কৰিমগঞ্জৰ পৰা পুনৰ পাঁচ বাংলাদেশীক আটক কৰি বিতাৰিত কৰিলে অসম আৰক্ষীয়ে

কৰিমগঞ্জ জিলাৰ পৰা চাৰি গৰাকী মহিলাকে ধৰি পাঁচগৰাকী বাংলাদেশীক আটক কৰে অসম আৰক্ষীয়ে । ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে অসমৰ কৰিমগঞ্জ জিলাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে এই পাঁচগৰাকী বাংলাদেশীক আটক কৰে অসম আৰক্ষীয়ে । এই তথ্য সামাজিৰ মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

কৰিমগঞ্জৰ পৰা পুনৰ পাঁচ বাংলাদেশীক আটক কৰি বিতাৰিত কৰিলে অসম আৰক্ষীয়ে

প্ৰতীকী ফটো

Published: 

04 Sep 2024 | 03:58 PM

পুনৰ অসমৰ কৰিমগঞ্জ জিলাৰ পৰা চাৰি গৰাকী মহিলাকে ধৰি পাঁচগৰাকী বাংলাদেশীক আটক কৰে অসম আৰক্ষীয়ে । ভাৰত-বাংলাদেশ সীমান্তৰে অবৈধভাৱে অসমৰ কৰিমগঞ্জ জিলাত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰাৰ সময়তে এই পাঁচগৰাকী বাংলাদেশীক আটক কৰে অসম আৰক্ষীয়ে । এই তথ্য সামাজিৰ মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

পুনৰ বিতাৰিত কৰা হ’ল

সূত্ৰ খবৰ অনুসৰি, তেওঁলোকৰ পৰিচয় পত্ৰ পৰীক্ষাৰ কৰাৰ পাছতে পুনৰ বাংলাদেশলৈ বিতাৰিত কৰা হয় । সামাজিক মাধ্যম এক্স হেণ্ডেলৰ জৰিয়তে মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, অসম আৰক্ষীৰ জোৱান সকলে ভাৰত-বাংলাদেশ সীমান্তত অহৰহ সতৰ্কতা বজাই ৰাখিছে । ইয়াৰ লগতে অবৈধ বাংলাদেশীৰ অনুপ্ৰৱেশৰ প্ৰচেষ্টাক বিফল কৰিবলৈ সক্ষম হৈছে দাবী কৰে মুখ্যমন্ত্ৰী শৰ্মাই ।

মুখ্যমন্ত্ৰী গৰাকীয়ে ইয়াৰ লগতে উল্লেখ কৰে যে, অবৈভাৱে অসমত প্ৰৱেশ কৰিবলৈ চেষ্টা বাংলাদেশী নাগৰিক কেইজনৰ নাম হৈছে-আফ্ৰজা জাহিৰুল চৰ্দাৰ, টুম্পা, ৰিডয়, আখী আৰু লখিপুৰ আখতাৰ।

লগতে পঢ়ক : কৰিমগঞ্জ ছেক্টৰে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰা চাৰি বাংলাদেশীক চিনাক্ত

অধিক সতৰ্কতা অৱলম্বন কৰা হৈছে সীমান্তত

উল্লেখ্য যে, শেহতীয়াকৈ বাংলাদেশত সৃষ্টি হোৱা অস্থিৰতাৰ পৰিপ্ৰেক্ষিতত উত্তৰ-পূৰ্বাঞ্চলৰ ১৮৮৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ ভাৰত-বাংলাদেশ সীমান্তত বি এছ এফে সতৰ্কতা তীব্ৰতৰ কৰি তুলিছে। কোনো কাৰণত যাতে বাংলাদেশীৰ অনুপ্ৰৱেশ নহয় তাৰ বাবে সীমান্তত তীক্ষ্ণ নজৰ ৰাখিছে বিএছএফৰ জোৱান সকলে । ইয়াৰ সমান্তৰালভাৱে বাংলাদেশৰ কোনো লোকে যাতে অবৈধভাৱে ৰাজ্যখনত প্ৰৱেশ কৰিব নোৱাৰে আৰু তেওঁলোক বাধা দিবৰ বাবে সীমান্তত সষ্টম হৈ আছে অসম আৰক্ষী ।

লগতে পঢ়ক : পুনৰ অবৈধভাৱে ভাৰতত প্ৰৱেশৰ চেষ্টা তিনি বাংলাদেশীৰ, চিনাক্ত কৰি বিতাৰিত কৰিলে কৰিমগঞ্জ আৰক্ষীয়ে

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...