Heavy Rain Alert : কাইলৈ মহালয়া, ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ…

Heavy Rain Alert : দুৰ্গা দেৱী ধৰালৈ নমাৰ পূৰ্বেই বৰষুণৰ আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, আগন্তুক ৫ দিনত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ।

Heavy Rain Alert : কাইলৈ মহালয়া, ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণৰ আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ...

ধাৰাসাৰ বৰষুণৰ আগজাননী

Published: 

01 Oct 2024 20:42 PM

কাইলৈ মহালয়া । দুৰ্গা দেৱী ধৰালৈ নমাৰ পূৰ্বেই বৰষুণৰ আগজাননী দিছে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, আগন্তুক ৫ দিনত ৰাজ্যৰ কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে । বৰষুণ হোৱাৰ সম্ভাৱনা থকা জিলাৰ সমূহৰ বাবে য়েল্ল’ আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ধুবুৰী, গোৱালপাৰা, বৰপেটা, বঙাইগাওঁ, নলবাৰী, কামৰূপ গ্ৰাম্য, কামৰূপ মহানগৰ, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, মাজুলী, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত ১ অক্টোবৰৰ বাবে য়েল্ল’এলাৰ্ট জাৰি কৰা হৈছে ।

আকৌ ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ, বৰপেটা, বঙাইগাওঁ, নলবাৰী, নগাওঁ, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, ধেমাজি, যোৰহাট, ডিব্ৰুগড়, তিনিচুিকীয়া, ডিমা হাচাও, হাইলাকান্দি জিলাত ২ অক্টোবৰৰ বাবে য়েল্ল’ এলাৰ্ট জাৰি কৰা হৈছে। এই দিনটোতে কৰিমগঞ্জ আৰু কাছাৰ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

ইফালে দক্ষিণ শালমাৰা, গোৱালপাৰা, বৰপেটা, বঙাইগাওঁ, নলবাৰী, মৰিগাওঁ, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ, হাইলাকন্দি, কৰিমগঞ্জ জিলাত ৩ অক্টোবৰৰ বাবে য়েল্ল’ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। একেদৰে ৩ অক্টোবৰৰ বাবে শোণিতপুৰ, নগাওঁ, চিৰাং, কোকৰাঝাৰ আৰু ধুবুৰী জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই ।

সমান্তৰালভাৱে ধুবুৰী, দক্ষিণ শালমাৰা মানকাচৰ, গোৱালপাৰা, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, বঙাইগাওঁ, বজালী, নগাওঁ, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, বিশ্বনাথ, লখিমপুৰ, ধেমাজি, যোৰহাট, ডিব্ৰুগড়, তিনিচুকীয়া, ডিমা হাচাও, কাছাৰ জিলাত ৪ অক্টোবৰৰ বাবে য়েল্ল’ এলাৰ্ট কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। সেইদৰে ৫ অক্টোবৰৰ বাবে কোকৰাঝাৰ, বঙাইগাওঁ, গোলাঘাট, বিশ্বনাথ, লখিমপুৰ, ধেমাজি জিলাত জাৰি কৰা হৈছে য়েল্ল’ এলাৰ্ট।

Related Stories
প্ৰধানমন্ত্ৰীৰ উত্তৰ-পূব ভ্ৰমণৰ পৰা কংগ্ৰেছৰ সমালোচনালৈ…পঢ়ক দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ
প্ৰধানমন্ত্ৰী মোদীৰ এই সন্মান কেতিয়াও নাপাহৰে অসমবাসীয়ে, ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত কি ক’লে মুখ্যমন্ত্ৰীয়ে?
ভূপেন হাজৰিকাৰ গীতে ভাৰতক একত্ৰিত কৰিছে: খানাপাৰাত প্ৰধানমন্ত্ৰীয়ে আৰু কি কি ক’লে?
থাকিব একাধিক নাগৰিককেন্দ্ৰিক কাৰ্যসূচী ! “সেৱা সপ্তাহ”ৰ প্ৰস্তুতি পৰ্যালোচনা মুখ্যমন্ত্ৰীৰ
দুদিনীয়া ভ্ৰমণসূচীৰে অসমত প্ৰধানমন্ত্ৰী মোদী, সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানৰ বাবে খানাপাৰাত উপস্থিত…
ভূপেন হাজৰিকাৰ জীৱন ভিত্তিক গ্ৰন্থখন আজিৰ প্ৰজন্মৰ বাবে প্ৰাসংগিক: অনুৰাধা শৰ্মা পূজাৰী
পুৱাৰ এইকেইটা অভ্যাসে জীৱনত সফল হোৱাত সহায় কৰে, জানক...
এয়া এক স্বাভাৱিক প্ৰবৃত্তি, কোনসকল পুৰুষৰ প্ৰতি মহিলাসকল বেছি আকৰ্ষিত হয় জানেনে?
কেতিয়াও আওকাণ নকৰিব ! বৃক্কই সঠিকভাৱে কাম নকৰিলে শৰীৰত এইবোৰ লক্ষণ দেখা যায়
কৃষ্ণৰ জন্মাষ্টমীত শুভ সংযোগ, এই ৩ ৰাশিৰ ফুলিব কপাল!