অগ্নিগৰ্ভা কাৰ্বি আংলং, হিংসাত্মক পৰিস্থিতিৰ বাবে কৰ্তন ইণ্টাৰনেট সেৱা

কাৰ্বি আংলং জিলাত বৰ্তমানৰ পৰিস্থিতি অত্যন্ত উত্তেজনাপূৰ্ণ হৈ আছে। বিশেষকৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰনি অঞ্চলত হোৱা হিংসাত্মক কাণ্ডৰ বাবে সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে।

অগ্নিগৰ্ভা কাৰ্বি আংলং, হিংসাত্মক পৰিস্থিতিৰ বাবে কৰ্তন ইণ্টাৰনেট সেৱা
Published: 

23 Dec 2025 22:28 PM

দ্বিতীয় দিনাও অনিয়ন্ত্ৰিত কাৰ্বি আংলঙৰ খেৰণি। পশ্চিম কাৰ্বি আংলঙৰ খেৰনি অঞ্চলত হোৱা হিংসাত্মক কাণ্ডৰ বাবে সমগ্ৰ অঞ্চলটোত হাই এলাৰ্ট জাৰি কৰা হৈছে। কাৰ্বি আংলঙলৈ CRPFৰ অতিৰিক্ত ৫টা কোম্পানীও নিয়োগ হৈছে।

পৰিস্থিতি অধিক অৱনতি হোৱাত বাধা দিবলৈ আৰু উৰাবাতৰি ৰোধ কৰিবলৈ ইন্টাৰণেট সেৱাও কৰ্তন কৰি দিয়া হৈছে। ২৩ ডিচেম্বৰ ২০২৫ তাৰিখৰ সন্ধিয়াৰ পৰা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাত মোবাইল ইণ্টাৰনেট সেৱা অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়া হৈছে। ইফালে সমগ্ৰ জিলাখনত ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা (BNSS)ৰ ১৬৩ ধাৰা (পূৰ্বৰ ১৪৪ ধাৰা) জাৰি কৰা হৈছে। ৫ জন বা তাতকৈ অধিক লোকৰ সমাৱেশ নিষিদ্ধ কৰাৰ লগতে সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন সদৃশ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

পুৱাৰ ভাগত পৰিস্থিতি অলপ সুস্থিৰ হৈছিল যদিও পিছলৈ পুনৰ আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত হয় একাংশই। ইয়াৰ ফলত আঘাত প্ৰাপ্ত হৈছে বহ আৰক্ষী। আৰক্ষী সঞ্চালক প্ৰধানৰ গালৈও শিলগুটি নিক্ষেপ প্ৰতিবাদকাৰীয়ে।

এনে উত্তপ্ত পৰিস্থিতিৰ বাবে পশ্চিম কাৰ্বি আংলঙৰ খেৰণীত নিশাও আৰক্ষী সঞ্চালক প্ৰধান হৰমীত সিঙ উপস্থিত থাকে। সংবাদ মাধ্যমৰ সন্মুখত ডি জি পি হৰমিত সিঙে কয়, ‘আমাৰ ৩৮ জন আৰক্ষী আহত হৈছে। মোৰ আই পি এচ বিষয়াও আহত হৈছে। মই নিজে বাহুত দুখ পাইছো। এনেকৈ হ’লে আমি এক্সন ল’ব লাগিব।’

কাৰ্বি আংলঙৰ হিংসাত্মক পৰিস্থিতি সন্দৰ্ভত সংবাদমাধ্যমৰ সন্মুখত মুখ্যমন্ত্ৰীয়ে কয়, ‘খেৰনিৰ বিষয়টো অতি স্পৰ্শকাতৰ। সকলো সমস্যা সমাধান হ’ব। মন্ত্ৰী ৰণোজ পেগু উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে।’

উল্লেখ্য যে, খেৰনি অঞ্চলত ৬ ডিচেম্বৰৰ পৰা একাংশ লোকে আমৰণ অনশন কৰি আছিল। আৰক্ষীয়ে অনশনকাৰীসকলক বলপূৰ্বক উঠাই নিয়াৰ খবৰ বিয়পি পৰাৰ পিছতে অঞ্চলটোত এই ভয়াবহ উত্তেজনাৰ সৃষ্টি হয়।

 

সুখী বৈবাহিক জীৱনৰ বাবে নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইবিধ বস্তু!
বাংলাদেশত I Love You কেনেকৈ কয়? জানি হ'ব আচৰিত
মদ্যপান কৰিলে মানুহ কিয় ফুলে ? উপশম পোৱাৰ উপায় জানক...
নিয়ন্ত্ৰণত থাকিব ব্লাড চুগাৰ! খালী পেটত এইদৰে খাওক নৰসিংহৰ পাত...
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
অসমত বৰ্তমান ৪০শতাংশ বাংলাদেশী মূলৰ লোক আছেঃ মুখ্যমন্ত্ৰী
খেৰণিৰ পৰিস্থিতি অতি স্পৰ্শকাতৰঃ মুখ্যমন্ত্ৰী
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা