পুনৰ ১৫ বাংলাদেশীক ‘পুচ বেক’, কঠোৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ…

পুনৰ ১৫ বাংলাদেশী নাগৰিকক পুচ বেক কৰিছে অসম আৰক্ষীয়ে। অসমৰ সীমান্তৰে ১৫ বাংলাদেশীক পুনৰ পুচ বেক কৰাৰ তথ্য শ্বেয়াৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

পুনৰ ১৫ বাংলাদেশীক পুচ বেক, কঠোৰ সকীয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ...
Published: 

25 Jan 2026 | 04:32 PM

বাংলাদেশীৰ অনুপ্ৰেৱশৰ শংকা আজিও দূৰ হোৱা! অসম আৰক্ষীয়ে প্ৰায় প্ৰতিদিনে বাংলাদেশী অনুপ্ৰৱেশকাৰীক ‘পুচ বেক’ কৰি আহিছে যদিও প্ৰত্যেক দিনে সীমান্তৰে অনুপ্ৰৱেশ চেষ্টা অব্যাহত ৰাখিছে বাংলাদেশীয়ে। শেহতীয়াকৈ পুনৰ ১৫ বাংলাদেশী নাগৰিকক পুচ বেক কৰিছে অসম আৰক্ষীয়ে। অসমৰ সীমান্তৰে ১৫ বাংলাদেশীক পুনৰ পুচ বেক কৰাৰ তথ্য শ্বেয়াৰ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ সামন্তৰালভাৱে মুখ্যমন্ত্ৰী শৰ্মাই স্পষ্ট কৰি দিয়ে যে,ৰাজ্য চৰকাৰে অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি যাব। তেওঁ কয়, “আমি কোনো পৰিস্থিতিতেই অসমত অবৈধ বাংলাদেশীক আশ্ৰয় দিব নোৱাৰোঁ৷ এয়া আমাৰ দৃঢ় সংকল্প৷”

তেওঁ কয়,”অচিনাকি অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত আছে৷ যোৱা ৰাতিও আমি অসমত সমস্যাৰ সৃষ্টি কৰা ১৫জন অনুপ্ৰৱেশকাৰীক চিনাক্ত কৰি অসমৰ পৰা ওভতাই পঠিয়ালোঁ৷ আমি কোনো পৰিস্থিতিতেই অসমত অবৈধ বাংলাদেশীক আশ্ৰয় দিব নোৱাৰোঁ৷ এয়া আমাৰ দৃঢ় সংকল্প৷”

উল্লেখ্য যে, এই ১৫ গৰাকীকৈ বাংলাদেশী নাগৰিকক কোন জিলাৰ পৰা উভতাই পঠিওৱা হ’ল সেই কথা উল্লেখ কৰা নাই মুখ্যমন্ত্ৰীয়ে। বাংলাদেশত ৰাজনৈতিক অস্থিৰতা সৃষ্টি হোৱাে পৰা অসম আৰক্ষীৰ লগতে সীমান্ত সুৰক্ষা বাহিনীয়ে সীমান্তত অনুপ্ৰৱেশ ৰোধ কৰাৰ বাবে অধিক সতৰ্কতা অৱলম্বন কৰি আহিছে।

বাংলাদেশত অস্থিৰতা সৃষ্টি হোৱাৰ বাবে সীমান্তৰে অনুপ্ৰৱেশৰ চেষ্টা কৰা অনুপ্ৰৱেশকাৰীক প্ৰায়ে উভতাই পঠিয়াইছে ৰাজ্য আৰক্ষীয়ে। এই তথ্য সামাজিক মাধ্যমৰ জৰিয়তে শ্বেয়াৰ কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে তেওঁ এই কথাও স্পষ্ট কৰি আহিছে যে, ৰাজ্যই কেতিয়াও কোনো কাৰণত অনুপ্ৰৱেশ সহ্য নকৰে। তদুপৰি অবৈধ বাংলাদেশী বিষয়টো অসমৰ বাবে এক স্পৰ্শকাতৰ বিষয়, যিটোক লৈ প্ৰায়ে ৰাজ্যৰ ৰাজনীতিত বিতৰ্ক সৃষ্টি হৈ আহিছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...