ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ কালৰূপ! মৰিগাঁৱত মৃত্যু ৩ জনৰ

এই ৰোগত আক্ৰান্ত হ'লে তীব্ৰ জ্বৰ, মূৰৰ বিষ, অজ্ঞান হৈ যোৱা আদি লক্ষণে দেখা দিয়ে। কেতিয়াবা গাৰ বিষো হ'ব পাৰে। গতিকে এনে লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি আৱশ্যক।

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ কালৰূপ! মৰিগাঁৱত মৃত্যু ৩ জনৰ

জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ

Published: 

25 Jul 2024 | 08:50 AM

ৰাজ্যত জাপানীত এনকেফেলাইটিছ ৰোগৰ কালৰূপ। এই ৰোগত আক্ৰান্ত  হোৱাৰ ফলত মৰিগাঁৱত ৩ জন লোকৰ মৃত্যু হয়। ইয়াৰোপৰি আন ১১ জনলোক বৰ্তমান চিকিৎসাধীন হৈ আছে। তেওঁলোকৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জানিব পৰা গৈছে।জাপানীজ এনকেফেলাইটিছ নিহত এজন ৰাজামণি মেধি বুলি চিনাক্ত হৈছে। ২২ বছৰীয়া মেধি এই ৰোগত আক্ৰান্ত হোৱাৰ ফলত প্ৰায় এসপ্তাহ পূৰ্বে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু বুধবাৰে মৃত্যুক সাৱতে তেওঁ। ৰাজামণিৰ ঘৰ মৰিগাঁৱৰ গীতানগৰত।

ইয়াৰ লগতে আন দুজন ইমৰানা বেগম আৰু ভৱকান্ত নাথ বুলি চিনাক্ত হৈছে। ইমৰানা বেগম নামৰ ৭ বছৰীয়া শিশুটি মৰিগাঁৱৰ গাগলামাৰি গাঁৱৰ বাসিন্দা হোৱাৰ লগতে ৬৬ বছৰীয়া ভৱকান্ত নাখ শিমলুগুৰীৰ বাসিন্দা বুলি জানিব পৰা গৈছে। ইয়াৰোপৰি মৰিগাঁৱত ৫ জন লোক মেলেৰিয়াত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে।

অসমত হোৱা বানপানীৰ ফলতেই জাপানীজ এনকেফেলাইটিছত আক্ৰান্তৰ সংখ্যা বৃদ্ধি হৈছে। আজিৰ পৰা প্ৰায় কেইদিনমান পূৰ্বেও জাপানীজ এনকেফেলাইটিছত প্ৰাণ হেৰুৱাইছিল কেইবাজনে।  অসমৰ বিভিন্ন প্ৰান্তত এতিয়া জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। সাধাৰণতে অসমত জুলাই আৰু আগষ্ট মাহত এই ৰোগৰ প্ৰাদুৰ্ভাৱ দেখা যায়। বহু লোকৰ প্ৰাণ কঢ়াৰ ফলত এতিয়া এই ৰোগক লৈ মানুহৰ মাজত শংকাই দেখা দিছে।

জাপানীজ এনকেফেলাইটিছৰ প্ৰভাৱ কমাবলৈ ইতিমধ্যে বিভাগীয় কৰ্তৃপক্ষই বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষজ্ঞৰ মতে জাপানীজ এনকেফেলাইটিছ ৰোগ গৰু বা গাহৰিৰ পৰা বিয়পে। ‘জাপানীজ এনকেফেলাইটিছ বি’ নামৰ মহে কামোৰাৰ ফলত এই ভাইৰাছ  গৰু বা গাহৰিৰ পৰা মানুহৰ শৰীৰলৈ বিয়পে। সাধাৰণতে গাহৰি এই ৰোগৰ বাহক। যদি গাহৰিক কামোৰা মহে মানুহক কামোৰে তেন্তে তীব্ৰ জ্বৰ হয়। ইয়ে এই ৰোগৰ লক্ষণ।

শিশু আৰু বৃদ্ধসকল বিশেষকৈ এই ৰোগত আক্ৰান্ত হয়। এই ৰোগত আক্ৰান্ত হ’লে তীব্ৰ জ্বৰ, মূৰৰ বিষ, অজ্ঞান হৈ যোৱা আদি লক্ষণে দেখা দিয়ে। কেতিয়াবা গাৰ বিষো হ’ব পাৰে। গতিকে এনে লক্ষণে দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি আৱশ্যক। যদি শীঘ্ৰেই চিকিৎসা কৰা নাযায় তেন্তে এই ৰোগত ৰোগীৰ অৱস্থা শোচনীয় হৈ পৰিব পাৰে। ইয়াৰ পৰা হাত সাৰিবলৈ চিকিৎসকে লেতেৰা ঠাই, গৰু, গাহৰি আদিৰ পৰা দূৰত থাকিবলৈ পৰামৰ্শ দিয়ে।  শুৱাৰ সময়ত আঠুৱা ব্যৱহাৰ কৰাতো অত্যন্ত আৱশ্যক। এই ৰোগৰ ভেকচিনো আছে। গতিকে সাৱধানতা অৱলম্বন কৰিলে এই ৰোগৰ পৰা হাতি সাৰিব পাৰি।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...