বিত্তীয় অনিয়মৰ অভিযোগ! যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যক্ষক অপসাৰণ

কাৰিকৰী উচ্চ শিক্ষা সঞ্চালকালয়ৰ সচিব স্বাক্ষৰিত এক নিৰ্দেশ অনুসৰি ডঃ অতনু কুমাৰ দত্তক যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ বদলিৰ নিৰ্দেশ দিয়ে। দীৰ্ঘদিন ধৰি বিতৰ্কৰ আৱৰ্তত আছিল প্ৰতিষ্ঠানৰ অধ্যক্ষ ড০ অতনু কুমাৰ দত্ত। ড০ দত্তৰ স্থানত প্ৰতিষ্ঠানটোত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰবক্তা ড০ আদিত্য বিহাৰ কন্দলিক।

বিত্তীয় অনিয়মৰ অভিযোগ! যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যক্ষক অপসাৰণ

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অধ্যক্ষক অপসাৰণ

Updated On: 

15 Aug 2024 | 10:15 AM

অপসাৰণ কৰা হৈছে যোৰহাট বিজ্ঞান আৰু প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ অধ্যক্ষ ড০ অতনু কুমাৰ দত্তক । ড০ অতনু কুমাৰ দত্তক অধ্যক্ষ পদৰ পৰা অপসাৰণ। অপসাৰিত ড০ দত্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগ। ড০ অতনু কুমাৰ দত্তক বদলি কৰা হৈছে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ ।

কাৰিকৰী উচ্চ শিক্ষা সঞ্চালকালয়ৰ সচিব স্বাক্ষৰিত এক নিৰ্দেশ অনুসৰি ডঃ অতনু কুমাৰ দত্তক যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ বদলিৰ নিৰ্দেশ দিয়ে। দীৰ্ঘদিন ধৰি বিতৰ্কৰ আৱৰ্তত আছিল প্ৰতিষ্ঠানৰ অধ্যক্ষ ড০ অতনু কুমাৰ দত্ত।ডঃ দত্তৰ স্থানত প্ৰতিষ্ঠানটোত ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং বিভাগৰ প্ৰবক্তা ড০ আদিত্য বিহাৰ কন্দলিক। উল্লেখ্য যে প্ৰতিষ্ঠানটোৰ অপসাৰিত অধ্যক্ষ অতনু কুমাৰ দত্তৰ বিৰুদ্ধে বিভিন্ন অনিয়মৰ অভিযোগ উত্থাপন হৈছিল।

এনে অভিযোগৰ ভিত্তিত ২ আগষ্টত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নিৰ্দেশ মৰ্মে প্ৰতিষ্ঠানটোত উপস্থিত হৈছিল কাৰিকৰী উচ্চ শিক্ষা সঞ্চালকালয়ৰ সচিব আৰু সঞ্চালক দুগৰাকী। প্ৰতিষ্ঠানটোত উপস্থিত হৈ সঞ্চালক আৰু সচিবগৰাকীয়ে শিক্ষক, জাতীয় সংগঠনৰ প্ৰতিনিধিৰে মত বিনিময় কৰাৰ কালত ভাৰপ্ৰাপ্ত অধ্যক্ষগৰাকীৰ বিৰুদ্ধে সকলোৱে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ পাছতে ড০ অতনু কুমাৰ দত্তক বদলি কৰা হৈছে যোৰহাট অভিযান্ত্ৰিক মহাবিদ্যালয়লৈ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...