উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ ষড়যন্ত্ৰ ! বাংলাদেশক সকীয়নি মুখ্যমন্ত্ৰী শৰ্মাৰ…
কোৱা হৈছে উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি বাংলাদেশৰ লগত সংযোগ কৰিব। মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতে নিজৰ ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এনে বাক্যবাণ বাৰে বাৰে সহ্য কৰি থাকিব নোৱাৰে।

বাংলাদেশৰ পৰা ভাৰত বিৰোধী কিছুমান কথা-বতৰা শুনিবলৈ পোৱা গৈছে। এনে বাক্যবাণত বিশেষকৈ উত্তৰ-পূবক লক্ষ্য কৰি লোৱা হৈছে বুলি চৰ্চা চলিছে। কোৱা হৈছে উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰি বাংলাদেশৰ লগত সংযোগ কৰিব। যাক লৈ উদ্বেগ প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এনে নেৰেটিভছক বিপদজনক আৰু গ্ৰহণযোগ্য নহয় বুলি অভিহিত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ভাৰতে নিজৰ ভূখণ্ডৰ অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এনে বাক্যবাণ বাৰে বাৰে সহ্য কৰি থাকিব নোৱাৰে।
সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী শৰ্মাই দাবী কৰে যে, এবছৰৰো অধিক সময় বাংলাদেশৰ একাংশই উত্তৰ-পূবক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ কথা-বতৰাত লিপ্ত হৈছে। তেওঁ দৃঢ়তাৰে কয় যে, এনে ধাৰণাই ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি প্ৰত্যক্ষ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে আৰু এনে কথা-বতৰা অব্যাহত থাকিলে নতুন দিল্লীয়ে দৃঢ় সঁহাৰি দিব বুলি সকীয়াই দিয়ে মুখ্যমন্ত্ৰী শৰ্মাই।
ভাৰতৰ কৌশলগত শক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, দেশখন এখন পাৰমাণৱিক শক্তি আৰু বিশ্বৰ চতুৰ্থ বৃহত্তম অৰ্থনীতি আৰু শত্ৰুতাপূৰ্ণ নেৰেটিভছে ভয় খুৱাব নোৱাৰে। তেওঁ কয় যে, ভাৰত বিৰোধী আৱেগ অব্যাহত থাকিলে ভাৰতে বাংলাদেশক আগবঢ়োৱা সমৰ্থন পুনৰ বিবেচনা কৰিব লাগে।
“এনে আচৰণ অব্যাহত থাকিলে ভাৰত মৌন হৈ নাথাকিব। উত্তৰ-পূবক ভাৰতৰ পৰা পৃথক কৰাৰ কথা বাৰে বাৰে কোৱাটো গ্ৰহণযোগ্য নহয় আৰু ইয়াৰ সৈতে নিৰ্ণায়কভাৱে মোকাবিলা কৰিব লাগিব।”-শৰ্মাই কয়।
বাংলাদেশৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাৰত বিৰোধী কন্টেন্ট প্ৰচাৰ হোৱাৰ খবৰৰ মাজতে এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। ২০২৫ চনৰ অক্টোবৰ মাহত বাংলাদেশৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছ আৰু পাকিস্তানৰ শীৰ্ষ সামৰিক নেতৃত্বৰ মাজত হোৱা বৈঠকৰ সময়ত ভাৰতৰ উত্তৰ-পূবৰ বিকৃত মানচিত্ৰ দেখুওৱাৰ অভিযোগ উত্থাপন হোৱাৰ পিছতে উত্তেজনা বৃদ্ধি পায়।
এয়াই প্ৰথম নহয়। যোৱা বছৰ বাংলাদেশৰ জ্যেষ্ঠ নেতা মাহফুজ আলমে অসম, ত্ৰিপুৰা আৰু পশ্চিম বংগৰ কিছু অংশক বাংলাদেশৰ ভূখণ্ড বুলি ভুলকৈ চিত্ৰিত কৰাত ভাৰতে তীব্ৰ আপত্তি কৰিছিল। পিছত এই পোষ্টটো ডিলিট কৰা হয় আৰু নতুন দিল্লীয়ে ৰাজহুৱা যোগাযোগৰ ক্ষেত্ৰত দায়িত্বশীল আচৰণৰ আহ্বান জনাইছিল।