ডিজিটেল-ঔদ্যোগিক খণ্ডত যুগান্তকাৰী পদক্ষেপঃ দেশৰ প্ৰথমটো 5G কেপ্টিভ নন-পাব্লিক নেটৱৰ্ক স্থাপন হ’ব অসমত
বি এছ এন এল আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ এই বুজাবুজি চুক্তিখন কেৱল অসমৰ বাবেহে যে এক মাইলষ্ট’ন হিচাপে বিবেচিত হৈছে, তেনে নহয়। দেশৰ উচ্চ প্ৰযুক্তিৰ উদ্যোগীকৰণৰ দিশত এক কৌশলগত পদক্ষেপ হিচাপেও পৰিগণিত হৈছে।

দেশৰ প্ৰথমটো 5G কেপ্টিভ নেটৱৰ্ক অসমত
ৰাজ্যৰ ডিজিটেল আৰু ঔদ্যোগিক খণ্ডত আজি সংযোজিত হৈছে এক যুগান্তকাৰী পদক্ষেপ। ডিজিটেল আৰু ঔদ্যোগিক খণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত বৃহৎ পদক্ষেপ হিচাপে আজি বি এছ এন এল আৰু নুমলীগড় শোধনাগাৰ লিমিটেডে শোধনাগাৰ খণ্ডত ভাৰতৰ প্ৰথমটো 5G কেপ্টিভ নন-পাব্লিক নেটৱৰ্ক স্থাপনৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজা এক্স হেণ্ডেল যোগে ৰাজ্যবাসীৰ আগত এই গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ কৰিছে।
বি এছ এন এল আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ এই বুজাবুজি চুক্তিখন কেৱল অসমৰ বাবেহে যে এক মাইলষ্ট’ন হিচাপে বিবেচিত হৈছে, তেনে নহয়। দেশৰ উচ্চ প্ৰযুক্তিৰ উদ্যোগীকৰণৰ দিশত এক কৌশলগত পদক্ষেপ হিচাপেও পৰিগণিত হৈছে।
আজি বি এছ এন এল আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ বিষয়াসকলে এই পদক্ষেপৰ আগন্তুক সফলতাক লৈ আশা প্ৰকাশ কৰিছে। এই 5G কেপ্টিভ নন-পাব্লিক নেটৱৰ্ক দেশজুৰি অন্যান্য উদ্যোগৰ বাবে এক আৰ্হি হিচাপে পৰগণিত হ’ব বুলিও আশা প্ৰকাশ কৰিছে বিষয়াসকলে।
এই পদক্ষেপে অসমক ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিৰ বিকাশৰ ক্ষেত্ৰত বিশেষকৈ শোধনাগাৰ আৰু শক্তি খণ্ডত আগস্থান প্ৰদান কৰিছে। সমান্তৰালকৈ এই পদক্ষেপ চৰকাৰৰ আত্মনিৰ্ভৰশীল আৰু ডিজিটেলভাৱে সৱল ভাৰতৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰি তুলিছে।
বি এছ এন এল আৰু নুমলীগড় শোধনাগাৰ লিমিটেডৰ এই বুজাবুজিৰ চুক্তিক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ বাবে এক গৌৰৱৰ মুহূৰ্ত বুলি অভিহিত কৰে। তেওঁ লগতে দেশৰ এই প্ৰথমটো 5G কেপ্টিভ নন-পাব্লিক নেটৱৰ্ক স্থাপনৰ পদক্ষেপক ‘ডিজিটেল আছাম’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ৰ ক্ষেত্ৰত এক বৃহৎ জাঁপ আখ্যা দিয়ে।
Proud moment for Assam! 💡@BSNLCorporate & @NRL_MoPNG have signed an MoU to set up India’s 1st 5G Captive Non-Public Network in the refinery sector.
A big leap for #DigitalAssam & #AtmanirbharBharat-ushering IoT, AR/VR, Big Data into our industrial future! 🚀🇮🇳 pic.twitter.com/RHMPDMc2Yw
— Himanta Biswa Sarma (@himantabiswa) August 4, 2025
এই 5G কেপ্টিভ নন-পাব্লিক নেটৱৰ্কে এন আৰ এলত ঔদ্যোগিক কাৰ্যকলাপ যথেষ্ট বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ সহায়ত দ্ৰুত ডাটা প্ৰচেছিং, ৰিয়েল-টাইম মনিটৰিং, অটোমেচন, আৰু ইণ্টাৰনেট অৱ থিংছ (IoT), অগমেণ্টেড ৰিয়েলিটি/ভাৰ্চুৱেল ৰিয়েলিটি (AR/VR), আৰু বিগ ডাটা বিশ্লেষণৰ দৰে অত্যাধুনিক প্ৰযুক্তিৰ সংহতি সম্ভৱ হ’ব।