যোৰহাটঃ অসুস্থ কিশোৰী কঢ়িয়াই নিয়া এম্বুলেন্স ৰখাই চালকক প্ৰহাৰ চিকিৎসকৰ, VIDEO

jorhat Viral video: প্ৰথম অৱস্থাত এম্বুলেন্স চালকগৰাকীৰ লগত তৰ্কা- তৰ্কি কৰে আৰু পাছত ছুৰী উলিয়াই আক্ৰমণ কৰে চিকিৎসকগৰাকীয়ে। এইগৰাকী চিকিৎসক যোৰহাট চন্দ্ৰপ্ৰভা চিকিৎসালয়ৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে।

যোৰহাটঃ অসুস্থ কিশোৰী কঢ়িয়াই নিয়া এম্বুলেন্স ৰখাই চালকক প্ৰহাৰ চিকিৎসকৰ, VIDEO

যোৰহাট

Updated On: 

22 Sep 2024 | 08:06 PM

সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’।  অসুস্থ কিশোৰীক কঢ়িয়াই নিয়া এখন এম্বুলেন্স ৰাজপথত ৰখাই এম্বুলেন্সৰ কৰ্মচাৰীক আক্ৰমণ কৰে এগৰাকী চিকিৎসকে। ৱাকিং জ’নেৰে এম্বুলেন্সখন অহাৰ বাবেই চিকিৎসকগৰাকীয়ে এই ঘটনা সংঘটিত কৰে বুলি জানিব পৰা গৈছে। চিকিৎসগৰাকীৰ নাম ডাঃ নাৰায়ণ বৰদলৈ। এই ঘটনা সংঘটিত হৈছে যোৰহাটত।

ঘটনা সন্দৰ্ভত দুটাকৈ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰে এটা ভিডিঅ’ত দেখিবলৈ পোৱা গৈছে যে এখন এম্বুলেন্সে অসুস্থ কিশোৰী এগৰাকীক কঢ়িয়াই ৱাকিং জ’নেৰে গৈ আছে। তেনে অৱস্থাতে এজনলোক আহি  এম্বুলেন্সখন ৰখাই আৰু চালকগৰাকীক শাৰীৰিকভাৱে অপদস্থ কৰে। আনকি ব্যক্তিজনে এম্বলেন্স চালকগৰাকীক ছুৰী দেখুৱাইল ভাবুকিও দিয়ে।

 

এম্বুলেন্সক বাধা দিয়া এই লোকজন চিকিৎসক নাৰায়ণ বৰদলৈ বুলি চিনাক্ত হৈছে। যোৰহাটত এই অবাঞ্চিত ঘটনা সংঘটিত হোৱাৰ পাছতেই ঠাইখিনিৰ ওচৰত থকা একাংশলোক আহি চিকিৎসকগৰাকীক বাধা দিয়াৰ চেষ্টা কৰে। প্ৰথম অৱস্থাত এম্বুলেন্স চালকগৰাকীৰ লগত তৰ্কা- তৰ্কি কৰে আৰু পাছত ছুৰী উলিয়াই আক্ৰমণ কৰে চিকিৎসকগৰাকীয়ে। এইগৰাকী চিকিৎসক যোৰহাট চন্দ্ৰপ্ৰভা চিকিৎসালয়ৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে।

কি মানসিক পৰিস্থিতিত এগৰাকী প্ৰসিদ্ধ চিকিৎসকে এনে কাণ্ড সংঘটিত কৰিলে তাক লৈ এতিয়া প্ৰশ্নৰ উত্থাপন হৈছে। জানিব পৰা মতে নাৰায়ণ বৰদলৈ বিগত কেইটামান দিন ধৰি অসুস্থ হৈ আছে। বৰ্তমান তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...