কেতিয়া সম্পূৰ্ণ হ’ব যোৰহাট-ডিব্ৰুগড় অংশৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা…

মুখ্যমন্ত্ৰীয়ে আজি সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে সদৰী কৰে যে, লোকসভা নিৰ্বাচনৰ বহু আগতেই ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট–ডিব্ৰুগড় অংশ সম্পূৰ্ণ হ’ব। উল্লেখ্য যে, এই ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰণৰ কাম চলি আছিল । ইয়াৰ মাজতে এই সম্প্ৰসাৰণ কাম লেহেমীয়া হোৱাৰ বাবে বিভিন্ন সংগঠনৰ লগতে সাধাৰণ লোকে অসুন্তুষ্টি প্ৰকাশ কৰিছিল ।

কেতিয়া সম্পূৰ্ণ হব যোৰহাট-ডিব্ৰুগড় অংশৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম ? মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা...

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

Updated On: 

08 Apr 2025 | 05:55 PM

চলিত বৰ্ষৰ ভিতৰত সম্পূৰ্ণ হ’ব যোৰহাট-ডিব্ৰুগড় অংশৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কাম । অৰ্থাৎ ৩১ ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট–ডিব্ৰুগড় অংশ সম্পূৰ্ণ হ’ব। ইতিমধ্যে আজি এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীয়ে আজি সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে সদৰী কৰে যে, বিধানসভা নিৰ্বাচনৰ বহু আগতেই ২০২৫ চনৰ ৩১ ডিচেম্বৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ যোৰহাট–ডিব্ৰুগড় অংশ সম্পূৰ্ণ হ’ব। উল্লেখ্য যে, এই ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথলৈ সম্প্ৰসাৰণৰ কাম চলি আছিল । ইয়াৰ মাজতে এই সম্প্ৰসাৰণ কাম লেহেমীয়া হোৱাৰ বাবে বিভিন্ন সংগঠনৰ লগতে সাধাৰণ লোকে অসন্তুষ্টি প্ৰকাশ কৰিছিল ।

মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰিছে যে, যোৱা ৭ এপ্ৰিলত নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় ঘাইপথ আৰু আন্তঃগাঁথনি উন্নয়ন নিগম লিমিটেডৰ পৰিচালন সঞ্চালক ড০ কৃষণ কুমাৰৰ সৈতে হোৱা এক উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় । ইয়াৰ পাছতে অফিচিয়েল এক্স হেণ্ডেলত এই আশ্বাস দিয়ে মুখ্য়মন্ত্ৰীয়ে । তেওঁ কয় যে, “ইয়াৰ দ্বাৰা জনসাধাৰণক দিয়া আন এক প্ৰতিশ্ৰুতি, যিটো নিৰ্বাচনৰ বহু আগতেই পূৰণ হ’ব।”

বৈঠকত মুখ্যমন্ত্রী আৰু এন এইচ আই ডি চি এলৰ মুৰব্বীগৰাকীয়ে সমগ্ৰ অসমতে চলি থকা আৰু প্রস্তাৱিত আন্তঃগাঁথনিৰ পদক্ষেপসমূহৰ স্থিতি মূল্যায়ন কৰে বুলি জানিব পৰা গৈছে ৷ প্ৰকাশিত খবৰ অনুসৰি, বৈঠকত পৰ্যালোচনাৰ মূল প্ৰকল্পসমূহৰ ভিতৰত আছিল ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত বহু প্ৰত্যাশিত ১৯.২৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ চাৰিলেনযুক্ত দলং । এই দলংখনে অসমৰ ধুবুৰীক মেঘালয়ৰ ফুলবাৰীলৈ সংযোগ কৰিব। এই দলংখন সম্পূৰ্ণ হোৱাৰ পাছত ভাৰতৰ আটাইতকৈ দীঘল দলং হিচাপে পৰিগণিত হ’ব।

জানিব পৰা মতে, ২৫,০০০ কোটি টকাৰ অভিলাষী গুৱাহাটী-শিলচৰ এক্সপ্ৰেছৱে’ৰ বিষয়েও মুখ্যমন্ত্ৰী আৰু এন এইচ আই ডি চি এলৰ মুৰব্বীগৰাকীয়ে আলোচনা কৰে । তদুপৰি প্ৰস্তাৱিত নুমলীগড়-গহপুৰ ব্ৰহ্মপুত্ৰ তলৰ সুৰংগ আৰু বাইহাটা চাৰিআলি-তেজপুৰ আৰু গহপুৰ-কুলাজানৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ কৰিডৰ সম্প্ৰসাৰণ ওপৰত দুয়োগৰাকীয়ে আলোচনা কৰে বুলি জানিব পৰা গৈছে ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব