অগ্নিগৰ্ভা কাৰ্বি আংলং, হিংসাত্মক পৰিস্থিতিৰ বাবে কৰ্তন ইণ্টাৰনেট সেৱা

কাৰ্বি আংলং জিলাত বৰ্তমানৰ পৰিস্থিতি অত্যন্ত উত্তেজনাপূৰ্ণ হৈ আছে। বিশেষকৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰনি অঞ্চলত হোৱা হিংসাত্মক কাণ্ডৰ বাবে সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে।

অগ্নিগৰ্ভা কাৰ্বি আংলং, হিংসাত্মক পৰিস্থিতিৰ বাবে কৰ্তন ইণ্টাৰনেট সেৱা
Published: 

23 Dec 2025 | 10:28 PM

দ্বিতীয় দিনাও অনিয়ন্ত্ৰিত কাৰ্বি আংলঙৰ খেৰণি। পশ্চিম কাৰ্বি আংলঙৰ খেৰনি অঞ্চলত হোৱা হিংসাত্মক কাণ্ডৰ বাবে সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে। কাৰ্বি আংলঙলৈ CRPFৰ অতিৰিক্ত ৫টা কোম্পানীও নিয়োগ হৈছে।

পৰিস্থিতি অধিক অৱনতি হোৱাত বাধা দিবলৈ আৰু উৰাবাতৰি ৰোধ কৰিবলৈ ইন্টাৰণেট সেৱাও কৰ্তন কৰি দিয়া হৈছে। ২৩ ডিচেম্বৰ ২০২৫ তাৰিখৰ সন্ধিয়াৰ পৰা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত মোবাইল ইণ্টাৰনেট সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে। ইফালে সমগ্ৰ জিলাখনত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)ৰ ১৬৩ ধাৰা (পূৰ্বৰ ১৪৪ ধাৰা) জাৰি কৰা হৈছে। ৫ জন বা তাতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰাৰ লগতে সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন সদৃশ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

পুৱাৰ ভাগত পৰিস্থিতি অলপ সুস্থিৰ হৈছিল যদিও পিছলৈ পুনৰ আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় একাংশই। ইয়াৰ ফলত আঘাত প্ৰাপ্ত হৈছে বহ আৰক্ষী। আৰক্ষী সঞ্চালক প্ৰধানৰ গালৈও শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীয়ে।

এনে উত্তপ্ত পৰিস্থিতিৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত নিশাও আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙ উপস্থিত থাকে। সংবাদ মাধ্যমৰ সন্মুখত ডি জি পি হৰমিত সিঙে কয়, ‘আমাৰ ৩৮ জন আৰক্ষী আহত হৈছে। মোৰ আই পি এচ বিষয়াও আহত হৈছে। মই নিজে বাহুত দুখ পাইছো। এনেকৈ হ’লে আমি এক্সন ল’ব লাগিব।’

কাৰ্বি আংলঙৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত সংবাদমাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কয়, ‘খেৰনিৰ বিষয়টো অতি স্পৰ্শকাতৰ। সকলো সমস্যা সমাধান হ’ব। মন্ত্ৰী ৰণোজ পেগু উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে।’

উল্লেখ্য যে, খেৰনি অঞ্চলত ৬ ডিচেম্বৰৰ পৰা একাংশ লোকে আমৰণ অনশন কৰি আছিল। আৰক্ষীয়ে অনশনকাৰীসকলক বলপূৰ্বক উঠাই নিয়াৰ খবৰ বিয়পি পৰাৰ পিছতে অঞ্চলটোত এই ভয়াবহ উত্তেজনাৰ সৃষ্টি হয়।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...