্যমন্ত্ৰীয়ে লিখিছে,”আমি জানিব পাৰিছোঁ যে লুইতৰ ওপৰত যোৰহাট-মাজুলী দলঙৰ কাম ৫ ছেপ্টেম্বৰৰ পৰা স্থবিৰ হৈ আছে। বিষয়ৰ গুৰুত্বক অনুভৱ কৰি তথা ইতিমধ্যে নির্ধাৰণ কৰা সম্পূর্ণকৰণৰ সময়সীমা অর্থাৎ ডিচেম্বৰ ২০২৫ৰ লক্ষ্যৰ পৰা যাতে আমি বিচলিত হ’ব লগা নহয়, তাৰ বাবে আজি মাননীয় কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীনীতিন গাডকাৰী ডাঙৰীয়ালৈ এখন পত্ৰ প্রেৰণ কৰিছোঁ। এইক্ষেত্রত তাৎক্ষণিক হস্তক্ষেপৰ বাবে অনুৰোধ জনাইছোঁ।”

 

২০২৫ ডিচেম্বৰ মাহত নিৰ্মাণ সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা এই দলংখন কাম ২০২১ ৰ পৰা এতিয়ালৈকে মাত্ৰ ৩০ শতাংশহে সম্পূৰ্ণ হৈছে। দলংখনৰ নিৰ্মাণৰ এনে লেহেমীয়া গতি আৰু বাৰে বাৰে কাম বন্ধ হৈ পৰাৰ আঁৰত দুয়োটা নিৰ্মাণ প্ৰতিষ্ঠানৰ মাজৰ আভ্যন্তৰীণ সংঘাত বুলি জানিব পৰা গৈছে। এই দুয়োটা প্ৰতিষ্ঠানৰ আভ্যন্তৰীণ সংঘাতৰ পৰিণাম হয়তো ভূগিবলগীয়া হ’ব মাজুলীবাসীয়ে। ইতিমধ্যে এই দলংখনৰ নিৰ্মাণস্থলীৰ পৰা নিৰ্মাণকাৰী বি আৰ চি কোম্পানীয়ে যন্ত্ৰাংশ লৈ গৈছে। এনে পৰিস্থিত মাজুলীবাসীৰ লগতে বিভিন্ন দল,সংগঠনো চিন্তিত হৈ পৰিছে।

 

 

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!